20/11/2024
আজি মুঠ উপস্থিত ৪০ গৰাকী। ইয়াৰে দ্বিতীয় আৰু তৃতীয় ফটোত থকা ১৯ গৰাকী আজি নতুনকৈ আহিছে। তাৰে এগৰাকীয়ে ৮ বছৰ বয়সতে মাকৰ লগত কামলৈ গৈছিল। এতিয়া পুনৰ স্কুললৈ পঠিয়াইছোঁ।
পুথিভঁৰালত সকলোৱে নিজৰ নিজৰ কাম কৰি থাকে। অযথা হৈ হাল্লা নাই। কেতিয়াবা আহি দেখোঁ ুথিভঁৰালৰ ধূলি মাকতিবোৰ চাফা কৰি থৈছে মই নোকোৱাকৈয়ে। যিয়ে যিটো বিষয়ত ভাল, সেইটো বিষয় বাকী সকলক শিকাই থাকে।
আজি নতুনকৈ অহা ১৯ গৰাকীক পুথিভঁৰালৰ কিতাপবোৰ দেখুৱাইছে পুৰণা নিয়মীয়া পঢ়ুৱৈসকলে। চেণ্ডেল, বেগ, পানী বটল শাৰী পাতি থবলৈ শিকাইছে।