11/09/2023
সখী একক অৱস্হান কেন্দ্ৰ আৰু ইয়াৰ বিষয়ে কিছু জানিবলগীয়া -
সখী -একক অৱস্হান কেন্দ্ৰ যাক ইংৰাজীত Sakhi-One Stop Centre বা চমুকৈ OSC নামেৰে জনা যায় হৈছে শিশু আৰু মহিলা বিকাশ মন্ত্ৰাণালয়ৰ (MWCD)দ্বাৰা গ্ৰহণ কৰা এক আঁচনি(scheme) যাৰ সহায়ত সমাজৰ যিকোনো ক্ষেত্ৰত বা পৰিস্থিতিত নিৰ্যাতিত হোৱা ভুক্তভোগী মহিলাই বিভিন্ন ধৰণৰ তথা প্ৰয়োজনীয় সহায় সহযোগ লাভ কৰিবলৈ সক্ষম হয়। বৰ্তমান ভাৰতবৰ্ষত ৪০০ ৰো উৰ্ধৰ একক অৱস্হান কেন্দ্ৰ (OSC) চেণ্টাৰ থকা পৰিলক্ষিত হয়। অসমৰ অন্যান্য জিলাৰ লগতে আমাৰ তিনিচুকীয়া জিলাতো এই অনুষ্ঠানটিয়ে যোৱা চাৰি বছৰ ধৰি ভুক্তভোগী মহিলাসকলক সহায়-সহযোগ আগবঢ়াই আহিছে। তিনিচুকীয়া জিলাত ২০১৯ বৰ্ষৰ নৱেম্বৰ মাহত সখী- একক অৱস্হান কেন্দ্ৰৰ জন্ম হৈছিল। জন্মলগ্নৰে পৰা এই অনুষ্ঠানটিয়ে ভুক্তভোগী মহিলাসকললৈ বিনামূলীয়াকৈ আগবঢ়াই অহা বিভিন্ন ধৰণৰ সেৱাসমূহ হৈছে -
১. আইনী সেৱা।(Legal Assistance)
২. আৰক্ষী সেৱা।(Police Assistance)
৩. অস্থায়ী আশ্ৰয়।(Temporary Shelter)
৪. মনো-সামাজিক পৰামৰ্শদান।(Psycho-Social Counselling)
৫. চিকিৎসা সেৱা।(Medical Assistance)
৬. অন্যান্য সা-সুবিধা।(Other necessary aids and services).
( টোকা- ভুক্তভোগী মহিলাই নিজেই বা তেওঁৰ অন্যান্য চিনাকি ব্যক্তি বা আন সমাজ সচেতন ব্যক্তিয়ে সখী একক অৱস্হানৰ সৈতে যোগাযোগ কৰিবলৈ ১৮১(181) টʼল ফ্ৰি নম্বৰত কʼল কৰিব পাৰে।)
( বিঃদ্ৰঃ - সকলোৰে জ্ঞাতাৰ্থে এইখিনিতে জনাই থʼব খোজো যে সখী কোনো বেচৰকাৰী সংস্থা বা NGO নহয়। বৰঞ্চ ই হৈছে কেন্দ্ৰীয়ভাৱে পৰিচালিত এক আঁচনি (Centrally Sponsored Scheme) যাৰ সহায়ত সকলো ভুক্তভোগী মহিলাই সম্পূৰ্ণ বিনামূলীয়াকৈ প্ৰয়োজনীয় সেৱাসমূহ লাভ কৰিব পাৰে।