22/07/2020
ফেচবুকত মুখ্যমন্ত্ৰীৰ ফটোৰ ব্যৱহাৰেৰে আৰু MyGov Assam ৰ পুৰণি বিজ্ঞাপন বিকৃত কৰি বান সাহাৰ্যৰ বৰঙনি বিচাৰি চৰকাৰৰ বিৰুদ্ধে অপপ্ৰচাৰত লিপ্ত হৈছিল শিৱসাগৰৰ দীপজ্যোতি গগৈ ৷ বিভ্ৰান্তিকৰ বাৰ্তাৰে ৰাইজ আৰু চৰকাৰক বিপথে পৰিচালিত কৰিব বিচৰা দীপজ্যোতিৰ ওপৰত IPC ৰ ধাৰা 419/420/34 আৰু IT Act ৰ Section 66 C ৰ অধীনত গোচৰ ৰুজু হৈছে ৷ আৰু ইতিমধ্যে কালি অসম আৰক্ষীয়ে ক্ৰাইম ব্ৰাঞ্চৰ 11/20 নম্বৰ গোচৰৰ ভিত্তিত অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে ৷ সন্দেহ হৈছে যুক্তিৰ অভাৱত এতিয়া অপপ্ৰচাৰৰ সহায় লৈছে নেকি হতাশগ্ৰস্ত বিৰোধী শক্তিয়ে ৷ কিছুদিনৰ পৰা দেখা গৈছে, চৰকাৰ বিৰোধী কিছু শক্তিয়ে, মানুহক ভুল তথ্যৰে বিভ্ৰান্ত কৰি , বিচলিত কৰি অসমৰ পৰিৱেশ অস্থিৰ কৰিবলৈ যত্ন কৰি আহিছে । সাধাৰণ ৰাইজ, এইবোৰৰ পৰা সাৱধান হওঁক...