Explorica

Explorica Explorica is an educational institute of personality developement , positive thinking and motivaltio

19/02/2026
অসমীয়া হৃদয়ৰ স্পন্দন, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ গভীৰ শ্রদ্ধাঞ্জলি :১৯ ছেপ্তেম্বৰ, ২০২৫ খ্ৰীষ্টাব্দ।এই দ...
21/09/2025

অসমীয়া হৃদয়ৰ স্পন্দন, অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ দেৱলৈ গভীৰ শ্রদ্ধাঞ্জলি :

১৯ ছেপ্তেম্বৰ, ২০২৫ খ্ৰীষ্টাব্দ।
এই দিনটো অসমবাসীৰ বাবে এক গভীৰ বেদনা বোৱাই আনিলে।
আমাৰ প্ৰিয় শিল্পী, অসমীয়া সংগীত জগতৰ এক উজ্জ্বল নক্ষত্র, *জুবিন গাৰ্গ* দেৱে এই পৃথিৱীৰ পৰা বিদায় লৈ গ'ল।
তেখেতৰ এই অকালবসনে অসমবাসীৰ অন্তৰ আকাশ অন্ধকাৰত ঢাকি পেলালে।

মৃত্যু—এটা অমোঘ সত্য। কিন্তু সৃষ্টিশীল, অনন্য প্ৰতিভাৰে ভৰা এটা জীৱনৰ প্ৰভাৱ কেতিয়াও অন্তৰ পৰা মচি পেলাব নোৱাৰি।
জুবিন গাৰ্গ এটা নাম নহয়—
তেখেত এজন আন্দোলন, এটি আত্মিক সুৰ, এটি জীৱন্ত সত্বা।
অসমীয়াৰ ভাষা, সংস্কৃতি, সংগীতক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰা এই মহান শিল্পীগৰাকীয়ে সকলোৰে হৃদয়ত অমৰ হৈ থাকিব।

আজিৰ এই বিশেষ ক্ষণত আমি এক্সপ্লৰিকা পৰিয়ালৰ তৰফৰ পৰা আমি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ।
তেখেতৰ বিদেহী আত্মাৰ সদগতিৰ বাবে আন্তৰিক প্রার্থনা জনাইছোঁ।
তেখেতৰ পৰিয়ালৰ প্ৰতিগৰাকী সদস্যলৈ আমাৰ দীৰ্ঘশ্বাস আৰু গভীৰ সমবেদনা।
এই দুখৰ সময়ছোৱাত ঈশ্বৰে তেওঁলোকক সহনশীলতা আৰু সাহস প্ৰদান কৰক।

হে মহান শিল্পী,
আপুনি থকাতেই অসমীয়া সংগীত এক নতুন পৰিচয় লাভ কৰিছিল।
আপোনাৰ সুৰত, শব্দত, হৃদয়ৰ উজানি লহৰিটো আজিও বাজি থাকে।
আপুনি নাই—কিন্তু আপোনাৰ সৃষ্টি, আপোনাৰ সোঁৱৰণি আৰু আপোনাৰ প্ৰেম সদায় আমাৰ মাজত জীয়াই থাকিব।

আপোনাক আমাৰ অন্তৰৰ গভীৰতম স্থানৰ পৰা শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।
আপুনি চিৰজীৱী।

ভৱদ্বীয়
নিশান্ত বৰ্মন, সভাপতি
গুণজিৎ বসুমতাৰী, সম্পাদক
Explorica, educational and cultural development society.

এটা যুগৰ অৱসান, বিদায় জুবিন গাৰ্গ...... We love you.
19/09/2025

এটা যুগৰ অৱসান, বিদায় জুবিন গাৰ্গ......

We love you.

14/09/2025


08/03/2025


12/01/2025


সৰভোগৰ নিকটৱৰ্তী চকাবাউসী গাঁৱত ১৯০৯ চনৰ ৩ জানুৱাৰী তাৰিখে জন্ম হৈছিল বিনোদানন্দ নাথৰ ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ ব...
17/09/2024

সৰভোগৰ নিকটৱৰ্তী চকাবাউসী গাঁৱত ১৯০৯ চনৰ ৩ জানুৱাৰী তাৰিখে জন্ম হৈছিল বিনোদানন্দ নাথৰ ৷ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা দেৱৰ বন্ধু বিনোদানন্দ নাথ পৰৱৰ্তী সময়ত ৰাৱণ নাথ উপনামেৰে কৌতুক শিল্পী হিচাবে বিখ্যাত হৈ পৰিছিল ৷ মাত্ৰ অষ্টম শ্ৰেণীলৈকে পঢ়া এইজন ব্যক্তিয়েই হ'ল কলিকতাৰ "His Master of Voice" কোম্পানীত গীত-মাত ৰেকৰ্ড কৰা প্ৰথম অসমীয়া ।

আজি তেখেতৰ পুণ্য তিথিত মই হৃদয়ৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ ৷

19/08/2024

Address

Main Road Sorbhog
Sorbhog
781317

Alerts

Be the first to know and let us send you an email when Explorica posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Explorica:

Share