Moran Autonomous Council - মৰাণ স্বায়ত্ত শাসিত পৰিষদ

  • Home
  • India
  • Tinsukia
  • Moran Autonomous Council - মৰাণ স্বায়ত্ত শাসিত পৰিষদ

Moran Autonomous Council - মৰাণ স্বায়ত্ত শাসিত পৰিষদ Official page of Moran Autonomous Council

অহা বুধবাৰ অৰ্থাৎ ১১/০৩/২০২৬ তাৰিখে তিনিচুকীয়া চিভিল হস্পিতালত handicap certificate শিবিৰ এটা অনুষ্ঠিত হব গতিকে physica...
06/03/2026

অহা বুধবাৰ অৰ্থাৎ ১১/০৩/২০২৬ তাৰিখে তিনিচুকীয়া চিভিল হস্পিতালত handicap certificate শিবিৰ এটা অনুষ্ঠিত হব গতিকে physically handicap কোনো ব্যক্তিৰ যদি handicap certificate নাই,আপোনালোকে যোগাযোগ কৰিব তাৰ বাবে আপোনাক প্ৰয়োজন হব আধাৰ কাৰ্ড আৰু আৰু আধাৰ লিংক থকা মোবাইল নম্বৰ সেয়েহে মৰাণ স্বায়ত্বশাসিত পৰিষদে ৯/৩/২০২৬ অৰ্থাৎ সোমবাৰে পৰিষদৰ কাৰ্যালয়ত পোৱা ১০ বজাৰ পৰা বিশেষ আধাৰ কাৰ্ড শিবিৰ এটা অনুষ্ঠিত কৰিবলৈ লৈছে এই শিবিৰত আপোনালোকৰ আধাৰ কাৰ্ড সম্বন্ধীয় সকলো ধৰণৰ সমস্যাৰ সমাধান কৰা হব।

মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত, মিছন সূর্যোদয়ৰ অধীনত মানসিক স্বাস্থ্যৰ সজাগতা, এইডছ সজাগতা, মানসিক শক্তিৰ উৎকর্ষ সা...
16/11/2025

মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ উদ্যোগত, মিছন সূর্যোদয়ৰ অধীনত মানসিক স্বাস্থ্যৰ সজাগতা, এইডছ সজাগতা, মানসিক শক্তিৰ উৎকর্ষ সাধন আৰু অভিৰোচন কার্যসূচী জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানত বৰ্তমানেও অব‍্যাহত।
CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Arunjyoti Moran

🏆🇮🇳 WORLD CHAMPIONS! 🌏🔥Our women’s cricket team has created history — lifting the World Cup and making the nation proud!...
02/11/2025

🏆🇮🇳 WORLD CHAMPIONS! 🌏🔥
Our women’s cricket team has created history — lifting the World Cup and making the nation proud! 💙🏏

From fearless batting to unstoppable bowling, they’ve shown the world what passion, determination, and teamwork can achieve. 👑✨

Let’s celebrate our champions who’ve inspired a generation and proved that women’s cricket is unstoppable! 🙌🇮🇳

ICC Cricket World Cup
Indian Cricket Team
Arunjyoti Moran
Dharmendra Neog

মৰাণ স্বায়ত্তশাসিত পৰিষদে মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত চাহ 'খিলাং'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ‍্যে কিছু দিনৰ পূৰ্বে  'খিলাং উ...
08/10/2025

মৰাণ স্বায়ত্তশাসিত পৰিষদে মৰাণ জনগোষ্ঠীৰ পৰম্পৰাগত চাহ 'খিলাং'ৰ প্ৰচাৰ আৰু প্ৰসাৰৰ উদ্দেশ‍্যে কিছু দিনৰ পূৰ্বে 'খিলাং উৎসৱ' আয়োজন কৰি ইয়াৰ প্ৰচাৰ-প্ৰসাৰ তথা বাণিজ্যিকৰণৰ পদক্ষেপ গ্ৰহণ কৰিছিল। দুদিনীয়া চৰকাৰী কাৰ্যসূচীলৈ তিনিচুকীয়া ভ্ৰমণৰ বাবে অহা মাননীয় মুখ‍্যমন্ত্ৰীদেৱক আজি কনভেনচন চেন্টাৰত মৰাণ স্বায়ত্তশাসিত পৰিষদৰ মুখ‍্য কাৰ্যবাহী সদস‍্য আৰু অধ‍্যক্ষৰ নেতৃত্বত এটি সঁজাতি দলে সাক্ষাৎ কৰি 'মৰাণ খিলাং' নামৰ খিলাং চাহ প্ৰদান কৰে।

CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Arunjyoti Moran

খিলাং উৎসৱৰ সফল সামৰণী। মৰাণ জনগোষ্ঠীৰ খিলাং চাহৰ ব‍্যৱসায়ীক দিশৰ এয়া ক্ষুদ্ৰতম প্ৰয়াস।CMO AssamHimanta Biswa SarmaPijus...
25/08/2025

খিলাং উৎসৱৰ সফল সামৰণী। মৰাণ জনগোষ্ঠীৰ খিলাং চাহৰ ব‍্যৱসায়ীক দিশৰ এয়া ক্ষুদ্ৰতম প্ৰয়াস।
CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Arunjyoti Moran

মৰাণ সমাজে অতিজৰ পৰা ব্যৱহাৰ কৰি অহা ঐতিহ্যবাহী পানীয় খিলাং চাহক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যেৰে মৰাণ স্বায়ত্ত শাসিত পৰিষদে...
18/08/2025

মৰাণ সমাজে অতিজৰ পৰা ব্যৱহাৰ কৰি অহা ঐতিহ্যবাহী পানীয় খিলাং চাহক প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্যেৰে মৰাণ স্বায়ত্ত শাসিত পৰিষদে এক বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। পৰিষদে খিলাং চাহৰ বৈশিষ্ট্য আৰু বাণিজ্যিক সম্ভাৱনা দেশ-বিদেশত উজ্জ্বল কৰি তুলিবলৈ আয়োজন কৰিবলৈ লৈছে “খিলাং উৎসৱ”।
খিলাং চাহৰ বিশেষত্ব হ’ল ইয়াৰ সুকীয়া স্বাদ আৰু প্ৰাকৃতিক গুণাগুণ। সাধাৰণ চাহৰ পৰা সম্পূৰ্ণ ভিন্ন এই পানীয়ক মৰাণ সমাজে কেৱল দৈনন্দিন জীৱনধাৰাৰ অংশ হিচাপে ব্যৱহাৰ কৰি আহিছে। বৰ্তমান বিশ্ববিখ্যাত অসমৰ চাহৰ সৈতে একেলগে খিলাং চাহো বৈদেশিক বজাৰলৈ বেছি পৰিমাণে প্ৰচাৰিত হ’লে, অসমৰ অৰ্থনীতি আৰু চাহ শিল্পই এক নতুন পৰিসৰ লাভ কৰাৰ সম্ভাৱনা দেখা যায়।
উৎসৱৰ সময়ত খিলাং চাহৰ ইতিহাস, সাংস্কৃতিক গুৰুত্ব, পুষ্টিগুণ আৰু বাণিজ্যিক দিশ লৈ আলোচনা সভা, প্ৰদৰ্শনী, সাংস্কৃতিক অনুষ্ঠান আদি আয়োজন কৰা হ’ব। এই উৎসৱৰ জৰিয়তে স্থানীয় কৃষকসকলে খিলাং চাহৰ উৎপাদন, সংৰক্ষণ আৰু বিপণনৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাত উৎসাহিত হ’ব।
খিলাং চাহক অসমৰ চাহ শিল্পৰ সৈতে সংযোজিত কৰিবলৈ প্ৰয়াস কৰাৰ সমান্তৰালভাৱে মৰাণ সমাজৰ ঐতিহ্যক বিশ্ব মানচিত্ৰত প্ৰতিষ্ঠা কৰিবলৈ মৰাণ স্বায়ত্ত শাসিত পৰিষদে গ্ৰহণ কৰা এই কাৰ্যসূচীত সকলো শ্ৰেণী ৰাইজৰ উপস্থিতি, পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিলোঁ।
CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Arunjyoti Moran

মাকুম অঞ্চলৰ ডিমৰুহোলা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ ৩৩ সংখ‍্যক কেন্দ্ৰীয় প্ৰত...
17/08/2025

মাকুম অঞ্চলৰ ডিমৰুহোলা ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ ৩৩ সংখ‍্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ‍্য কাৰ্যবাহী সদস‍্য অৰুণজ‍্যোতি মৰাণদেৱ উপস্থিত থাকি প্ৰতিষ্ঠা দিৱসৰ উপলক্ষ‍্যে সংগঠনটোৰ সকলো স্তৰৰ কৰ্মকৰ্তালৈ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে কেন্দ্ৰৰ কৰণীয় তথা দায়িত্ব সম্পৰ্কে বক্তব‍্য আগবঢ়ায়।
CMO Assam
Pijush Hazarika
Himanta Biswa Sarma
Arunjyoti Moran

মৰাণ জনগোষ্ঠীৰ ছয় সংগঠনৰ অন‍্যতম সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ আজি ৩৩ সংখ‍্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা...
17/08/2025

মৰাণ জনগোষ্ঠীৰ ছয় সংগঠনৰ অন‍্যতম সদৌ মৰাণ কলা-সংস্কৃতি বিকাশ কেন্দ্ৰৰ আজি ৩৩ সংখ‍্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস। প্ৰতিষ্ঠা দিৱসৰ উপলক্ষ‍্যে সংগঠনটোৰ লগত প্ৰতিষ্ঠা কালৰে পৰা জড়িত সকলো কৰ্মকৰ্তালৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
Arunjyoti Moran

“মিছন সূৰ্যোদয়”মানসিক স্বাস্থ‍্যৰ সজাগতা বৃদ্ধি, মানসিক শক্তিৰ উৎকৰ্ষ সাধন, সুস্থ অভিৰুচিৰ বিকাশ, লগতে নিচামুক্ত আৰু ৰোগ...
14/08/2025

“মিছন সূৰ্যোদয়”
মানসিক স্বাস্থ‍্যৰ সজাগতা বৃদ্ধি, মানসিক শক্তিৰ উৎকৰ্ষ সাধন, সুস্থ অভিৰুচিৰ বিকাশ, লগতে নিচামুক্ত আৰু ৰোগমুক্ত সমাজ নিৰ্মাণৰ উদ্দেশ‍্য আগত ৰাখি মৰাণ স্বায়ত্ত শাসিত পৰিষদে আৰম্ভ কৰিছে “মিছন সূৰ্যোদয়”। আধুনিক জীৱনৰ দূৰন্ত গতি, জীৱনযাপনৰ চাপ আৰু সমাজৰ নানান সমস্যাই আজিৰ দিনত মানসিক সুস্থতাক সংকটাপন্ন কৰি তুলিছে। ইয়াৰ বিপৰীতে, এই মিছনে লক্ষ্য স্থাপন কৰিছে প্ৰতিজন নাগৰিকক নিজৰ মানসিক আৰু শাৰীৰিক সুস্থতা সংৰক্ষণৰ পথ দেখুৱাই, এক সজীৱ, সজাগ আৰু সুৰক্ষিত সমাজ গঢ়ি তোলাৰ।
এই মিছনৰ আজি শুভাৰম্ভ হয় কৰদৈগুৰি ৰাজহুৱা খেলপথাৰত। এই অনুষ্ঠানত মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মাননীয় মুখ‍্য কাৰ্যবাহী সদস‍্য অৰুণজ‍্যোতি মৰাণ, উপাধ্যক্ষ তৰুণ মাধৱ মৰাণ, শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য সোমেশ্বৰ মৰাণ, ভাৰপ্ৰাপ্ত প্ৰধান সচিব তথা মাকুম সমজিলাৰ আয়ুক্ত পঙ্কজ চমুৱা(ACS), জিলা স্বাস্থ্য বিভাগ, সমাজ কল্যান বিভাগ, শিক্ষা বিভাগ, AIDS Control Society ৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
CMO Assam
Himanta Biswa Sarma
Pijush Hazarika
Ashok Singhal
Arunjyoti Moran

মৰাণ স্বায়ত্ত শাসিত পৰিষদ আৰু জ্ঞান প্ৰবোধিনী, পুনেৰ যুটীয়া উদ্যোগত UPSC আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সজাগ...
03/08/2025

মৰাণ স্বায়ত্ত শাসিত পৰিষদ আৰু জ্ঞান প্ৰবোধিনী, পুনেৰ যুটীয়া উদ্যোগত UPSC আৰু অন্যান্য প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে সজাগতা, কাউন্সেলিং আৰু নিয়মীয়া ক'চিংৰ 'মিছন একলব্য' নামৰ এক অভিযান আৰম্ভ কৰা হৈছে। আজি তিনিচুকীয়া জিলা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ সভাকক্ষত প্ৰথমখন কাউন্সেলিং সভা হাইব্ৰিড মোডত অৰ্থাৎ অনলাইন আৰু অফলাইনত অনুষ্ঠিত হয়। আজিৰ অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক IPS অভিজিৎ গৌৰৱ দিলীপ ডাঙৰীয়া, IPS নীতিশা জেগতাপ ডাঙৰীয়ানী আৰু উপ আৰক্ষী অধীক্ষক APS মানবেন্দ্ৰ দাস ডাঙৰীয়াই৷ আজিৰ সমল ব্যক্তিসকলে বহু তথ্য সমৃদ্ধ আৰু অনুপ্ৰেৰণা দায়ক বক্তব্য আৰু মতবিনিময়ৰ জৰিয়তে সকলোকে উৎসাহিত কৰে। অনুষ্ঠানত মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য অৰুণজ্যোতি মৰাণ, অধ্যক্ষ ধৰ্মেন্দ্ৰ নেওগ , শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য সোমেশ্বৰ মৰাণ, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলীন্দ্ৰ বড়াদেৱৰ লগতে শিক্ষা উত্তৰণৰ সৈতে জড়িত কেইবাগৰাকী বিশিষ্ট ব্যক্তি, অভিভাৱক আৰু ইচ্ছ্যুক ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে অংশ গ্ৰহণ কৰে।

Himanta Biswa Sarma
CMO Assam
Pijush Hazarika
DGPAssamPolice
Tinsukia Police
Arunjyoti Moran

উত্তৰ-পূব ভাৰতৰ অন‍্যতম ভূমিপুত্ৰ মৰাণ জনজাতিৰ জাতীয় তথা আৰ্থ-সামাজিক বিকাশৰ বাবে অসম চৰকাৰে আগবঢ়োৱা বিশেষ উন্নয়ন পুঁজিৰ...
02/08/2025

উত্তৰ-পূব ভাৰতৰ অন‍্যতম ভূমিপুত্ৰ মৰাণ জনজাতিৰ জাতীয় তথা আৰ্থ-সামাজিক বিকাশৰ বাবে অসম চৰকাৰে আগবঢ়োৱা বিশেষ উন্নয়ন পুঁজিৰ ১ কোটি ৯০ লাখ টকাৰে তিনিচুকীয়া জিলাৰ বৰগুৰিত নিৰ্মাণ কৰি উলিওৱা "মৰাণ জনজাতি প্ৰশাসনিক ভৱন"টি আজি আনুষ্ঠানিকভাৱে শদিয়া সমষ্টিৰ বিধায়ক বলীন চেতিয়া ডাঙৰীয়াই শুভ উদ্বোধন কৰে। মৰাণ সকলৰ ঐতিহাসিক বিষয় সমূহৰ লগতে অন্যান্য কাম কাজ সমূহ এই ভৱনৰ পৰাই এতিয়া পৰিচালিত হ'ব। আজিৰ অনুষ্ঠানত উপস্থিত থাকে ডিগবৈৰ বিধায়ক শ্ৰী সুৰেণ ফুকন ডাঙৰীয়া, তিনিচুকীয়া জিলাৰ উন্নয়ন আয়ুক্ত পৱিত্ৰ কুমাৰ দাস, মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ মুখ‍্য কাৰ্যবাহী সদস‍্য অৰুণজ‍্যোতি মৰাণ, অসম মৰাণ সভাৰ সভাপতি শ্ৰাজীৱ বড়া, সদৌ মৰাণ ছাত্ৰ সন্থাৰ সভাপতি পলীন্দ্ৰ বড়া, সাধাৰণ সম্পাদক শ্ৰী জয়কান্ত মৰাণ, মৰাণ স্বায়ত্ত শাসিত পৰিষদ আৰু মৰাণ জনগোষ্ঠীৰ কেউটা সংগঠনৰ নেতৃষ্ঠানীয় বিষয়ববীয়া সকল।

Himanta Biswa Sarma
CMO Assam
Pijush Hazarika
Bolin Chetia
Suren Phukan
All Moran Students' Union
Arunjyoti Moran

16/07/2025

২০২৪ আৰু ২০২৫ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত ৬০% আৰু ততোধিক নম্বৰ লাভ কৰা ১,২৩৫ গৰাকী মৰাণ ছাত্ৰ-ছাত্ৰীক মৰাণ স্বায়ত্ত শাসিত পৰিষদৰ শিক্ষা বিভাগৰ 'হেকেটা' আঁচনিৰ অধীনত তেওঁলোকৰ নিজ নিজ বেংক একাউণ্টৰ জৰিয়তে ৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহাৰ্য‍্য প্ৰদান কৰা হয়। ২০২৪ বৰ্ষৰ উচ্চ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ১৮৬ গৰাকী, উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ২৫২ গৰাকী, মুঠ ৪৩৮ গৰাকী আৰু ২০২৫ বৰ্ষত উচ্চ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৩৩৬গৰাকী, উচ্চতৰ মাধ‍্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ৪৬১ গৰাকী, মুঠ ৭৯৭ গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰদান কৰা হয়। ইয়াৰে ১৩৫ গৰাকী ছাত্ৰ-ছাত্ৰীৰ ধন বেংক একাউণ্ট এক্টিভেট নথকা, একাউণ্ট নম্বৰ আৰু IFSC নম্বৰ আৱেদনত শুদ্ধকৈ লিপিবদ্ধ নোহোৱা আদি বিভিন্ন কাৰণত ধন ৰাশি পৰিষদৰ একাউণ্টলৈ ঘূৰি আহে। সেয়েহে, যিসকল ছাত্ৰ-ছাত্ৰীৰ একাউণ্টত ধন ৰাশি সোমোৱা নাই, তেওঁলোকে তেওঁলোকৰ মাৰ্কছিট, বেংক পাছবুক আৰু চেকৰ স্পষ্টকৈ উঠা কপি অহা ২০ জুলাই, ২০২৫ তাৰিখৰ ভিতৰত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য শ্ৰী সোমেশ্বৰ মৰাণৰ হাতত জমা দিবলৈ মুখ‍্য কাৰ্যবাহী সদস‍্য অৰুণজ‍্যোতি মৰাণদেৱে আহ্বান জনাইছে।
যোগাযোগ নম্বৰ - ৬০০১৪৮৪৬১৮
CMO Assam
Himanta Biswa Sarma
Arunjyoti Moran

Address

Borguri
Tinsukia
786126

Website

Alerts

Be the first to know and let us send you an email when Moran Autonomous Council - মৰাণ স্বায়ত্ত শাসিত পৰিষদ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share