Rajib Das4bjp

Rajib Das4bjp Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Rajib Das4bjp, Social service, শুৱালকুছি, Sualkuchi.

শিক্ষক দিৱসৰ বিশেষ দিনটোত আমাৰ শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৯৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সতীৰ্থসকলৰ মঞ্চ...
07/09/2026

শিক্ষক দিৱসৰ বিশেষ দিনটোত আমাৰ শুৱালকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ১৯৯৮ চনৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সতীৰ্থসকলৰ মঞ্চ ‘সহপাঠী ৯৮ জীৱন ৰঙী এটি সুৰৰ সন্ধান’-ৰ তৰফৰ পৰা এক বিশেষ তথা প্ৰশংসনীয় পদক্ষেপ গ্ৰহণ কৰা হৈছে।

মোৰ মৰমৰ পুৰণি বন্ধুবৰ্গসকলৰ সৈতে মিলি আমাৰ শিক্ষাগুৰুসকলক সন্মান জনোৱাৰ এই পৱিত্ৰ প্ৰয়াসত অংশ লবলৈ পাই মই নথৈ আনন্দিত আৰু গৌৰৱান্বিত হৈছোঁ। অতীতৰ সেই স্কুলীয়া দিনবোৰ আৰু সতীৰ্থসকলৰ সৈতে কটোৱা সময়বোৰ সদায় মোৰ বুকুত সজীৱ হৈ থাকিব।

আহক, আমি সকলোৱে মিলি আমাৰ সমাজখনক আলোকিত কৰা প্ৰতিগৰাকী শিক্ষকক শ্ৰদ্ধা জনাওঁ আৰু তেওঁলোকৰ আদৰ্শ শিৰোধাৰ্য কৰি আগুৱাই যাওঁ। আমাৰ 'সহপাঠী ৯৮' গ্ৰুপৰ এই সুন্দৰ প্ৰয়াস আগলৈও এনেদৰেই অব্যাহত থাকিব বুলি মই আশাবাদী। সকলো সতীৰ্থলৈ মোৰ ফালৰ পৰা বহুত বহুত মৰম আৰু ধন্যবাদ✊❤️

হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত মধ্য শুৱালকুছি গাওঁ পঞ্চায়তৰ টিলকচন পাহাৰৰ নিবাসী তথা মধ্য শুৱালকুছি গাওঁ পঞ্চায়তৰ ৯ নং...
06/09/2026

হাজো শুৱালকুছি সমষ্টিৰ অন্তৰ্গত মধ্য শুৱালকুছি গাওঁ পঞ্চায়তৰ টিলকচন পাহাৰৰ নিবাসী তথা মধ্য শুৱালকুছি গাওঁ পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ সদস্য দীপাংকৰ ডেকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিলো লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।

“গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ।গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰী গুৰুৱে নমঃ।।“জ্ঞানৰ পোহৰে অজ্ঞানতাৰ আন্ধ...
05/09/2026

“গুৰু ব্ৰহ্মা গুৰু বিষ্ণু, গুৰু দেৱ মহেশ্বৰ।
গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম, তস্মৈ শ্ৰী গুৰুৱে নমঃ।।“

জ্ঞানৰ পোহৰে অজ্ঞানতাৰ আন্ধাৰ দূৰ কৰি জীৱনৰ সঠিক পথৰ সন্ধান দিয়া প্ৰতিগৰাকী শিক্ষাগুৰুলৈ, শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত জনাইছোঁ সশ্ৰদ্ধ প্ৰণাম।

এজন শিক্ষকে কেৱল পাঠ্যপুথিৰ জ্ঞানেই প্ৰদান নকৰে, বৰঞ্চ নৈতিকতা, আদৰ্শ আৰু মানৱীয় মূল্যবোধেৰে এগৰাকী শিক্ষাৰ্থীৰ ভৱিষ্যৎ জীৱন গঢ়ি তোলে। তেখেতসকলৰ জ্ঞান, ত্যাগ আৰু আশীৰ্বাদ আমাৰ জীৱনৰ চিৰন্তন পাথেয়।

শিক্ষা জগতৰ প্ৰতিগৰাকী শিক্ষাগুৰুলৈ পবিত্ৰ শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু সশ্ৰদ্ধ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ। 🌸🙏

আমাৰ ঘৰৰ কৃষ্ণ❤️
04/09/2026

আমাৰ ঘৰৰ কৃষ্ণ❤️

ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমীৰ এই মংগলময় দিনটোত আপোনালোক সকলোলৈ হৃদয়ৰ গভীৰৰ পৰা ভক্তিপূৰ্ণ শুভেচ্ছা আৰু আন্তৰিক শ...
04/09/2026

ভগৱান শ্ৰীকৃষ্ণৰ পৱিত্ৰ জন্মাষ্টমীৰ এই মংগলময় দিনটোত আপোনালোক সকলোলৈ হৃদয়ৰ গভীৰৰ পৰা ভক্তিপূৰ্ণ শুভেচ্ছা আৰু আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ।

ভগৱান শ্ৰীকৃষ্ণৰ কৃপা আৰু আশীৰ্বাদে সকলোৰে জীৱনলৈ সুখ, শান্তি, সমৃদ্ধি আৰু মংগল কঢ়িয়াই আনক। সকলোৰে জীৱন প্ৰেম, সত্য আৰু ধৰ্মৰ পোহৰেৰে আলোকিত হওক—তাৰে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।

আপোনালোকৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযুক্ত হৈ থাকিবলৈ মোৰ ৱাটছএপ চেনেলটো follow কৰক। Follow কৰিবলৈ QR Code টো স্কেন কৰক অথবা...
03/09/2026

আপোনালোকৰ সৈতে নিৰৱচ্ছিন্নভাৱে সংযুক্ত হৈ থাকিবলৈ মোৰ ৱাটছএপ চেনেলটো follow কৰক। Follow কৰিবলৈ QR Code টো স্কেন কৰক অথবা তলত দিয়া লিংকটোত ক্লিক কৰক:

Follow the Rajib Das4bjp channel on WhatsApp: https://whatsapp.com/channel/0029Vb93jPQA89MklGVCqh22

আজি হাটীসত্ৰ ক্ৰিকেট কোচিং চেন্টাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ এক বৰ্ণিল অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আমাৰ অঞ...
02/09/2026

আজি হাটীসত্ৰ ক্ৰিকেট কোচিং চেন্টাৰৰ প্ৰথম বৰ্ষপূৰ্তিৰ এক বৰ্ণিল অনুষ্ঠানত উপস্থিত থাকিবলৈ পাই নথৈ আনন্দিত হৈছোঁ। আমাৰ অঞ্চলটোৰ মৰমৰ উদীয়মান খেলুৱৈসকল আৰু তেওঁলোকৰ সচেতন অভিভাৱকসকলৰ মাজত কটোৱা এই সময়ছোৱা মোৰ বাবে সঁচাকৈয়ে অত্যন্ত আপুৰুগীয়া আৰু অভিভূতকাৰী আছিল।

খেলপথাৰৰ এই সৰু সৰু তৰাবোৰৰ চকুত থকা সপোন আৰু তেওঁলোকৰ একাগ্রতাই মোক আশাবাদী কৰি তুলিছে। আমাৰ যুৱ প্ৰজন্মক ক্ৰীড়াৰ জৰিয়তে এক সঠিক দিশ দেখুওৱাত এই কোচিং চেন্টাৰখনে লোৱা ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয়। মৰমৰ খেলুৱৈসকলৰ উজ্জ্বল আৰু সফল ক্ৰীড়া ভৱিষ্যত কামনা কৰিলোঁ। তোমালোক বহু দূৰ আগুৱাই যাব লাগিব। মই সদায়েই তোমালোকৰ সৈতে আছো।

📍হাজো শুৱালকুছি সমষ্টি

Himanta Biswa Sarma
Dilip Saikia
Pijush Hazarika
Jayanta Mallabaruah
Biswajit Daimary
Ashok Singhal
Ranjit Bhattacharya


হাজো-শুৱালকুছি সমষ্টিৰ অন্তৰ্গত সোনাৰীপাৰা মাটিপৰ্বতস্থিত শ্ৰীশ্ৰী বুঢ়া ভাঙাৰা নামঘৰত কলিতা ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা ...
02/09/2026

হাজো-শুৱালকুছি সমষ্টিৰ অন্তৰ্গত সোনাৰীপাৰা মাটিপৰ্বতস্থিত শ্ৰীশ্ৰী বুঢ়া ভাঙাৰা নামঘৰত কলিতা ৰাইজৰ উদ্যোগত অনুষ্ঠিত কৰা ১২ ঘন্টীয়া অখণ্ড হৰিকীৰ্তন ভাগত উপস্থিত থাকি অভিভূত হৈছো।

ভক্তপ্ৰাণ ৰাইজৰ অপাৰ উৎসাহ আৰু হৰিনামৰ অমিয় সুধাই মোক অভিভূত কৰি তুলিছে। সমাজৰ কুশল আৰু সৰ্বাংগীণ মংগলৰ বাবে ভগৱানৰ চৰণত প্ৰণিপাত জনালোঁ।

Himanta Biswa Sarma
Dilip Saikia
Ashok Singhal
Pijush Hazarika
Ranjit Bhattacharya

BJP Assam Pradesh ৰ সন্মানীয় সভাপতি তথা সাংসদ শ্ৰদ্ধাৰ শ্ৰী Dilip Saikia ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিন...
01/09/2026

BJP Assam Pradesh ৰ সন্মানীয় সভাপতি তথা সাংসদ শ্ৰদ্ধাৰ শ্ৰী Dilip Saikia ডাঙৰীয়ালৈ ওপজা দিনৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ লগতে মা কামাখ্যাৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাই তেখেতৰ সুস্বাস্থ্য, দীৰ্ঘায়ু কামনা কৰিলো।

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। 🙏অসমীয়া সমাজ, সাহিত্য, সংস...
01/09/2026

মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ পৱিত্ৰ তিৰোভাৱ তিথিত গুৰুজনাৰ শ্ৰীচৰণত সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। 🙏

অসমীয়া সমাজ, সাহিত্য, সংস্কৃতি আৰু একশৰণ নামধৰ্মৰ প্ৰচাৰ-প্ৰসাৰত গুৰুজনাই আগবঢ়াই যোৱা অমূল্য অৱদান চিৰস্মৰণীয়। তেখেতৰ অমৰ সৃষ্টি আৰু মহান আদৰ্শই যুগে যুগে সমাজক ভক্তি, প্ৰেম, শান্তি আৰু মানৱতাৰ পথ দেখুৱাই আহিছে।

এই পৱিত্ৰ তিথিত গুৰুজনাৰ অমৰ আদৰ্শক শ্ৰদ্ধাৰে সোঁৱৰণ কৰি তেখেতৰ শ্ৰীচৰণত কৌটি কৌটি প্ৰণাম জনালোঁ। 🙏

Address

শুৱালকুছি
Sualkuchi
781103

Website

Alerts

Be the first to know and let us send you an email when Rajib Das4bjp posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category