22/10/2025
মৰাণসকলৰ লোকবাদ্য "বীন": প্ৰেম-বিৰহ-বেদনা আৰু জনজাতীয় আত্মাৰ নিৰ্জনতাৰ সুৰ
বীণ মৰাণসকলৰ মাজত প্ৰচলিত এটি অতি পুৰণি লোকবাদ্য। ই কেৱল এক বাদ্যযন্ত্ৰ নহয়, বৰং মৰাণ জনগোষ্ঠীৰ জাতীয় জীৱন, আৱেগিক ইতিহাস আৰু জনজাতীয় চৰিত্ৰৰ এক মৌন অথচ সুৰীয়া প্ৰকাশ। এই বাদ্যবিধৰ গঠন, ব্যৱহাৰ আৰু ইয়াৰ সৈতে জড়িত আৱেগে মৰাণসকলৰ লোকসংস্কৃতিৰ এক গভীৰ ছবি দাঙি ধৰে।এসময়ত অসমৰ অটব্য অৰণ্যৰ দুৰ্গম কোলাত যুগ যুগ ধৰি নিজৰ স্বাভিমান আৰু অস্তিত্ব বজাই ৰখা মৰাণ জনগোষ্ঠীৰ জীৱনধাৰা যিদৰে দুৰন্ত আৰু সংগ্ৰামী আছিল, তেনেদৰেই আজিও মৰাণসকলৰ হৃদয়ে বহন কৰি আহিছে প্ৰকৃতিসৃষ্ট এক গভীৰ সৰলতা। এই দুয়োটা চৰিত্ৰৰ মৰ্মস্পৰ্শী সংমিশ্ৰণৰ অনবদ্য উপাদানই হৈছে লোকবাদ্য 'বীন'। 'বীন' কেৱল এটি ঝুৰ(তাঁৰ)যুক্ত বাদ্য নহয়; ই হ'ল মৰাণৰ জনজাতীয় চৰিত্ৰ, জনগোষ্ঠীটোৰ প্ৰেম-বিৰহ আৰু জীৱনৰ গভীৰ বেদনাৰ এক চিৰন্তন প্ৰকাশ, যিয়ে মৰাণসকলৰ জাতীয় জীৱনৰ প্ৰতিটো স্পন্দনক সুৰৰ ৰূপ দিয়ে।
বীনৰ নিৰ্মাণ:প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ আৰু জীৱনশৈলীৰে জনজাতীয় চৰিত্ৰৰ প্ৰতিফলন-
১. নাৰিকলৰ খোলা আৰু ছালৰ সংমিশ্ৰণ: সৰলতা আৰু দুৰন্ত সাহস প্ৰতীক-
বীণৰ মূল আধাৰ হিচাপে নাৰিকলৰ খোলা ব্যৱহাৰ কৰা হয়, যি প্ৰকৃতিৰ পৰা পোৱা সহজলভ্য বস্তুৰে বাদ্য তৈয়াৰ কৰাৰ জনজাতীয় কৌশলক প্ৰতিনিধিত্ব কৰে। নাৰিকলৰ খোলাই মৰাণসকলৰ জীৱনৰ সৰলতা, মাটিৰ লগত থকা আত্মিক সম্পৰ্ক আৰু অনাড়ম্বৰ জীৱনধাৰাৰ প্ৰতীক। আনহাতে, খোলাটো ঢাকিবলৈ গুঁই বা ভেকুলীৰ ছালৰ ব্যৱহাৰে জনগোষ্ঠীটোৰ জীৱন যাপনত বন্যপ্ৰাণী আৰু চিকাৰভিত্তিক অভিজ্ঞতা তথা অদম্য যুঁজাৰু সত্বা আৰু প্ৰকৃতিৰ পৰা সাহস আহৰণ কৰাৰ শক্তিৰ ইংগিত দিয়ে। ই যেন অৰণ্যৰ গভীৰতাৰ পৰা লাভ কৰা এক পৱিত্ৰ শক্তি, যিয়ে বীনখনক সাধাৰণ বাদ্যৰ পৰা এক শক্তিশালী আত্মিক প্ৰতীকলৈ উন্নীত কৰে। কাঠ, বাঁহৰ চেঁচুৰ ব্যৱহাৰে অৰণ্যৰ সম্পদৰ ওপৰত মৰাণসকলৰ নিৰ্ভৰশীলতা আৰু বনজ সামগ্ৰীৰে লোক-কাৰুকাৰ্য কৰাৰ প্ৰাচীন জনজাতীয় শিল্প-জ্ঞানৰ পৰিচয় দিয়ে । আজিও এই সকলোবোৰ বৈশিষ্ট্যই মৰাণসকলৰ পৰিৱেশৰ সৈতে হোৱা সংগ্ৰাম আৰু সমন্বয়ৰ জনজাতীয় চৰিত্ৰ প্ৰকাশ কৰি আহিছে ।
২. মাৰি আৰু ৰছী(ঝুৰ): জীৱনৰ স্থিৰতা আৰু সংকল্প প্ৰতীক-
নাৰিকলটোত এডাল সৰু মাৰি(ঘুৰনীয়া কাঠ) লগাই, তাৰ ওপৰত 'ঘোঁৰা' ৰাখি, এডাল মুগা সূতাৰ "ঝুৰ" (ৰছী) তৈয়াৰ কৰি বীন সজা হয়। বীণৰ (ঝুৰ)তাঁৰ হিচাপে মুগা সূতাৰ ব্যৱহাৰে অসমৰ স্বকীয় মুগা শিল্পৰ সৈতে মৰাণসকলৰ সাংস্কৃতিক সম্পৰ্কৰ গভীৰতাক সূচায়। মুগা সূতা কেৱল এডাল (ঝুৰ)তাঁৰ নহয়, ই অসমীয়া জাতীয় জীৱনৰ এটি গৌৰৱময় প্ৰতীক, যিয়ে বীণক এক আঞ্চলিক স্বকীয়তা প্ৰদান কৰি আহিছে। লক্ষনীয় যে এই সৰল নিৰ্মাণশৈলীয়ে মৰাণসকলৰ জীৱনৰ লক্ষ্যনিষ্ঠতা আৰু একাগ্রতাক সূচায়। ৰছীডাল যেন মৰাণসকলৰ আশা-আকাংক্ষাৰ বাৰ্তা, যি এডাল মিহি আৰু কোমল বাঁহৰ চেঁচুৰ ৰেপনিৰে(কাঠিৰে) ঘঁহাৰ পিছত সুৰ হৈ বাহিৰলৈ ওলাই আহে। ইয়ে মৰাণসকলক শিকাই, জীৱনৰ প্ৰত্যাহ্বানৰূপী লক্ষ্য নিৰ্ধাৰণ কৰিবলৈ গভীৰ একাগ্রতা আৰু ধৈৰ্যৰ প্ৰয়োজন।
বীনৰ সুৰ: প্ৰেম-বিৰহ আৰু বেদনাৰ গোপন ভাষা-
প্ৰকৃততে 'বীন'ৰ সুৰত মৰাণসকলৰ আত্মাৰ গভীৰতম আৱেগবোৰে মুক্তি পায়। বীণৰ সবাতোকৈ উল্লেখযোগ্য বৈশিষ্ট্য হ'ল ইয়াৰ কৰুণ সুৰ সৃষ্টিৰ ক্ষমতা। "কৰুণ সুৰ বজাবলৈ বীণ অতিশয় উপযোগী।" বহুতে এই উক্তিটোৰ সৈতে মৰাণসকলৰ অতীতৰ সংগ্ৰাম আৰু ত্যাগৰ ইতিহাস জড়িত হৈ আছে বুলি কব বিচাৰে । বাঁহৰ চেঁচুৰ ৰেপনিৰে(কাঠিৰে) ঝুডালত ঘঁহি ঘঁহি বজোৱা আৰু আঙুলি বুলাই সুৰ নিয়ন্ত্ৰণ কৰাৰ পদ্ধতিত জনগোষ্ঠীটোৰ প্ৰেম, বিৰহ আৰু জাতীয় বেদনাৰ মৰ্মস্পৰ্শী ভাষা লুকাই থকাৰ লগতে ব্যক্তিগত আৰু সামূহিক দুখৰ মৰ্মস্পৰ্শী প্ৰকাশকো মূৰ্ত কৰি তোলে।
বিহুগীত শুনিবলৈ পোৱা যায়-
(ক) ডালৰ নেমুটেঙা ডালত মৰহিলে/ বেৰত ঘূণে খালে বীন/ জীয়া যৌৱন হাততলৈ মাৰৰ ঘৰতে/অবাবত কটাইছ দিন....
(খ) উজায়ে যামগৈ টোকাৰী বামগৈ/ জোকাৰি বামগৈ বীন/ তোৰে চোতালত তামোল কাটি খামগৈ/ থৈ আহিম বাকলিত চিন....
ক. প্ৰেমৰ ঝংকাৰ আৰু আশাৰ স্পন্দন-
বীনৰ সুৰে কেতিয়াবা প্ৰেমৰ বতৰা আনে । ফাগুনৰ নিৰ্জন সন্ধ্যাত বা একালত ঝুমতলিত যেতিয়া কোনো মৰাণ ডেকাই বীনত সুৰ তোলে, তেতিয়া সেই সুৰে যেন গাঁৱৰ গাভৰুৰ হৃদয়লৈ গোপন অনুৰাগৰ বাৰ্তা কঢ়িয়াই আনিছিল। ঝুডালত আঙুলিৰ কোমল চাপ আৰু বাঁহৰ চেঁচুৰ মিহি ৰেপনিৰ(কাঠিৰে) ঘঁহনিয়ে সৃষ্টি কৰা সুৰে যৌৱনৰ আশা, সপোন আৰু লাজুক প্ৰেমৰ মাদকতাক প্ৰকাশ কৰিছিল। সেই সুৰত যেন মৰাণসকলৰ মনৰ নিৰ্মলতা আৰু প্ৰেমৰ প্ৰতি থকা পৱিত্ৰ আকুলতা ফুটি উঠিছিল।
খ. বিৰহৰ সুঁতি আৰু বেদনাৰ নিৰ্জন প্ৰকাশ-
বীনৰ সুৰত যিদৰে প্ৰেমৰ আশা থাকে, ঠিক তেনেদৰে ইয়াৰ সুৰে বিৰহৰ গভীৰ সুঁতিও বয়। প্ৰেমাস্পদৰ অনুপস্থিতি, জীৱনৰ কঠিনতাই অনা অৱসাদ অথবা জাতীয় সত্তাৰ ওপৰত অহা সংকটৰ বেদনা— এই সকলোবোৰ বীনৰ মাজেৰেই প্ৰকাশ পায়। ৰছীডালত কাঠিৰ দীঘলীয়া ঘঁহনিয়ে যেন হৃদয়ৰ সেই দীঘলীয়া বিষাদ আৰু শূন্যতাক প্ৰকাশ কৰে, যি অৰণ্যৰ নিৰ্জনতাত একাকী মৰাণে অনুভৱ কৰে। এই সুৰত যেন মৰাণৰ গোপন চকুপানী, অপেক্ষা আৰু সংগ্ৰামী জীৱনৰ দুখবোৰৰ গোন্ধ লুকাই থাকে। ই এক নিৰৱ কান্দোন, যি শ্ৰোতাৰ হৃদয়ত গভীৰভাৱে আঘাত কৰে।
গ. জাতীয় চেতনা আৰু বীৰত্বৰ সুৰ-
'বীন'ৰ সুৰত কেৱল ব্যক্তিগত আৱেগেই নহয়, মৰাণসকলৰ জাতীয় চেতনাৰ গৌৰৱময় কাহিনীও প্ৰতিধ্বনিত হয়। যিহেতু এই বাদ্যত গুঁই বা ভেকুলীৰ ছাল ব্যৱহাৰ কৰা হয়, ইয়াৰ সুৰত এক প্ৰাচীন শক্তি আৰু আত্মিক সাহসৰ অনুভূতি থাকে। বীনৰ সুৰে যেন মৰাণসকলক সোঁৱৰাই দিয়ে পূৰ্বপুৰুষৰ সেই অটল সাহস আৰু প্ৰতিজ্ঞা— "আমি এই মাটিৰ সন্তান, আমাৰ জাতীয় সত্তা কোনো শক্তিয়ে মষিমূৰ কৰিব নোৱাৰে।" এই বাদ্যই মৰাণসকলৰ হৃদয়ত স্বাভিমান আৰু বীৰত্বৰ সুঁতি বোৱাই থাকে।
শেষত-
আজিৰ আধুনিকতাৰ কোলাহলৰ মাজতো, 'বীন'ৰ সুৰ মৰাণৰ হৃদপিণ্ডত বাজি উঠা এক পৱিত্ৰ প্ৰতিধ্বনি। ই জনগোষ্ঠীটোৰ জনজাতীয় চৰিত্ৰৰ বিশুদ্ধতা, প্ৰকৃতিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু প্ৰেম-বিৰহৰ গভীৰতম অনুভূতিক সাৱটি লয়। সামান্য উপকৰণেৰে নিৰ্মিত 'বীন'খন মৰাণ জাতিৰ বাবে হৈ পৰে— জনগোষ্ঠীটোৰ জাতীয় চৰিত্ৰ, গভীৰ প্ৰেম-বিৰহ আৰু চিৰন্তন ঐতিহ্যৰ এক পৱিত্ৰ সংগ্ৰহালয়। বীন কেৱল বাদ্য নহয়; ই মৰাণৰ অতীতৰ গৌৰৱ, বৰ্তমানৰ পৰিচয় আৰু ভৱিষ্যতৰ প্ৰেৰণা। ই সেই আত্মিক সেতু, যিয়ে মৰাণসকলক নিজৰ শিপাৰ সৈতে চিৰদিন বান্ধি ৰাখিছে। বীনৰ অক্ষয় সুৰ চিৰন্তন— যি মৰাণৰ তেজত সাহস, প্ৰেম আৰু জাতীয় চেতনাৰ এক অনবদ্য আবেগৰ সঁহাৰি |
-নভা-
সহায়ক গ্ৰন্হ-
(ক) মৰাণ জনগোষ্ঠীৰ বুৰঞ্জী, ড০ নিৰোদ বৰুৱা
(খ) মৰাণ লোকসংস্কৃতি-মোহন মৰাণ
।।।।।।।।।।।।।।।।।।।।।।