21/08/2026
দিহিং পাটকাইৰ বুকুত লুকাই আছে প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি। অসমৰ বাবে সমৃদ্ধিৰ অনন্য বতৰা কঢ়িয়াই শেহতীয়াকৈ সমীক্ষাত ১৬৫টাকৈ নতুন প্ৰজাতিৰ পখিলা চিনাক্ত কৰা হৈছে। ইয়াৰ ভিতৰত ৩৭টা প্ৰজাতিয়েই পৃথিৱীৰ ভিতৰতে বিৰল। পৰিসংখ্যাৰ ঊৰ্ধ্বত এয়া আমাৰ দিহিং পাটকাইৰ অসাধাৰণ জৈৱ-বৈচিত্ৰ্যৰ জীৱন্ত প্ৰমাণ। আমি সকলোৱে মিলি এই অমূল্য জৈৱ-বৈচিত্ৰ্যৰ সংৰক্ষণ, সুৰক্ষা আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে সযতনে ৰাখিব লাগিব, কাৰণ এয়া আমাৰ দায়িত্ব।