সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ,অসম তিনিচুকীয়া জিলা সমিতি

  • Home
  • India
  • Tinsukia
  • সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ,অসম তিনিচুকীয়া জিলা সমিতি

সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ,অসম তিনিচুকীয়া জিলা সমিতি �অসম আৰু অসমীয়া জাতিৰ স্বাৰ্থত আপোচবিহিন সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ কন্ঠ �

সকলো ৰাইজৰ‌ সহায় সহযোগিতা কামনা কৰিলোঁ।
26/06/2026

সকলো ৰাইজৰ‌ সহায় সহযোগিতা কামনা কৰিলোঁ।

🙏শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।🙏
20/06/2026

🙏শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।🙏

চাবুৱা মৰিচা গাঁৱৰ নিবাসী তথা চাবুৱা থানাত কৰ্মৰত কৰ্তব্যনিষ্ঠ আৰক্ষী কনিষ্টবল প্ৰণৱ দাসৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীক...
10/06/2026

চাবুৱা মৰিচা গাঁৱৰ নিবাসী তথা চাবুৱা থানাত কৰ্মৰত কৰ্তব্যনিষ্ঠ আৰক্ষী কনিষ্টবল প্ৰণৱ দাসৰ মৃত্যুৰ ঘটনাই সমগ্ৰ অঞ্চলবাসীক মৰ্মাহত কৰি তুলিছে। কালি নিশা নাকা চেকিঙৰ সময়ত নিজৰ চৰকাৰী দায়িত্ব পালন কৰি থাকোঁতে এজন বেপৰোৱা আৰু উদণ্ড বাইক আৰোহীক ৰখাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁক মহতিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে। এই ঘটনাৰ ফলত এজন কৰ্তব্যৰত আৰক্ষী জোৱানে জীৱন হেৰুৱাব লগা হ'ল।
আইনক অমান্য কৰি ৰাজপথত মৃত্যুৰ খেল খেলি ফুৰা এনে উদণ্ড বাহন চালকসকল সমাজৰ বাবে এক ডাঙৰ বিপদ। এনে ঘটনাক কোনোপধ্যেই সাধাৰণ দুৰ্ঘটনা বুলি এৰাই যাব নোৱাৰি। কৰ্তব্যৰত আৰক্ষীৰ ওপৰত হোৱা এই আঘাত সমগ্ৰ আইন-শৃংখলা ব্যৱস্থাৰ ওপৰত হোৱা আঘাত।
আমি প্ৰশাসনক দাবী জনাইছোঁ যে এই ঘটনাৰ লগত জড়িত দোষীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ আইনগত ব্যৱস্থা গ্ৰহণ কৰা হওক। লগতে ৰাজ্যজুৰি বেপৰোৱা গতি, ষ্টাণ্টবাজি আৰু আইন উলংঘা কৰা বাইক আৰোহীসকলৰ বিৰুদ্ধে বিশেষ অভিযান চলাই কঠোৰ শাস্তিৰ ব্যৱস্থা নিশ্চিত কৰা হওক।
প্ৰয়াত প্ৰণৱ দাসলৈ আমাৰ গভীৰ শ্ৰদ্ধাঞ্জলি আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছোঁ। তেওঁৰ আত্মত্যাগ সদায় স্মৰণীয় হৈ থাকিব।
ন্যায় বিচাৰ লাগিবই। দোষীক কঠোৰ শাস্তি দিবই লাগিব। প্ৰণৱ দাসৰ আত্মবলিদান বৃথা যাবলৈ দিয়া নহ'ব।

‘মা’ — এই সৰু শব্দটোৰ মাজতেই লুকাই থাকে এখন পৃথিৱী, এক অসীম মমতা, এক নিৰাপদ আশ্ৰয়।প্ৰতিজন পুত্ৰ বা কন্যা সন্তানৰ জীৱনত ম...
03/06/2026

‘মা’ — এই সৰু শব্দটোৰ মাজতেই লুকাই থাকে এখন পৃথিৱী, এক অসীম মমতা, এক নিৰাপদ আশ্ৰয়।
প্ৰতিজন পুত্ৰ বা কন্যা সন্তানৰ জীৱনত মাৰ স্থান কোনোদিনে আন কোনোৱে পূৰণ কৰিব নোৱাৰে। মাৰ স্নেহ, আশীৰ্বাদ আৰু মৰমেই সন্তানৰ জীৱনৰ আটাইতকৈ ডাঙৰ শক্তি। সেইবাবেই কোৱা হয়— “মা নাই মানে যেন একোৱেই নাই।”
গভীৰ শোক আৰু বেদনাৰে জানিলোঁ যে শিৱসাগৰ সদৰ সমষ্টিৰ মাননীয় বিধায়ক অখিল গগৈ দেৱৰ পূজনীয়া মাতৃ প্ৰিয়দা গগৈ আই স্বৰ্গগামী হৈছে। এই অপূৰণীয় ক্ষতি কেৱল এটা পৰিয়ালৰ নহয়, এজন সন্তানে নিজৰ জীৱনৰ আটাইতকৈ মূল্যৱান সম্পদ হেৰুৱাৰ বেদনাও।
এই দুখৰ ক্ষণত আমি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। ঈশ্বৰে বিদেহী আত্মাক স্বৰ্গৰ পৱিত্ৰ ভূমিত চিৰশান্তি প্ৰদান কৰক আৰু পৰিয়ালক এই অপূৰণীয় শোক সহ্য কৰাৰ শক্তি দিয়ক।
ওঁ শান্তি। 🙏

01/06/2026

নলবাৰীৰ হৃদয়বিদাৰক হত্যাকাণ্ডই সমগ্ৰ অসমক স্তম্ভিত কৰি তুলিছে। যদি এই ঘটনাৰ আঁৰত লাভ জিহাদ বা অন্য কোনো সংগঠিত অপৰাধমূলক ষড়যন্ত্ৰ জড়িত থকাৰ অভিযোগ সত্য প্ৰমাণিত হয়, তেন্তে দোষীক কোনোপধ্যেই ৰেহাই দিয়া উচিত নহয়।
নলবাৰী জিলাত দুজনকৈ মন্ত্ৰী থকাৰ পিছতো সাধাৰণ মানুহৰ মনত এটা প্ৰশ্ন উত্থাপিত হৈছে—ভুক্তভোগী পৰিয়ালে সঁচাকৈ ন্যায় পাবনে? অসমৰ প্ৰতিজন কন্যা, ছোৱালী আৰু বোৱাৰী সুৰক্ষিত নে?
মাননীয় মুখ্যমন্ত্ৰী মহোদয় আৰু আৰক্ষী প্ৰশাসনৰ ওচৰত আমাৰ দাবী—এই ঘটনাৰ নিৰপেক্ষ, দ্ৰুত আৰু কঠোৰ তদন্ত হওক। যিয়েই দোষী হওক, আইন অনুসৰি সৰ্বোচ্চ শাস্তি নিশ্চিত কৰা হওক। কোনো অপৰাধীক ৰাজনৈতিক বা সামাজিক পৰিচয়ৰ ভিত্তিত সুৰক্ষা দিয়া নহওক।
মৃতকৰ আত্মীয়-স্বজনৰ শোকৰ সময়ত সমগ্ৰ অসমবাসী তেওঁলোকৰ লগত আছে। আমি ন্যায় বিচাৰোঁ, কঠোৰ শাস্তি বিচাৰোঁ, আৰু অসমৰ কন্যাসকলৰ নিৰাপত্তা বিচাৰোঁ।




25/04/2026

🎙️ নিউজ স্ক্ৰিপ্ট (শোকাবহ ঘটনাঃ নিশামণি হালৈৰ মৃত্যুৰ খবৰ)
অজান দেশলৈ গুচি গ’ল নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাশালী শিল্পী…
নিস্তব্ধ হৈ পৰিল বিহুৰ মঞ্চ…
এগৰাকী পাকৈত বিহু নাচনী আৰু সুকণ্ঠী বিহু নামতী হিচাপে পৰিচিত নিশামণি হালৈ এতিয়া কেৱল স্মৃতি…
জনপ্ৰিয় “নাগাৰা” নামৰ পাঠিকা হিচাপেও তেওঁ লাভ কৰিছিল অসংখ্য অনুৰাগীৰ মৰম।
এইবেলি নলবাৰী জিলাৰ টিহুৰ ‘ভাস্কৰজ্যোতি বিহু হুচৰী দল’ৰ সৈতে বিহু পৰিৱেশন কৰি ঘৰলৈ উভতি অহাৰ পথতে সংঘটিত হয় এই মৰ্মান্তিক ঘটনা।
নিশা প্ৰায় ২ বজাত তামুলপুৰ জিলাৰ লাউপাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা…
ট্ৰাকৰ সৈতে হোৱা মুখামুখি সংঘৰ্ষত নিমিষতে প্ৰাণ হেৰুৱাই নিশামণিয়ে।
এটি উজ্বল নক্ষত্ৰ হেৰাই গ’ল অসমীয়া সাংস্কৃতিক জগতত…
এতিয়া কান্দিছে মঞ্চ… কান্দিছে অনুৰাগী…
নিশামণি হালৈৰ বিদেহী আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ।
শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন…
ঈশ্বৰে তেওঁলোকক এই দুখ সহ্য কৰাৰ শক্তি প্ৰদান কৰক।
য’তেই আছা কুশলে থাকা নিশামণি…
তোমাৰ কণ্ঠ আৰু বিহুৰ খোজবোৰ সদায় আমাৰ হৃদয়ত জীয়াই থাকিব…
🕯️ “বিদেহী আত্মাৰ সদগতি কামনাৰে… ওঁম শান্তি।” 🙏😢

17/04/2026

Mamita Mitra-ই জুবিন গাৰ্গৰ গীত বিকৃত ৰূপত গোৱাৰ অভিযোগত সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তৰফপৰা তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ।
এই ঘটনাৰে অসমীয়া সংগীতৰ অপমান কৰে।

তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক চ'ৰাৰ বিগত বৰ্ষৰ কাৰ্যনিৰ্বাহক সদস্য  হীৰা শৰ্মা আজি পুৱা মৃত্যুৰ খৱৰে ম...
15/04/2026

তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ সাংবাদিক তথা সাংবাদিক চ'ৰাৰ বিগত বৰ্ষৰ কাৰ্যনিৰ্বাহক সদস্য হীৰা শৰ্মা আজি পুৱা মৃত্যুৰ খৱৰে মৰ্মাহত হৈছোঁ আমি সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ,অসমৰ মজিয়াৰ পৰা গভীৰ দুখ প্ৰকাশ কৰিছোঁ লগতে পৰিয়ালৰ সকলোলৈ সমবেদনা জ্ঞাপন কৰিলোঁ।

🙏ঔম শান্তি 🙏

15/04/2026

অতিকৈ চেনেহৰ মুগাৰে মহুৰা তাতোকৈ চেনেহৰ মাকো; তাতোকৈ চেনেহৰ বহাগৰ বিহুটি নেপাতি কেনেকৈ থাকোঁ ।

আপোনাক তথা আপোনাৰ পৰিয়ালৰ প্ৰতিজন সদস্যলৈ অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ আন্তৰিক শুভকামনা ও শুভেচ্ছা জনালোঁ। অনাগত বছৰটোৰ প্ৰতিটো দিনেই যেন আপোনাৰ বাবে শুভ হয় তাৰে কামনাৰে........

নিপু জ্যোতি শইকীয়া
সাংগঠনিক সম্পাদক
কেন্দ্ৰীয় সমিতি
সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ

13/04/2026

Address

Hijuguri Hd Market , At Road, 2 Folor
Tinsukia
786183

Website

Alerts

Be the first to know and let us send you an email when সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ,অসম তিনিচুকীয়া জিলা সমিতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category