09/06/2024
একেৰাহে তৃতীয়বাৰৰ বাবে দেশৰ জনতাৰ আস্থাপূৰ্ণ জনমত লাভ কৰি প্ৰধানমন্ত্ৰী হিচাপে আজি শ্ৰীযুত Narendra Modi ডাঙৰীয়াই শপত গ্ৰহণ কৰে। 'মোদী চৰকাৰ ৩.০'ত কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা অসম সন্তান, বিজেপিৰ জ্যেষ্ঠ নেতা মাননীয় শ্ৰীযুত Sarbananda Sonowal ডাঙৰীয়া আৰু কেন্দ্রীয় ৰাজ্যিক মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা ৰাজ্যসভাৰ মাননীয় সাংসদ শ্ৰীযুত Pabitra Margherita ডাঙৰীয়াক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ।
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত দুয়োগৰাকীয়ে অসমৰ লগতে দেশৰ জনতাৰ প্ৰতি নিষ্ঠাৰে সেৱা আগবঢ়াই যাওক। আগন্তুক কাৰ্যকালৰ সফলতাৰ বাবে মোৰ শুভকামনা যাচিলোঁ।