18/07/2025
A snapshot of the training programme for the Booth level Officers (BLOs) and BLO Supervisors of 93-Sonari LAC, held on 17th July, 2025, at Sonari College Auditorium in Charaideo District. The training programme was inaugurated by Smti. Suntrishna Ghorphalia, ACS, ADC Charaideo and Electoral Registration Officer, 93- Sonari LAC who extended a warm welcome to the BLOs and urged them to provide necessary support during the upcoming revision activities. Thereafter, Other District Election Officials, namely, Smti. Srabana Sonowal, ACS, ADC (Election), Smti. Aditi Neog, ACS, Election Officer, Charaideo, Assistant Electoral Registration Officers - Smti Chaitalirani Dutta, ALRS, CO, Sonari & Smti. Barnali Phukan, BDO, Sonari, and Master Trainers Dr. Chakrapani Patir, Asstt. Professor, Sonari College & Dr. Bairendra Das, Asstt. Professor, Borhat College provided an extensive overview of legal provisions, electoral processes, different IT applications including BLO App and roles & responsibilities of BLOs in the preparation of a healthy, inclusive, and error-free Electoral Roll. The training also included a session on role-play by BLOs involving different case studies.
Today, Shri Damodar Barman, ACS, Additional Chief Electoral Officer, Dispur, Assam, visited Charaideo District to review the ongoing BLO Training and delivered an encouraging and motivating talk emphasizing adherence to ECI guidelines. Alongside the Electoral Officials of 93- Sonari LAC, Shri Palash Rajkumar Ahom, ACS, Co-district Commissioner, Mahmora & ERO, 94- Mahmora was also present during the visit of the Additional CEO, Assam.
যোৱা ১৭ জুলাই, ২০২৫ তাৰিখে সোণাৰি মহাবিদ্যালয়ৰ সভাগৃহত ৯৩-সোণাৰি বিধানসভা সমষ্টিৰ বুথ পৰ্যায়ৰ কৰ্মকৰ্তা (BLO) আৰু বুথ পৰ্যায়ৰ কৰ্মকৰ্তাৰ পৰ্যবেক্ষকসকলৰ (BLO Supervisor) বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছিল। চৰাইদেউ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত আৰু ৯৩-সোণাৰি বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া, শ্ৰীমতী সোণতৃষ্ণা ঘৰফলীয়া, ACS য়ে এই প্ৰশিক্ষণৰ উদ্বোধন কৰি BLO সকলক এক উষ্ম আদৰণি জনাই আগন্তুক ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়া সফলতাৰে সম্পন্ন কৰিবলৈ অনুৰোধ কৰে।
ইয়াৰ পিছত, অন্যান্য জিলা নিৰ্বাচনী বিষয়াসকল ক্ৰমে শ্ৰীমতী শ্ৰৱণা সোণোৱাল, ACS, (অতিৰিক্ত জিলা আয়ুক্ত, নিৰ্বাচন বিভাগ), শ্ৰীমতী আদিতি নেওগ, ACS, (নিৰ্বাচনী বিষয়া, চৰাইদেউ), শ্ৰীমতী চৈতালীৰাণী দত্ত, ALRS, (সোণাৰি চক্ৰ বিষয়া আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া) আৰু শ্ৰীমতী বৰ্ণালী ফুকন, (ব্লক উন্নয়ন বিষয়া, সোণাৰি আৰু সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া), মাষ্টাৰ প্ৰশিক্ষক—ড॰ চক্ৰপাণি পাটিৰ, (সহকাৰী অধ্যাপক, সোণাৰি মহাবিদ্যালয়) আৰু ড॰ বৰিন্দ্ৰ দাস, (সহকাৰী অধ্যাপক, বৰহাট মহাবিদ্যালয়) য়ে আইনী ব্যৱস্থা, নিৰ্বাচনী প্ৰক্ৰিয়া, BLO Appৰ দৰে বিভিন্ন IT প্ৰয়োগ, আৰু BLO ৰ ভূমিকা আৰু দায়িত্বৰ ওপৰত এক বিস্তৃত আলোচনা আগবঢ়ায়। ইয়াৰ লক্ষ্য আছিল এক সুস্থ, সামগ্ৰিক আৰু ত্ৰুটিমুক্ত নিৰ্বাচনী তালিকা প্ৰস্তুত কৰা। প্ৰশিক্ষণত BLO সকলে বিভিন্ন নমুনাভিত্তিক অধ্যয়ন (Case Study) ভিত্তিত ভূমিকা পালন (Role play) কৰিছিল।
আজি, অসমৰ অতিৰিক্ত মুখ্য নিৰ্বাচনী বিষয়া শ্ৰী দামোদৰ বৰ্মনে, ACS চৰাইদেউ জিলাত চলি থকা BLO প্ৰশিক্ষণ পৰিদৰ্শন কৰিবলৈ আহিছিল আৰু ECI নিৰ্দেশনা মানি চলাৰ ওপৰত গুৰুত্ব দি এক উৎসাহপ্ৰদ আৰু প্ৰেৰণাদায়ক বক্তৃতা দিয়ে। ৯৩-সোণাৰি বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়াসকলৰ লগতে , মহমৰা সম-জিলা আয়ুক্ত আৰু ৯৪-মহমৰা বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া, শ্ৰী পলাশ ৰাজকুমাৰ আহোম, ACS এই পৰিদৰ্শন সময়ত উপস্থিত আছিল।