11/08/2020
অখিল, দা ভিতৰত থাকাই,
নিৰ্বাচনৰ আটাইবোৰ দ্বায়িত্ব, অকলে লুৰিণ দাৰ ওপৰতে পৰিছে, দিপাংকৰ দাই সৰু সুৰাকৈ দুই এটা পৰামৰ্শ দিবলৈ আছে যদি ও
ডাঙৰ বুলি আৰু অজিত ককাই ও, ঘৰৰ পৰা ওলাই গৈছে নহয়, সেয়ে এই গধূৰ দ্বায়িত্ব অকল লুৰিণ দাৰ ওপৰতে সকলো।
ঘৰৰ সৰু লৰা, জুবিনৰ আৰু এইবোৰৰ প্ৰতি একো দ্বায়িত্বয়ে নাই, একে বাৰে এনাই বনাই ঘুৰি ফুৰে মনত লাগিলেহে কিবা এটা কৰে, সদায় বুজাও যে সময় থাকোটে , তইও কিবা এটা মন্ত্রী / এম . এল . এ হৈ ল, ঘৰ খন আমাৰ আটোম টকাৰিকে গঢ়ি তোলো,
নাই গলেই ওলাই,
বৰষা বাই আৰু নিৰ্বাচন বুলি মন টো সাত খন আঠ খন লাগি আছে, সিদিনা, নিৰ্বাচনত পিন্ধিম বুলি, ৩ যোৰ সেউজীয়া পটিৰ চাদৰ মেখেলা কিনিছে ,লুৰিণক বহু খিনি য়ে আল পইচান ধৰে, ঘৰৰ মৰমৰ বৰষাই ,
জেঠীয়েকৰ, মাহীয়েকৰ, পুতেক মানস, অজয় হতে, একে বাৰে ... ককাল ভাঙি ভাঙি নাছি আছে নিৰ্বাচনত মোমায়েকৰ ঘৰ এছেমলি খনলৈ আহিব পাম বুলি।
দ্বায়িত্ব অকল লুৰিণ দাৰ, হলেও, লুৰিণ দাৰ একমাত্র বন্ধু , শৃঙ্খল দাই কিন্তু লুৰিণ দাৰ লগত ছাৰ দৰে লাগি আছে। লুৰিণ দাই বুলে বন্ধুক কৈছেই, বেনাৰত বুলে, বন্ধুৰ ফটো আগত হব।
বাকি ওচৰ চুবুৰীয়াৰ কথা টো জানেই, নিৰ্বাচন বুলাৰ লগে লগে দৌৰি আহিব, কামৰ বনে একো নাই, মানুহো বহু খিনিয়ে হব,
এই ঠল চাই কঠিয়া পৰা সকলক টো ধৰাই নাই, নতুন কাপোৰ সি হতে ও কিনিছেই চাগে,
যিমান যি নকলে ও, লুৰিণ দাৰ ওপৰত আমাৰ বিশ্বাস আছে, বাহিৰৰ বন্ধু বোৰে তাক বহুত ভাল পাই, ধুবুৰীৰ পৰা, বৰপেটালৈ, চৰে চৰে
লুৰিণ দাৰ বৰ চিনাকী, সিহতক বাহিৰৰ পৰা আহিলেও , দাদাই হেনো এক বাৰ ও খেদা নাই বৰ মৰম কৰে । দাদাক নো নিৰ্বাচনত কিয় নাচাব?
বিনা নিমন্ত্রণে অহা বোৰে ও তাক বৰ ভাল পাই, দেখা পালেই,যে পাণ এখন খুৱাই, বহু মৰমৰ বন্ধু বাহিৰৰ পৰা আহিলেও আদৰ চেনেহ বহু খিনিয়ে আছে।
নিৰ্বাচনৰ গান বিয়া গানৰ দৰে, লুৰিণ দাৰ মুখত আখৈ ফুটা দি ফুটছে, ।
পিছে ভয়, লাগে গাওৰ পৰা এলাগী হোৱা, আজমল ককাইক নিৰ্বাচনত মাতে নে নাই।
মুঠতে এইবাৰ অখিল দা নোহোৱা হোৱাত সকলো দ্বায়িত্ব, লুৰিণ দাৰে।
চুটি খুহুটিয়া পদ্য, ভাল পালে Share কৰিব,