GREEN ARMY

GREEN ARMY Nature lover

20/03/2025
চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান - ২০২৫ খ্ৰীঃGREEN ARMY
17/03/2025

চতুৰ্থ বৰ্ষপূৰ্তি অনুষ্ঠান - ২০২৫ খ্ৰীঃ
GREEN ARMY

২০২৪ ইং বৰ্ষৰ শেষৰ দিনটোত বস্ত্ৰদান কাৰ্যসূচীশীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ভিন্ন স্থানত একাংশ লোকে জাৰত কপি থকা পৰিলক্ষিত ...
31/12/2024

২০২৪ ইং বৰ্ষৰ শেষৰ দিনটোত বস্ত্ৰদান কাৰ্যসূচী

শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ভিন্ন স্থানত একাংশ লোকে জাৰত কপি থকা পৰিলক্ষিত হয় । সেই লোকসকলক সামান্য সকাহ দিয়াৰ উদ্দেশ্যে আমি ওলাই আহিলো । আমি আচলতে "গ্ৰীণ আৰ্মী" নামধাৰী এদল স্বপ্নদ্ৰষ্টা । ২০২১ চনৰ ২৫ ফেব্ৰুৱাৰীত বাক্সা জিলাত জন্মগ্ৰহণ কৰা আমাৰ সংস্থাটোৰ সম্পূৰ্ণ নাম "গ্ৰীণ আৰ্মী, অসম"। সুন্দৰ আৰু সেউজীয়া পৃথিৱীখনৰ স্বাৰ্থতেই আমাৰ জন্ম । আজি কামৰূপ জিলাৰ হাজোৰ তীৰ্থস্থান সমূহত আমি অৰ্ধ শতাধিক লোকৰ মাজত বস্ত্ৰ বিতৰণ কৰো । লগতে কদমতলৰ এটা অঞ্চলত বিতৰণ কৰা হয় কিছু বস্ত্ৰ । উল্লেখ্য যে বস্ত্ৰদানৰ ক্ষেত্ৰত এয়া আমাৰ তৃতীয় খোজ । আমাৰ উদ্দেশ্য প্ৰচাৰ নহয় । কিন্তু আমি বিচাৰো আমাক দেখি যাতে আনেও আগবাঢ়ি আহি অসহায় লোকৰ ওচৰত সহায়ৰ হাত হৈ থিয় দিয়ে । বহু লোক থাকে যিয়ে সময়ৰ অভাৱত এনে কাৰ্যপন্থা হাতত ল'ব নোৱাৰে । তেনে হৃদয়বানৰ পৰা বস্ত্ৰ সংগ্ৰহ কৰি অভাৱত থকা লোকৰ হাতত তুলি দিবলৈ আমি হৈ পৰো মাধ্যম স্বৰূপ ।

আজিৰ কাৰ্যসূচীত উপস্থিত থাকি গ্ৰীণ আৰ্মী, অসমৰ সভাপতি কনক কলিতা, উপদেষ্টা হিৰণ্য কলিতা, কাৰ্যকৰী সভাপতি প্ৰাঞ্জল শৰ্মা, উপ-সভাপতি ড° চন্দনা দেৱী, সম্পাদক জিণ্টুমণি দাস, সহঃ সম্পাদকদ্বয় ক্ৰমে দৰ্শনা দত্ত আৰু নমিতা ৰয়, বিত্ত সম্পাদক চুনু চৌধুৰী আৰু সমাজপ্ৰেমী বনজিৎ দাসে বস্ত্ৰদান সম্পন্ন কৰে ।

এইচেগতে আমাক আজিৰ কাৰ্যসূচী ৰূপায়ণত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা আব্দুল হামিদ, মিৰ্জানুৰ ৰহমান, ড° হোমেশ্বৰ দাস, ড° কিশোৰ কুমাৰ ৰয়, ড° কৃষ্ণা তালুকদাৰ, পুলিন বৰ্মণ, মহিদুল আলী, মানস প্ৰতীম কলিতা, ৰীতা মিশ্ৰ, কনক শৰ্মা, নজমুল হক, আজিম আলী, ফুলচেদ আলী চৌধুৰী, ধীৰাজ দত্ত, মুকুট বৈশ্য আৰু টুটুমণি বৰুৱাক আমি চিৰদিনলৈ মনত ৰাখিম ।

বিশেষ কৃতজ্ঞতা সন্মানীয় কনক কুমাৰ কলিতা, ড° চন্দনা দেৱী আৰু হিৰণ্য কলিতালৈ ।

।। গছেহে ৰাখিব আমাৰ প্ৰাণ ।।
|| সেউজীয়া পৃথিৱী আমাৰ স্বাভিমান ||

ধন্যবাদ
GREEN ARMY

13/09/2024

ভৱিষ্যত প্ৰজন্মক এই উৎকট গৰমৰ পৰা পৰিত্ৰাণ দিব পৰা কিবা উপায় আছে নে ?

প্ৰতিদিনে বাঢ়ি অহা পেটটো কঢ়িয়াই লৈ ফুৰা কষ্টকৰ হৈছিল যদিও মাতৃত্বৰ অনুভৱে তাইক সাহস দি আহিছে এইখিনি কষ্ট সহিবলৈ, অৱশেষত ...
31/05/2024

প্ৰতিদিনে বাঢ়ি অহা পেটটো কঢ়িয়াই লৈ ফুৰা কষ্টকৰ হৈছিল যদিও মাতৃত্বৰ অনুভৱে তাইক সাহস দি আহিছে এইখিনি কষ্ট সহিবলৈ, অৱশেষত তাইৰ সেই বিশেষ সময়খিনি আহিল,,,গধুৰ শৰীৰটো কঢ়িয়াই আগবাঢ়িছে তাইৰ নির্দিষ্ট লক্ষ্যস্থানলৈ,,,
,,, কিন্তু এয়া কি এজাক হিংস্ৰ পশুৱে তাইক ঘেৰি ধৰিছে,,,তাই চটফটাই উঠিছে,,,গগণফালি চিঁয়ৰিছে,,, নাই সিহঁতে শুনা নাই,,,তাই মৰণপন যুজঁ দিছে ,,,,পৰা নাই,,, আঃ,,, একেলগে বহুপাত চোকা চুৰি সোমাই গৈছে তাইৰ দেহৰ কেঁচা তেজ ছিটিকাই,,,, তাইৰ উশাস চুটি হৈ আহিছে,,, গতেইকেইজন পশুৱে তাইক চোঁচৰাই নি আচাৰি দিছে,,, কোনোৱে তাইৰ গাল বুকু জৰায়ু চুই চাইছে,,, পেটত হাত ফুৰাই জিভাৰ পানী পেলাইছে,,,পেটৰ ফালি যোৱা অংশৰে ওলাই অহা সন্তানৰ অংশ চুই চাই হাঁহিছে,,,, চাৰিওফালে ক্ৰমশঃ অন্ধকাৰ হৈ আহিছে,,, চকু নিজৰ লগতে সন্তানৰ নিশ্চিত মৃত্যুৰ কথা ভাবি তেজৰঙা হৈ জিলিকিছে,,,,।।।
,,,,,, তাইৰ চকুত প্ৰশ্ন এটা যেন ৰৈ আছিল,,,গৰ্ভাৱস্থাত তাইক মৃত্যুমুখলৈ ঠেলি দিয়া এই মানুহ নামৰ প্ৰাণীবিধে নিজৰ বেলিকা ও একেই কৰিবনে,,,???

বি:দ্ৰ:- 1 এপ্ৰিলৰ পৰা 15 জুলাই লৈ প্ৰাকৃতিক জলৰাশিত মাছ চিকাৰ কৰাটো আইনমতে অপৰাধ।
@ সংগ্ৰহ

বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডুমুনী শাখা ছাত্ৰ সন্থা তথা ডুমুনীবাসী ৰাইজৰ সহযোগত আয়োজন কৰা ৰঙালী বিহু উদযাপন...
02/05/2024

বাস্কা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ডুমুনী শাখা ছাত্ৰ সন্থা তথা ডুমুনীবাসী ৰাইজৰ সহযোগত আয়োজন কৰা ৰঙালী বিহু উদযাপনৰ গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণৰ সময়ত স্বেচ্ছাসেৱী সংস্থা গ্ৰীণ আৰ্মী অসমৰ উপদেষ্টা সুবোধ চন্দ্ৰ শৰ্মা, সম্পাদক জিণ্টুমণি দাস, সাংগঠনিক সম্পাদক চুনু চৌধুৰী আৰু প্ৰচাৰ সম্পাদক বিটুপন পাটগিৰী ।

ইয়াত এখন নদী আছিলএই দৃশ্য কোনো আফ্ৰিকাৰ ছুমালিয়া অথবা চিয়েৰা  লিয়নৰ মৰুভূমি প্ৰান্তৰ নহয়।অসমৰ অন্যতম শ্ৰেষ্ঠ ফটোগ্ৰাফাৰ ...
29/04/2024

ইয়াত এখন নদী আছিল

এই দৃশ্য কোনো আফ্ৰিকাৰ ছুমালিয়া অথবা চিয়েৰা লিয়নৰ মৰুভূমি প্ৰান্তৰ নহয়।অসমৰ অন্যতম শ্ৰেষ্ঠ ফটোগ্ৰাফাৰ বিজু বড়োৰ কেমেৰাত বন্দী হোৱা এই ফটোখন নগাঁৱৰ কঠিয়াতলীৰ এটা অঞ্চলৰ।বিশ্বাস কৰিবলৈ টান যেন লাগিলেও যোৱা বছৰলৈকে এইখন চঞ্চলা চপলা এখন নদী আছিল।এই ফটোখনে বৰ্ণনা কৰিছে এতিয়াই সজাগ নহলে আমি কেনে ভয়ংকৰ ভৱিষ্যতৰ দিশে গৈ আছোঁ।এই ফটোখনে কৈছে ,হে জীৱশ্ৰেষ্ঠ যদি বাচি থাকিবলৈ মন আছে তেন্তে কেতিয়াবা পৰিবেশ নামৰ বিষয়টোও মনত পেলাব লাগে।সজাগ হব লাগে। বৰষুণ বতাহ ৰদ নদীৰ পানী বিনামূলীয়া !নদীৰ পানী চৰম অপব্যবহাৰ কৰি শেষ কৰি পেলালেও নদীয়ে আপত্তি নকৰে।কিন্তু পাহৰি যাব নালাগে মানুহে মহাকাশ জয় কৰা বুলি মত্ত হৈ থাকিলেও, বিশ্বৰ সৰ্বশ্ৰেষ্ঠ বিজ্ঞানীজনেও আজিও কিন্তু এক টোপাল পানী সৃষ্টি কৰিব পৰা নাই।যিদিনা খনেই প্ৰকৃতিৰ এই দানবোৰ এনেকৈ অলপ অলপকৈ শেষ হৈ হৈ একেবাৰে শেষ হৈ আহিব তেতিয়া কৰাৰ বাবে একোৱেই নাথাকিব।আমি যদি এতিয়াই সজাগ নহওঁ তেতিয়া হয়তো আমিয়েই অহা কেইটামান বছৰত ,অথবা আমাৰ পিছৰ প্ৰজন্ম বলি হবই হব।যোৱাবাৰে গোটেই বিশ্বতে গৰমে সকলো অভিলেখ ভংগ কৰিছে।আমি যদি নিজে নিজৰ ধ্বংস নিবিচাৰোঁ তেন্তে আমি নিজেই গণ সজাগতা সৃষ্টি কৰিব লাগিব।অন্যথা লাহে লাহে মৰুভূমি আহেৰ বাবে আমি নিজকে সাজু কৰি তুলিব লাগিব।কি কৰিব সিদ্ধান্ত আৰু বাছনি কিন্তু আমাৰ হাততেই।

গ্ৰীণ আৰ্মী, অসমৰ সদস্য বাক্সা জিলাৰ ৰায়পুৰ নিৱাসী সুমন ৰয়ে অলপতে ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অ...
19/04/2024

গ্ৰীণ আৰ্মী, অসমৰ সদস্য বাক্সা জিলাৰ ৰায়পুৰ নিৱাসী সুমন ৰয়ে অলপতে ভাৰতৰ ৰাজধানী নতুন দিল্লীৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈ যোৱা ১৭ সংখ্যক ৰাষ্ট্ৰীয় গেমছৰ এথলেটিক্সত অসমক প্ৰতিনিধিত্ব কৰি ১৯ বছৰ অনুৰ্ধ শাখাত ১০০ মি দৌৰত সমগ্ৰ ভাৰতৰ ভিতৰতে প্ৰথম হৈ স্বৰ্ণ পদক আজুৰি আনি আমাৰ ৰাজ্য অসমলৈ সুনাম অৰ্জন কৰিবলৈ সক্ষম হয় । এই সু-বাৰ্তাত আনন্দিত হৈ তেওঁৰ গৃহত আজি আমাৰ কাৰ্যকৰী সভাপতি, সম্পাদক, সহঃ সম্পাদক, সাংগঠনিক সম্পাদক উপস্থিত হৈ সংস্থাৰ তৰফৰ পৰা অভিনন্দন জনায় ।

জয়তু GREEN ARMY

Address

Tihu

Alerts

Be the first to know and let us send you an email when GREEN ARMY posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to GREEN ARMY:

Share

Category