BJYM Sivasagar Dist

BJYM Sivasagar Dist BJYM
SIVASAGAR

অসমৰ ইতিহাস আৰু ঐতিহ্যৰ বাবে আন এক গৌৰৱ ৷ প্ৰায় ছশ বছৰ ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত নিৰৱধি শাসনভাৰ চলোৱা আহোম ৰাজবংশৰ ৰাজধান...
05/09/2026

অসমৰ ইতিহাস আৰু ঐতিহ্যৰ বাবে আন এক গৌৰৱ ৷ প্ৰায় ছশ বছৰ ধৰি ব্ৰহ্মপুত্ৰ উপত্যকাত নিৰৱধি শাসনভাৰ চলোৱা আহোম ৰাজবংশৰ ৰাজধানী ৰংপুৰ-শিৱসাগৰ এতিয়া বিশ্ব ঐতিহ্যৰ স্বীকৃতি লাভৰ দিশে এখোজ আগবাঢ়িছে। ১৯ জুন ২০২৬ত ভাৰতৰ তৰফৰ পৰা এই ঐতিহাসিক ক্ষেত্ৰক বিশ্ব ঐতিহ্যৰ মৰ্যাদাৰ বাবে আনুষ্ঠানিকভাৱে মনোনয়ন দাখিল কৰা হৈছিল। 

ৰংঘৰ, কাৰেংঘৰ, দৌল, পুখুৰী আৰু আহোমসকলৰ অনন্য স্থাপত্য কাৰু-কৌশলৰ অমূল্য নিদৰ্শনেৰে সমৃদ্ধ এই ভূমি কেৱল অসমৰ নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবেই গৌৰৱ।
২০২৪ চনত চৰাইদেউৰ মৈদামে লাভ কৰা বিশ্ব ঐতিহ্যৰ স্বীকৃতিৰ পাছত ৰংপুৰ–শিৱসাগৰক লৈ এই পদক্ষেপে আহোম সভ্যতাৰ গৌৰৱগাথাক বিশ্বৰ সন্মুখত আৰু অধিক উজলাই তুলিব।

চৰাইদেউত আহোম ৰাজবংশৰ স্মৃতি, শিৱসাগৰত তেওঁলোকৰ শাসনৰ গৌৰৱ-- দুয়ো মিলি সমৃদ্ধ কৰি আহিছে অসমৰ আহোম ইতিহাসৰ মহাগাথা। অসমৰ ঐতিহ্যক বিশ্বৰ বুকুত সগৌৰৱে প্ৰতিষ্ঠা কৰাৰ এই ঐতিহাসিক প্ৰচেষ্টাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন জনাইছো।

Narendra Modi Himanta Biswa Sarma
BJP Assam Pradesh CMO Assam

05/09/2026

কাছাৰ জিলাৰ আঠোটা মৰ্চাৰ বিষয়ববীয়াসকলৰ গুৰুত্বপূৰ্ণ সাংগঠনিক সভাত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় ৰাজ্যিক সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা, অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি শ্ৰীযুত ৰাকেশ দাস ডাঙৰীয়া তথা দলৰ জ্যেষ্ঠ নেতৃত্বৰ গৰিমাময় সান্নিধ্যত সভাৰ পূৰ্বে গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত পূৰ্ণাংগ ‘বন্দে মাতৰম্’ পৰিৱেশন কৰা হয়।


BJP Assam Pradesh Dilip Saikia
BJYM Assam BJYM Assam State President
Rakesh Das

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত MBBS অধ্যয়নৰ সুযোগ লাভ কৰা ডিমৌ উষাপুৰৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাএ, শ্ৰী পাৰ্থ ভূঞাৰ আগন্তুক...
04/09/2026

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজত MBBS অধ্যয়নৰ সুযোগ লাভ কৰা ডিমৌ উষাপুৰৰ দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাএ, শ্ৰী পাৰ্থ ভূঞাৰ আগন্তুক ৫ বছৰৰ অধ্যয়নৰ সম্পূৰ্ণ দায়িত্ব বহন কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ডিমৌ বিধানসভা সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত সুশান্ত বৰগোহাঁই ডাঙৰীয়াই ।

ভৱিষ্যতে পাৰ্থ ভূঞা এগৰাকী সু-চিকিৎসক হোৱাৰ লগতে আন ৫ গৰাকী দৰিদ্ৰ পৰিয়ালৰ মেধাৱী ছাত্ৰ-ছাএীৰ শিক্ষাৰ দায়িত্ব লোৱাৰ আশা সন্মানীয় বিধায়কগৰাকীৰ।
Himanta Biswa Sarma Dilip Saikia BJP Assam Pradesh
Sushanta Borgohain Bimal Borah Ranoj Pegu

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা ...
04/09/2026

ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ সন্মানীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰী ৰবীন্দ্ৰ ৰাজু ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

Ravindra Raju

সামাজিক মাধ্যমযোগে এগৰাকী ছাএীৰ অভিযোগ আৰু অনুৰোধৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনোৱাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি মাননীয় মুখ্যমন...
04/09/2026

সামাজিক মাধ্যমযোগে এগৰাকী ছাএীৰ অভিযোগ আৰু অনুৰোধৰ প্ৰতি তাৎক্ষণিক সঁহাৰি জনোৱাৰ ধাৰাবাহিকতা অব্যাহত ৰাখি মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 'জীৱন প্ৰেৰণা' আঁচনিৰ এগৰাকী ছাএীৰ সমস্যাৰ দ্ৰুত সমাধান কৰে।

Himanta Biswa Sarma BJP Sivasagar District
CMO Assam BJYM Assam

গৰ্ভৱতী মহিলাসকলৰ পুষ্টি আৰু সুস্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দি ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ৰ অধীনত অসম চৰকাৰে আগব...
03/09/2026

গৰ্ভৱতী মহিলাসকলৰ পুষ্টি আৰু সুস্বাস্থ্যৰ প্ৰতি বিশেষ গুৰুত্ব দি ‘প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা’ৰ অধীনত অসম চৰকাৰে আগবঢ়াইছে সময়োচিত সহায়।

মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত প্ৰথম ১০০ দিনতে ৭৮,০০০ৰো অধিক গৰ্ভৱতী মহিলাৰ বেংক একাউণ্টলৈ ২৩.২৬ কোটি প্ৰত্যক্ষভাৱে হস্তান্তৰ কৰা হৈছে। মাতৃসকলক সবল কৰি সুস্থ প্ৰজন্ম গঢ়াৰ দিশত এয়া এক উল্লেখযোগ্য পদক্ষেপ।
Himanta Biswa Sarma CMO Assam

অৰ্জুন বঁটাৰে সন্মানিত তথা ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰি প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে ইতিহাস ৰচন...
03/09/2026

অৰ্জুন বঁটাৰে সন্মানিত তথা ১৯৬৬ চনৰ বেংকক এছিয়ান গেমছত স্বৰ্ণ পদক অৰ্জন কৰি প্ৰথমগৰাকী অসমীয়া খেলুৱৈ হিচাপে ইতিহাস ৰচনা কৰা যশস্বী ক্ৰীড়াবিদ আৰু প্ৰশিক্ষক শ্ৰীযুত ভোগেশ্বৰ বৰুৱাদেৱলৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ।


BJP Assam Pradesh BJYM Assam
BJP Sivasagar District

Address

AT Road
Sibsagar

Website

Alerts

Be the first to know and let us send you an email when BJYM Sivasagar Dist posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share