28/09/2024
আজি ইং ২৮-৯-২০২৪ তাৰিখ শনি বাৰে তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ আলোচনী ও শিক্ষা সম্পাদক সত্যব্ৰত চুতীয়া নিমন্ত্ৰন মৰ্মে কাকপথাৰ চেঙেলীজান গাৱঁৰ সাধনী ভৱনত চেঙেলীজান গাও মহিলা সমিতি গঠনৰ উদ্দেশ্যত অনুস্থিত ৰাজহুৱা সভাত উপস্থিত থাকো । মন্দিৰা বৰা সভাপতিত্বত অনুস্থিত সভাত বিশিষ্ট অ অতিথি হিচাবে তিনিচুকীয়া জিলা মহিলা সন্মিলনৰ সভানেত্ৰী শ্ৰী যুতা অৱন্তী চুতীয়া চুতীয়া চুতীয়া জনগোষ্ঠীৰ সক্ৰীয় কৰ্মী শ্ৰী যুত খগেন বৰুৱা । তিনিচুকীয়াজিলা চুতীয়া ছাত্ৰ সন্থাৰ নৱ নিৰ্বাচিত সমিতিৰ সভাপতি দ্বায়িত্ব লোৱাৰ পাছত প্ৰথম খনি সভাত নিমন্ত্ৰন জনাই আমাক আদৰণী জনোৱাৰ বাবে কাকপথাৰ আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সমুহ সদস্য লগতে চেঙেলীজান গাওঁৰ ৰাইজক ধন্যবাদ জনাইছো । অহা ৩০ চেপ্তেম্বৰ ২০২৪ তাৰিখে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে তিনিচুকীয়া জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত তিনিচুকীয়াত হব লগা ধৰ্না কাৰ্যসূচীলৈ সদলবলে আহি কাৰ্যসূচী সফল কৰিবৰ বাবে নিমন্ত্ৰন জনাবলৈ উপস্থিত থাকো। আমাৰ লগত উপস্থিত থাকে তিনিচুকীয়া জিলা সমিতিৰ সাংগঠনিক সম্পাদক অজয় বৰা , আলোচনী আৰু শিক্ষা সম্পাদক সত্যব্ৰত চুতীয়া ডুমডুমা আঞ্চলিক চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক হৃদয়া নন্দ বৰুৱা ।