12/04/2026
চকৰী ফেটি - অতি বিষাক্ত
- Highly Venomous
Scientific Name - Naja kaouthia চকৰী ফেঁটী সাপ অসমৰ হাবিতেই নহয় জনাঞ্চলৰ আশে - পাশেও পোৱা যায়। ফেঁটী সাপে আত্মৰক্ষাৰ বাবে ফণা তুলি ধৰা দেখিবলৈ পোৱা যায় । নিজৰ সুৰক্ষাৰ বাবে সকলোকে সতৰ্ক কৰি দিয়ে , ই এক নান্দনিক দৃশ্য । #চকৰিফেঁটী সাপে নিজৰ স্থান অতি বিষাক্ত সাপৰ শ্ৰেণীৰ ভিতৰত নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে । ভগৱানে যিহেতু নিজৰ সুৰক্ষাৰ বাবে প্ৰতিটো জীৱকে একো একোটা শক্তি দিছে , ঠিক সেইদৰে ফেঁটী সাপৰ লগতে অন্য বিষাক্ত সাপসমূহকো শক্তি হিচাপে বিষ ( venom ) দিছে । ফেঁটী সাপৰ বেছিভাগ দংশন শুকান দংশন অৰ্থাৎ False bite বা dry bite হয় । ফেঁটী সাপে দংশন কৰিলেই যে বিষ ঢালিব তেনে নহয় । কাৰণ সিহঁতে নিজৰ বিষৰ মূল্য বুজি পাই , নিজৰ সুৰক্ষাৰ বাবেহে সিহঁতে দংশন কৰে । চকৰি ফেঁটীৰ খাদ্য হল চৰাইপোৱালি,নিগনী,এন্দুৰ,মূগি দিম আৰু মূগি পোৱালি আৰু পাৰ দিম আৰু পাৰ পোৱালি । প্ৰিয় খাদ্য হল খহুৱা ভেকুলী । ঘৰৰ কোঠাত খহুৱা ভেকুলী সোমালে ফেঁটী সাপ খহুৱা , হাতত টৰ্চ লৈ যাব লাগে । সেইবাবে ঘৰৰ ভিতৰ চাফ - চিকুন ৰখাৰ ব্যৱস্থা কৰিব লাগে। ফেঁটী সাপৰ বিষক নিউৰ টক্সিন ভাগত ভাগ কৰা হয় ইয়াৰ
দংশনৰ ফলত ব্যক্তিজনৰ মুৰ ঘুৰাব পাৰে,বমি হ'ব পাৰে , মুৰৰ বিষ হ'ব পাৰে ,স্নায়ুক অৱশ কৰে শ্বাস-প্রশ্বাসত কষ্ট হয় আৰু চকুৰে ধোঁৱা ধোঁৱা দেখিব গাৰ ছাল উখহি যায় । এই লক্ষণবোৰ দেখা দিয়ে। ফেঁটী সাপে দংশন কৰিলেও ভয় নকৰিব,ইয়াৰ বৰ্তমান অসমৰ প্ৰত্যেকখন জিলাৰ চৰকাৰী চিকিৎসালয়ত বা বেজৰ দ্বাৰা চিকিৎসা নকৰাব । মোৰ সকলোলৈকে এটি অনুৰোধ যদি কোনো লোকক সাপে দংশন কৰে , তেনেহ'লে বেজৰ ওচৰত গৈ সময় নষ্ট নকৰি , তৎকালীনভাৱে চিকিৎসকৰ ওচৰত লৈ গৈ চিকিৎসা প্ৰদান কৰক । বেজে কেতিয়াও বিষাক্ত সাপে দংশন কৰা ব্যক্তিজনক সুস্থ কৰিব নোৱাৰে , এইটো এটা সম্পূৰ্ণ ভুল ধাৰণা । আমাৰ মাজত সজাগতাৰ অভাৱৰ বাবে বেজে আমাক ঠগিব পাৰে । যদিহে এডাল অবিষাক্ত সাপে দংশন কৰে , তেতিয়া সেই দংশন কৰা ব্যক্তিজনৰ একো নহয় , তেতিয়া তাৰে সুবিধা লয় বেজে। ব্যক্তিজনৰ পৰিয়ালৰ লোকে ভাবে যে বেজজনে হে তেওঁৰ আপোনজনৰ জীৱন ৰক্ষা কৰিলে । দংশনতকৈ ভয়ৰ ফলতহে বহুতো লোকৰ মৃত্যু হয় । বত্তমান অসম চৰকাৰৰ তথ্যসমূহ মতে ২০২২ চনত ১৫০ জন আৰু ২০২৩ চনত ৩৭ জন আৰ ২০২৪ চনত ৩৬ জন আৰু ২০২৫ চনত ২৭ জন। এই ক্ষেতত্ৰ দিন ৰাতি এক কৰি সৰ্প দংশনৰ আমাৰ সজাগতাৰ আৰু চিকিৎসকৰ প্ৰচেষ্টাৰ বাবে আজি এই অন্ধবিশ্বাষ নোহোৱা হৈছে।
বিঃদ্রঃ আপোনালোকৰ ওচৰত মই অনুৰোধ জনাওঁ যে সৰ্প উদ্ধাৰৰ বিষয়ে কোনো জ্ঞান নথকা ব্যক্তিক সাপ উদ্ধাৰ কৰিবলৈ আগবঢ়াই নিদিব । কাৰণ সাপ উদ্ধাৰ কৰাৰ সময়ত যদি কিবা ভুলবশতঃ বিষাক্ত সাপে দংশন কৰে , ব্যক্তিজনৰ চিকিৎসাৰ দায়িত্ব আপোনাৰ হ'ব । যিহেতু আপুনি আপোনাৰ ঘৰৰ পৰা উদ্ধাৰ কৰিবলৈ আগবঢ়াই দিছিল । সৰ্পদংশনৰ চিকিৎসা অলপ দীঘলীয়া সময় ধৰি হয় । বনবিভাগক এই ক্ষেত্ৰত দোষাৰোপ কৰিলে কোনো কাম নিদিব বা এই ক্ষেত্ৰত বনবিভাগ দায়ী নহয় ।