ডামচাও অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী বকতা জাগৰণ যুৱ সংঘ ও পুথিভঁৰাল

  • Home
  • India
  • Sivasagar
  • ডামচাও অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী বকতা জাগৰণ যুৱ সংঘ ও পুথিভঁৰাল

ডামচাও অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী বকতা জাগৰণ যুৱ সংঘ ও পুথিভঁৰাল Help please poor students /children.

৭ বছৰ আগত ।
28/07/2025

৭ বছৰ আগত ।

আজি আমাৰ পুথিভঁৰালৰ কাম বাঢ়িল ।আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্বাৰ্থত বহু কষ্টৰে নিৰ্মাণ কৰা আমাৰ ডামচাও অশ্বিনী কুমাৰ চ...
27/06/2023

আজি আমাৰ পুথিভঁৰালৰ কাম বাঢ়িল ।

আমাৰ অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলৰ স্বাৰ্থত বহু কষ্টৰে নিৰ্মাণ কৰা আমাৰ ডামচাও অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী বকতা জাগৰণ যুৱ সংঘ ও পুথিভঁৰাল বাৰাণ্ডাখনৰ টিনপাত যোৱাৰাতি অহা ধুমুহা-বতাহে সম্পূৰ্ণৰূপে এৰুৱাই পেলাই লগতে গৃহটিৰ ভিতৰৰফালে ধুমুহা-বতাহে টিনপাতবোৰ নিব নোৱাৰি বহুকেইখন টিনপাত মাজত সৰু সৰুকে ফালি পেলায় । বাৰাণ্ডাৰ দুখন টিনপাত পোৱা নগ'ল ?

(বকতাত বহু মানুহৰ ঘৰ ধুমুহা বতাহে ক্ষতিসাধন কৰে লগতে বহু ঠাইত গছ পৰি পথ বন্ধ হৈ যায় আৰু বিদ্যুতৰ তাঁৰ ছিগি ক্ষয়-ক্ষতি কৰে ।)

বকতা জাগৰণ পুথিভঁৰাল

আজি আবেলি ৪ বজাত আমাৰ পুথিভঁৰাল ত লাচিত দিৱস পালন কৰা হ'ব ।সকলোৰে উপস্থিতি কামনা কৰিলোঁ ।আজি সন্ধিয়া সকলোৱে নিজৰ ঘৰৰ আগ...
24/11/2022

আজি আবেলি ৪ বজাত আমাৰ পুথিভঁৰাল ত লাচিত দিৱস পালন কৰা হ'ব ।
সকলোৰে উপস্থিতি কামনা কৰিলোঁ ।

আজি সন্ধিয়া সকলোৱে নিজৰ ঘৰৰ আগফালে
অন্তৰৰ পৰা মহাবীৰ লাচিত বৰফুকনৰ ৪০০ সংখ্যাক জন্ম জয়ন্তীৰ প্ৰতি শ্ৰদ্ধা জনাই #বন্তি_প্ৰজ্জ্বলন কৰি বীৰ যুদ্ধা জনক স্মৰণ কৰোঁ আহক ।


"দৈনন্দিন বাৰ্তা" নামৰ জনপ্ৰিয় খবৰ কাকতত আমাৰ পুথিভঁৰালৰ খবৰ ।
10/10/2022

"দৈনন্দিন বাৰ্তা" নামৰ জনপ্ৰিয় খবৰ কাকতত আমাৰ পুথিভঁৰালৰ খবৰ ।

যোৱাকালি আমাৰ পুথিভঁৰালত নাজিৰাৰ ৰিক'ভাৰী ফাউণ্ডেচনৰ পৰিচালক টুহিন হাজৰিয়াই উপস্থিত হৈ পুথিভঁৰালৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত...
08/10/2022

যোৱাকালি আমাৰ পুথিভঁৰালত নাজিৰাৰ ৰিক'ভাৰী ফাউণ্ডেচনৰ পৰিচালক টুহিন হাজৰিয়াই উপস্থিত হৈ পুথিভঁৰালৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত গ্ৰন্থৰ টোপোলা,শিক্ষণ সামগ্ৰী আগবঢ়াই ।
উক্ত অনুষ্ঠানতে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ শিৱসাগৰ জিলা সমিতিৰ সমাজ সেৱা সম্পাদক ভাস্কৰজ্যোতি মহন্ত, ক্লিনিকেল চাইক্লজিষ্টৰ লগত জড়িত কাউঞ্চিলাৰ মাধুৰী বড়ায়ো গ্ৰন্থ টোপোলা পুথিভঁৰালৰ ছাত্ৰ-ছাত্ৰী সকললৈ আগবঢ়াই লগতে ছাত্ৰ-ছাত্ৰী সকলৰ সৈতে মত বিনিময় কৰে ।
আমাৰ পুথিভঁৰালত উপস্থিত হৈ এইদৰে উৎসাহ জনোৱাৰ বাবে তিনিও জন সমাজ সচেতন ব্যক্তিলৈ অশেষ ধন্যবাদ জনালোঁ তথা দীৰ্ঘায়ু কামনা কৰিলোঁ ।

প্ৰয়াত সংগ্ৰামী ছাত্ৰনেতা ডামচাও অশ্বিনী চেতিয়া দেৱৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো ।আমাৰ ডামচাও অশ্বিন...
10/07/2022

প্ৰয়াত সংগ্ৰামী ছাত্ৰনেতা ডামচাও অশ্বিনী চেতিয়া দেৱৰ আজি দ্বিতীয় মৃত্যু বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো ।

আমাৰ ডামচাও অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী বকতা জাগৰণ যুৱ সংঘ ও পুথিভঁৰাল টি যদিও ২০১৭ চনত স্থাপন কৰা হৈছিল কিন্তু কিছু বাধাৰ বাবে তেওঁ মৃত্যুৰ পাছত কথামতে তেওঁ নামত প্ৰথমটি মৃত্যু বাৰ্ষিকীত মুকলি কৰা হৈছিল ।

সকলোৰে সহায়-সহযোগ , উৎসাহ তথা আৰ্শীবাদত আজি এটা বছৰ সু কলমেৰে পাৰ হ'ল ।
আশা কৰোঁ আগলৈ এইদৰে সকলোয়ে সহায়-সহযোগ, সু দিহা পৰামৰ্শ, উৎসাহ তথা আৰ্শীবাদ কৰিব আমি যাতে উঠি অহা নৱ প্ৰজন্মৰ বাবে আৰু ভাল ভাল কৰ্ম কৰি যাব পাৰোঁ ।

যোৱাকালি আমাৰ পুথিভঁৰালত "বকতা মৌজা"ৰ মৌজাদাৰ শ্ৰদ্ধাৰ ধীৰেন শইকীয়া ডাঙৰীয়া আৰু "শিৱসাগৰ জিলাৰ ডাক উপ সংমণ্ডলৰ ডাক পৰিদৰ...
31/05/2022

যোৱাকালি আমাৰ পুথিভঁৰালত "বকতা মৌজা"ৰ মৌজাদাৰ শ্ৰদ্ধাৰ ধীৰেন শইকীয়া ডাঙৰীয়া আৰু "শিৱসাগৰ জিলাৰ ডাক উপ সংমণ্ডলৰ ডাক পৰিদৰ্শক" শ্ৰদ্ধাৰ খগেন বকতিয়াল ডাঙৰীয়া উপস্থিত হৈ সাহিত্য, সামাজিক ক্ষেত্ৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলাপ আলোচনা কৰে ।

প্ৰকৃততে দুয়োজন সমল ব্যক্তিৰ সৈতে হোৱা কথা বাৰ্তাই সামাজিক জীৱনৰ কৰ্মক্ষেত্ৰত মানসিক চিন্তা ধাৰা ক্ষেত্ৰত সু-উচ্চ লৈ গতি কৰাই ।
আচলতে বহু গুৰুত্বপূৰ্ণ কথাৰ মাজতে ৰসাল সাৰুৱা কথাই সময়বিলাক কম যেন অনুভৱ হয় ।

তেওঁলোক আমাৰ পুথিভঁৰালত উপস্থিত হোৱাৰ লগতে প্ৰতিক্ষণত যি সু-দিহা পৰামৰ্শ তথা সহায়-সহযোগ আগবঢ়াই আহিছে , তেনে বিলাক ইতিবাচক ভাৱনাৰ বাবে আমাক সমাজ জীৱনৰ কৰ্ম কৰি যাবলৈ যথেষ্ঠ অনুপ্ৰেৰণা দিয়ে ।

শেষত আমাৰ পুথিভঁৰালৰ তৰফৰ পৰা আপোনালোকলৈ অশেষ ধন্যবাদ তথা দীৰ্ঘায়ু কামনা কৰিলোঁ ।

15/03/2022

Address

Sivasagar

Telephone

+917002859192

Website

Alerts

Be the first to know and let us send you an email when ডামচাও অশ্বিনী কুমাৰ চেতিয়া সোঁৱৰণী বকতা জাগৰণ যুৱ সংঘ ও পুথিভঁৰাল posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category