যুৱ আঞ্জুমান

যুৱ আঞ্জুমান স্বেচ্ছাসেৱী সংগঠন

24/08/2023

কেনেকৈ চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰিলে চন্দ্ৰযান ৩ য়ে! চাওক সম্পূৰ্ণ প্ৰক্ৰিয়া।

ইলন মাস্ক Elon Mask ক চিনি পায় নে বাৰু? Tesla, SpaceX, Twitter আদিৰ বাবে তেখেত বিখ্যাত। মানে তেখেত সেইবোৰৰ মালিক। তেখেত ...
31/05/2023

ইলন মাস্ক Elon Mask ক চিনি পায় নে বাৰু? Tesla, SpaceX, Twitter আদিৰ বাবে তেখেত বিখ্যাত। মানে তেখেত সেইবোৰৰ মালিক। তেখেত StarLink নামৰ এলানি কৃত্ৰিম উপগ্ৰহৰো মালিক। তেখেতে জন্ম দিয়া SpaceX সংস্থাটোৱে উপগ্ৰহৰ দ্বাৰা অতি উচ্চ মানৰ দ্ৰুত ইন্টাৰনেট সেৱা বিশ্বত আগবঢ়োৱাৰ বাবে চেষ্টা চলায় আছে। বৰ্তমান বিশ্বত ৫৪ খন দেশৰ ১•৫ মিলিয়ন গ্ৰাহকে এই সেৱা লাভ কৰি আছে। সেই উদ্দেশ্যেই ২০১৯ চনৰ পৰা তেওঁলোকে লানি লানি কৈ কৃত্ৰিম উপগ্ৰহ তৈয়াৰ কৰি মহাকাশৰ কক্ষপথত সংস্থাপন কৰি আছে (Low earth orbit - LEO) । এনে উপগ্ৰহ প্ৰায় ৪০০০ টা (চাৰি হাজাৰ) টা আকাশত উৰি আছে। অনাগত সময়ত এই উপগ্ৰহ সমূহে মোবাইল ফোনৰ নেটৱৰ্কৰ বাবেও কাম কৰিব। এই সমূহৰ উজ্জ্বলতা বহুত বেছি বাবে, মাজতে তেওঁলোকে উজ্জ্বলতা কমাইছিল। আপোনালোকে তাৰে কেইটামান একে লগে দেখিছিল। এইবোৰ এনেকৈয়ে লানি লানি কৈ মুকুতাৰ মালাৰ দৰে দেখা যায়।

সংগৃহীত

ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এদিন নেলছন মেণ্ডেলাই এজন সহকৰ্মীৰ আগত চহৰ ফুৰাৰ ইচ্ছা প্ৰকাশ কৰিলে কাৰণ ২৭ ...
30/05/2023

ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পিছত এদিন নেলছন মেণ্ডেলাই এজন সহকৰ্মীৰ আগত চহৰ ফুৰাৰ ইচ্ছা প্ৰকাশ কৰিলে কাৰণ ২৭ বছৰীয়া বন্দীত্বৰ সময়ছোৱাত মেণ্ডেলাৰ বহু দিন নিজৰ চহৰখন নিজ চকুৰে চোৱাৰ সৌভাগ্য হোৱা নাছিল। ৰাষ্ট্ৰপতিৰ ইচ্ছাৰ কথা শুনি সহকৰ্মী সকলে আৰু পলম নকৰিলে আৰু কিছু সময় পিছতে চহৰখনৰ অলিয়ে গলিয়ে মেণ্ডেলাৰ গাড়ী ঘূৰি ফুৰিবলৈ ধৰিলে।

এনে সময়তে মেণ্ডেলাৰ খুব ভোক লাগিল আৰু ৰাস্তাৰ কাষত কোনো হোটেল বা ৰেষ্টোৰেণ্ট পালে ড্ৰাইভাৰক গাড়ী ৰখোৱাৰ নিৰ্দেশ দিলে। এই কথা শুনি মেণ্ডেলাৰ সহকৰ্মী সকল অবাক হৈ পৰিল আৰু মেণ্ডেলাই কথাটো বুজিব পাৰি কৈ উঠিল-ভোক লাগিছে যেতিয়া খালেই হ’ল, কাৰাগাৰৰ অত বছৰে ইমান নিম্ন মানদণ্ডৰ খাদ্য খাব পাৰিছিলো যেতিয়া সহজে নমৰো।
কথা মতেই কাম – চহৰখনৰ এখন সৰু ৰেষ্টোৰেণ্টৰ এখন টেবুলত মেণ্ডেলা সহকৰ্মী সহিতে খাবলৈ বহিল।

এনেতে তেঁও দেখিলে যে আন এখন টেবুলত এজন অতি বয়সস্থ লোক বহি আছে। মেণ্ডেলাই ৰেষ্টোৰেণ্টৰ ৱেটাৰ জনক মাতি বৃদ্ধ ব্যক্তিজনৰ বাবে এখন চকী নিজৰ কাষতে পাৰি দিবলৈ কলে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত একেখন টেবুলত বহি খাবলৈ কবলৈ কলে। চকীখন দিয়াৰ পাছত ৱেটাৰ জনে বৃদ্ধ ব্যক্তিজনক মেণ্ডেলাৰ লগত বহিবলৈ অনুৰোধ জনালে আৰু অৱশেষত ব্যক্তিজন আহি মেণ্ডেলাৰ কাষতে বহিল।

সকলো তেতিয়া খোৱাৰ মাজে মাজে কথা পতাত মগ্ন। কিন্তু মেণ্ডেলাৰ কাষত বহা বৃদ্ধ লোকজনে একো খাব পৰা নাই। তেঁওৰ হাত কপিবলৈ ধৰিছে, চামুচেৰে কিবা লবলৈ চেষ্টা কৰিলেও যেন প্লেটত পৰি যায় । এই দৃশ্য দেখি মেণ্ডেলাৰ সহকৰ্মী এজনে কলে আপুনি নিশ্চয় অসুস্থ। কিন্তু মানুহজনে একো উত্তৰ নিদিলে। মেণ্ডেলাই নিজহাতে তেঁওক খুৱাই দিলে আৰু ৱেটাৰ জনক কলে যে বৃদ্ধ ব্যক্তি গৰাকীৰ বিল তেঁও পৰিশোধ কৰিব। তেনে সময়তে খোৱা শেষ কৰি বৃদ্ধ ব্যক্তিজন যাবলৈ ওলাল। কিন্তু আচৰিত ধৰণে ব্যক্তিজনে ভালদৰে লৰচৰ কৰিবলৈও সক্ষম নাছিল ব্যক্তিজন। বৃদ্ধ গৰাকীৰ শৰীৰৰ কঁপনি বাঢ়ি গৈছিল। মেণ্ডেলাই নিজহাতে তেঁওক চকীৰ পৰা উঠাত সহায় কৰিলে আৰু সহকৰ্মী এজনক বৃদ্ধ গৰাকীক দৰ্জাৰ কাষলৈ থৈ আহিবলৈ ক’লে। এজন সহকৰ্মীয়ে ব্যক্তিজন যোৱাৰ পাছত মেণ্ডেলাক সুধিলে – ইমান অসুস্থ শৰীৰেৰে তেওঁ ঘৰলৈ যাব পাৰিবনে?

তেতিয়া নেলছন মেণ্ডেলাই কলে-বৃদ্ধ ব্যক্তিজন আচলতে অসুস্থ নহয়। মই কাৰাগাৰৰ যিটো চেলত বন্দী হৈ আছিলো তেঁও আছিল তাৰ গাৰ্ড। মোক কাৰাগাৰত যেতিয়া প্ৰহাৰ কৰা হৈছিল তেতিয়া ভাগৰত মই যিমান বাৰ পানী পানী বুলি চিঞৰিছিলো, সিমানবাৰেই এই ব্যক্তিজনে মোৰ শৰীৰত প্ৰস্বাৱ কৰি দিছিল। আজি মই দেশৰ ৰাষ্ট্ৰপতি। সকলো নাগৰিকতকৈ ক্ষমতাশালী ব্যক্তি হোৱা স্বত্বেও মই তেঁওক নিজৰ টেবুলত খাবলৈ আমন্ত্ৰণ জনাইছো আৰু সেই পুৰণি দিনৰ কথা মনত পৰি তেঁও এতিয়া খুব ভয় খাইছে। কিন্তু ক্ষমতাশালী হ’লেই কোনো ক্ষমতাহীন ব্যক্তিক শাস্তি দিয়াটো মোৰ আদৰ্শৰ পৰিপন্থী। এয়া মোৰ নৈতিকতাৰ বাহিৰত।

ঘৃণাক ভালপোৱালৈ সলনি কৰিব পাৰি। তেঁও মোৰ মুখত প্ৰস্বাৱ কৰিছিল আৰু মই তেঁওৰ মুখত খাদ্য তুলি দিছো। মই যেনেকৈ আপোনালোকৰ ৰাষ্ট্ৰপতি, ঠিক একেদৰে তেঁওৰো ৰাষ্ট্ৰপতি, গতিকে সকলো নাগৰিকক সন্মান কৰাটো মোৰ কৰ্তব্য । মনত ৰাখিবা প্ৰতিশোধ লোৱাৰ মানসিকতাই এখন নিৰ্মীয়মান ৰাষ্ট্ৰ ধ্বংস কৰিব পাৰে আৰু সহনশীলতাৰ মানসিকতাই এখন ধ্বংসমুখী ৰাষ্ট্ৰক উদ্ধাৰ কৰিব পাৰে।

এয়াই নেলছন মেণ্ডেলাৰ সৰলতা আৰু ব্যক্তিত্ব। মানুহক কেতিয়াও ঘৃণা কৰিবলৈ শিকা নাছিল মেণ্ডেলাই। হয়তো সেইবাবেই বিশ্বৰ চুকে-কোণে আজিও বাজি উঠে জিন্দাবাদ মেণ্ডেলা।

#সংগ্ৰহ

20/05/2023

মোৱাজ্জীনৰ আৱশ্যক

তিতাবৰ বুঢ়া মছজিদত এজন মোৱাজ্জীনৰ বাবে অবিভক্ত শিৱসাগৰ জিলা অন্তৰ্গত ১৮ ৰ পৰা ২৫ বছৰ বয়সৰ অৰ্হতা সম্পন্ন প্ৰাৰ্থীৰ আৱশ্যক। প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা কমেও আৰবী পাঞ্জোম উত্তীর্ণ হব লাগিব।
সাক্ষ্যগ্রহণৰ তাৰিখ- ২৭/৫/২০২৩ পুৱা ১০ বজাৰ পৰা।
স্থান- বুঢ়া মছজিদ, তিতাবৰ

অধিক জানিবলৈ তলৰ নম্বৰত যোগাযোগ কৰক- 7002336400
9101580229

https://youtu.be/ubNTbq5SY9MInvitation to Teams from all districts of Assam to the 4th Edition of Titabar Day Night Cric...
30/01/2023

https://youtu.be/ubNTbq5SY9M

Invitation to Teams from all districts of Assam to the 4th Edition of Titabar Day Night Cricket Tournament 2023..Total Prize Money worth 1,11,111.

Details inside.

তিতাবৰ তিনি আলি যুৱ সমাজৰ উদ্যোগত আৰু যুৱ আঞ্জুমানৰ সহযোগত প্ৰতি বছৰে অনুষ্ঠিত কৰা দৰে এই বাৰু চতুৰ্থ বাৰ্ষিক প্ৰাইজমণি ...
13/01/2023

তিতাবৰ তিনি আলি যুৱ সমাজৰ উদ্যোগত আৰু যুৱ আঞ্জুমানৰ সহযোগত প্ৰতি বছৰে অনুষ্ঠিত কৰা দৰে এই বাৰু চতুৰ্থ বাৰ্ষিক প্ৰাইজমণি দিবা নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে।।

যোগদানৰ মাচুল:-2500 টকা

স্থান:-মিহিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়

তাৰিখ:-২৯,৩০,৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰী।

প্ৰাইজমণি:-1,11,111/-

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳
15/08/2022

🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳🇮🇳

31/07/2022

Congratulates Chanu Saikhom Mirabai for clinching India's first Gold Medal at the Commonwealth Games 2022! 💐💐💐

21/07/2022
10/06/2022

This is the Most Extreme Prince in the world.

Address

Titabar
785630

Telephone

+919854675751

Website

Alerts

Be the first to know and let us send you an email when যুৱ আঞ্জুমান posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to যুৱ আঞ্জুমান:

Share

Category