12/05/2026
অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা দেৱলৈ দ্বিতীয় বাৰৰ বাবে মুখ্যমন্ত্ৰীৰ দায়িত্বভাৰ গ্ৰহণ কৰাত অতিশয় আনন্দিত হৈছো আৰু সোনাপুৰ চৰকাৰী বৃদ্ধাৱাসৰ ককা আইতাসকলৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।
জ্যেষ্ঠ সকললৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আছে অপৰিসীম মৰম আৰু শ্ৰদ্ধা। তেখেতৰ বাবেই সমূহ বৃদ্ধাৱাসৰ ককা - আইতাসকলে বৃদ্ধাৱাসতো ভোট দিয়াৰ অধিকাৰ লাভ কৰিলে। তেখেতৰ বাবেই বৃদ্ধাৱাসৰ ককা - আইতাসকলেও অৰুণোদয় লাভ কৰি বৃদ্ধাকালতো মনৰ ইচ্ছা পূৰ কৰিব পাৰিছে।
অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড• হিমন্ত বিশ্ব শৰ্মা দেৱলৈ পুনৰ হিয়াভৰা শুভকামনাৰে।