District Animal Husbandry & Veterinary Office, Sivasagar

District Animal Husbandry & Veterinary Office, Sivasagar Animal Husbandry & Veterinary Department, Sivasagar.

Strengthening grassroots veterinary outreach through the “Jan Bhagidari Abhiyan — Sabse Door, Sabse Pehle” campaign, und...
24/05/2026

Strengthening grassroots veterinary outreach through the “Jan Bhagidari Abhiyan — Sabse Door, Sabse Pehle” campaign, under the leadership of Dr. Monalisa Ahmed, Block Veterinary Officer, Block Veterinary Dispensary, Gaurisagar, conducted livestock vaccination, animal healthcare and awareness programmes across Dikhowmukh and Kawaimari Gaon Panchayats from 20th to 22nd May 2026.
Foot and Mouth Disease (FMD) vaccination drives were carried out at Jon Miri Borgaon under Dikhowmukh Gaon Panchayat on 20/05/2026 covering 294 cattle, followed by another vaccination programme at Moglo Pukhuri under Kawaimari Gaon Panchayat on 21/05/2026 covering 290 cattle.
On 22/05/2026, Dr. Ahmed participated in 02 nos. of “Jan Bhagidari Abhiyan” public meetings held at Kawaimari Gaon Panchayat at 10:00 AM and Dikhowmukh Gaon Panchayat at 1:30 PM along with officials from different departments. During the programme at Kawaimari Gaon Panchayat, Aadhaar seeding process for livestock beneficiaries was also carried out. Awareness was created among the public regarding various ongoing schemes and veterinary healthcare initiatives, including:

• FMD Vaccination Round-7 for cattle & buffaloes.
• CSF Vaccination Round-3 for pigs.
• Awareness on African Swine Fever (ASF).
• Kisan Credit Card (KCC) scheme.
• Aadhaar seeding process for livestock beneficiaries.
• Pre-flood preparedness and livestock protection measures.
• MVU (Mobile Veterinary Unit) doorstep veterinary services through toll-free helpline 1962 for treatment, emergency care and advisory support to livestock farmers.

The programme reflects the continued commitment of the Veterinary & Animal Husbandry Department towards strengthening livestock healthcare delivery, farmer awareness and accessible veterinary services at the grassroots level in Sivasagar district.

জন ভাগিদাৰী অভিযান সপ্তাহৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচী ৰমনী গাঁও পঞ্চায়তৰ অন্তৰ্গত চন্তক "মিৰি গাঁওত"  সফলভাৱে ৰূপায়ণ ক...
24/05/2026

জন ভাগিদাৰী অভিযান সপ্তাহৰ অন্তৰ্গত বিভিন্ন কাৰ্যসূচী ৰমনী গাঁও পঞ্চায়তৰ অন্তৰ্গত চন্তক "মিৰি গাঁওত" সফলভাৱে ৰূপায়ণ কৰা হয়। ৰাজ্যিক পশু চিকিৎসালয় চন্তকৰ ভাৰপ্ৰাপ্ত পশু চিকিৎসা বিষয়া (In Charge Veterinary Officer) ডাঃ প্ৰিন্সলীনা বৰা আৰু কৰ্মচাৰীসকলৰ সহযোগত ১৯-০৫-২০২৬ তাৰিখৰ পৰা ২৩-০৫-২০২৬ তাৰিখলৈ বিভিন্ন কাৰ্যসূচী পালন কৰা হয়।

উক্ত কাৰ্যসূচীৰ অন্তৰ্গত এফ.এম.ডি. (FMD) টিকাকৰণ, চি.এছ.এফ. (CSF) টিকাকৰণ, এ.এছ.এফ. (ASF) আৰু কৃত্ৰিম প্ৰজনন (Artificial Insemination) সম্পৰ্কে গাঁওবাসীৰ মাজত সজাগতা সৃষ্টি কৰা হয়। লগতে ৩ খন পোল্ট্ৰী (কুকুৰা) ফাৰ্ম পৰিদৰ্শন কৰি খেতিয়কসকলক বায়’ছিকিউৰিটি ব্যৱস্থা সম্পৰ্কে অৱগত কৰা হয়।

২১-০৫-২০২৬ তাৰিখে এখন স্বাস্থ্য আৰু কৃমিনাশক শিবিৰ (Health & Deworming Camp) অনুষ্ঠিত কৰা হয়, য’ত প্ৰায় ২১৪ টা large animals, ২৫০ টা small animals আৰু হাঁহ-কুকুৰাক প্ৰয়োজনীয় ঔষধ প্ৰদান কৰা হয়। ইয়াৰ উপৰিও গাহৰি পালনকাৰী খেতিয়কসকলৰ মাজত ছ’ডিয়াম হাইপ’ক্ল’ৰাইট (Sodium Hypochlorite) বিতৰণ কৰা হয়।

২৪-০৫-২০২৬ তাৰিখে ডাঃ ক্লিণ্টন পেগুৱে জন ভাগিদাৰী অভিযানৰ সভাত অংশগ্ৰহণ কৰি পশুপালন আৰু পশু চিকিৎসা বিভাগৰ চলি থকা বিভিন্ন আঁচনিৰ বিষয়ে উপস্থিত খেতিয়ক আৰু গাঁওবাসীক অৱগত কৰাৰ লগতে বিভিন্ন গুৰুত্বপূৰ্ণ তথ্য ব্যাখ্যা কৰে।

21/05/2026
Today, 11/05/2026, a Block Level  implementation Committee Meeting for Nazira was organised at the Office of the Co-Dist...
11/05/2026

Today, 11/05/2026, a Block Level implementation Committee Meeting for Nazira was organised at the Office of the Co-District Commissioner, Nazira. The meeting was chaired by Ms. Pratibha Meshram, I.A.S., Co-District Commissioner, Nazira Co-District.
The meeting was attended by the Circle Officer, BDO, village heads, and ward members, who participated actively and gave a very positive response. A presentation on NDLM activities and Aadhaar seeding was delivered by DNO, NDLM, Sivasagar.
The Co-District Commissioner ma’am assured full support in every possible way and instructed village heads and ward members to cooperate for the successful completion of Aadhaar seeding.

A total of 200 dogs were successfully sterilised during a four-month programme conducted at ONGC Sibsagar and ONGC Nazir...
07/05/2026

A total of 200 dogs were successfully sterilised during a four-month programme conducted at ONGC Sibsagar and ONGC Nazira colony,as per the guidelines of the Hon’ble Supreme Court on street dog population control. The programme was sponsored by ONGC Sibsagar in collaboration with Nava Udit Samaj,Sivasagar,and renowned animal activist of Assam, Junali Buragohain of Sakhi NGO, Sibsagar.The surgeries were performed after duty hours by Dr. Prince Boro, Veterinary Officer (M),and Dr. Chayanika Das, Veterinary Officer (H/Q), State Veterinary Hospital, Sibsagar,while maintaining all standard surgical and animal welfare protocols.In addition,anti-rabies vaccination was administered to 300 street dogs during the programme.
Medicines, anaesthesia, surgical equipment,fooding for dogs,lodging arrangements were sponsored and arranged by ONGC Sibsagar.Post-operative care and monitoring of the dogs were carried out by Nava Udit Samaj NGO and Sakhi NGO.All surgeries were performed voluntarily and free of professional charges.

গত ২৫ এপ্ৰিল,২০২৬ তাৰিখে বিশ্ব পশুচিকিৎসা দিৱসৰ লগত সংগতি ৰাখি আমাৰ শিৱসাগৰ জিলাৰ ১০ জন পশুপালন ক্ষেত্ৰখনৰ লগত নিয়োজিত প...
06/05/2026

গত ২৫ এপ্ৰিল,২০২৬ তাৰিখে বিশ্ব পশুচিকিৎসা দিৱসৰ লগত সংগতি ৰাখি আমাৰ শিৱসাগৰ জিলাৰ ১০ জন পশুপালন ক্ষেত্ৰখনৰ লগত নিয়োজিত পশুপালকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰা হৈছিল। তাৰে এজন পশুপালকে তেখেতৰ মনৰ অনুভূতিখিনি লিখিতভাৱে Whats app ত আমাৰ বিভাগক শ্বেয়াৰ কৰিছিলে। আপোনালোকৰ জ্ঞাতাৰ্থে তেখেতৰ অনুভূতিখিনি শ্বেয়াৰ কৰিলো।

যোৱা ২৫ এপ্ৰিল শনিবাৰে শিৱসাগৰ জিলাৰ পৰ্যটক নিৱাসৰ সভাকক্ষত "বিশ্ব পশু চিকিৎসা দিৱস" উদযাপন কৰা হয়। উক্ত অনুষ্ঠানত পশুপালনেৰে সমাজত নিজকে চিনাকি দিবলৈ সক্ষম হোৱা কেইগৰাকী মান উদ্যোগী পশুপালকক সম্বৰ্ধনা জনোৱা হয়। আমিও এই সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই নিজকে পৰম সৌভাগ্যবান বুলি ভাবিছোঁ। কিয়নো বাকী পশুপালক সকলৰ তুলনাত আমি তেনেই নগণ্য। কিন্তু এটা কথা ভাল লাগিছে যে যি সময়ত আমি পশুপালন কৰা দেখি এচাম মানুহে আমাক হাঁহিছিল, চাকৰি- বাকৰি নাপাই গৰু পুহিছে বুলি ইতিকিং কৰিছিল সেই সকলক সগৌৰৱে ক'ব পাৰিম যে আমি আমাৰ এই গৰু কেইজনীৰ (যাক মই লক্ষ্মী জ্ঞান কৰোঁ) কাৰণে বহু গণ্য মান্য ব্যক্তিৰ সন্মুখত সম্বৰ্ধিত হ'বলৈ সক্ষম হৈছো।
আজি আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিয়ে নিজেইটো একো কৰিব নোৱাৰেই আনে কিবা এটা কৰা দেখিলেও এনে কিছুমান টুলুঙা মন্তব্য কৰে যিয়ে কাম এটা কৰিবলৈ ল'লেও মনটো কোঁচ খোৱাইহে দিয়ে।
বৰ্তমান আমাৰ উঠি অহা নৱ প্ৰজন্মই কেৱল চাকৰি নতুবা সহজে ধন ঘটাৰ পিছত দৌৰি থকা পৰিলক্ষিত হয়। কিন্তু আমাৰ ঘৰৰ পথাৰৰ মাটি লাগিলে ছন পৰিয়ে থাকক নহ'লেবা বাহিৰৰ পৰা অহা এচাম খাটি খোৱা লোকে তাত খেতি বাতি কৰি লাখে-লাখে টকা উপাৰ্জন কৰি লৈ যাব পাৰে তথাপিও কিন্তু উঠি অহা চামে কেতিয়াও কষ্ট নকৰে। পঢ়া-শুনা কৰি উচ্চ ডিগ্ৰী লৈ চাকৰি নাপাই ঘৰতে আমন-জিমনকৈ বহি থকাতকৈ যদি কৃষি বা পশুপালন কৰি আমাৰ সমাজখনলৈ এটি সুস্থ বাতাবৰণ, সুজলা - সুফলা, শস্য - শ্যামলা এখন সমাজ গঢ় দিব পাৰে তেন্তে কিমান ভাল হ'ব এবাৰ চিন্তা কৰি চাব লাগে। সকলোৱে যদি চাকৰিৰ পাছত দৌৰি থাকে তেন্তে আমাৰ মাটিবোৰ উছন পৰি এসময়ত আমিহে আনৰ কৰাল গ্ৰাসত পৰিব লাগিব। (কথাষাৰ বুজাই বুজিব)। মই মূল বিষয়বস্তুৰ পৰা আঁতৰি মনলৈ অহা কথাখিনি লিখি পেলালোঁ। এতিয়া আহোঁ মূল কথালৈ
বিশ্ব পশু চিকিৎসা দিৱসৰ দিনা পশুপালক সকলক যেতিয়া সম্বৰ্ধনা জনাইছিল তেতিয়া মোৰ মনত কিন্তু কেইটামান কথাই ক্ৰিয়া কৰি আছিল।সেয়া এনেধৰণৰ -
বিশ্ব পশু চিকিৎসা দিৱসৰ দিনা পশুপালক সকলক যিদৰে সম্বৰ্ধনা জনোৱা হৈছে ঠিক তেনেকৈ পশু চিকিৎসক সকলকো সম্বৰ্ধনা জ্ঞাপন কৰিব লাগে কাৰণ আমাৰ জিলাখনত এনে কিছুমান পশু চিকিৎসক আছে যিয়ে চিকিৎসালয়ৰ চিকিৎসা সেৱা সমাপণ কৰি সৰ্বসাধাৰণ ৰাইজৰ ঘৰলৈ গৈও অমাত জীৱ-জন্তুক শুশ্ৰূষা কৰি সুস্থ কৰি তুলিছে। (যিহেতু সকলো জীৱকে চিকিৎসালয়লৈ নিয়াতো সম্ভৱ নহয়।) কোনোবা চিকিৎসকে বিশালাকাৰ হাতীৰ "DNA" পৰীক্ষা কৰাৰ পৰা আৰম্ভ কৰি দুৰ্গম সাঁকো,বোকা- পানী নেওচি ঘৰ-সংসাৰ, ল'ৰা- ছোৱালী, কাৰোবাৰ অসুস্থ পিতৃ-মাতৃ, সন্তান সম্ভৱা পত্নী,কোনোৱে ঘৰলৈ অহা অতিথিৰ চিন্তাও বাদ দি জীৱ কুলৰ ৰক্ষা আৰু শুশ্ৰূষাত নিজকে নিয়োজিত কৰা পৰিলক্ষিত হৈছে।
পুহমহীয়া ঠেটুৱৈ ধৰা জাৰত আমিবোৰে যেতিয়া লেপ - কম্বলৰ উম লৈ বিচনাত থাকোঁ তেতিয়া কিন্তু এই চিকিৎসক সকলৰ কোনোবা কেইগৰাকীমানে ঘন কুঁৱলী ফালি জীৱ কুলৰ প্ৰাণ ৰক্ষাৰ কাৰণে উঠি পৰি লগাৰ বহু দৃষ্টান্ত আছে। এই চিকিৎসক সকল আমাৰ সমাজৰ প্ৰকৃত যোদ্ধা।কাৰন তেওঁলোকে অমাত জীৱবোৰৰ চকুৰ কাতৰ চাৱনিতে সিহঁতৰ পীড়া নতুবা মৰ্মবেদনা বুজি উঠি চিকিৎসা কৰিব লগা হয়।এই চিকিৎসক সকলক আমি সদায় সন্মানৰ চকুৰে চাব লাগে।
আমাৰ সমাজত এনে কিছুমান লোক আছে যিয়ে চিকিৎসক সকলে চিকিৎসা কৰাৰ পাছত গৃহস্থৰ গাফিলতিৰ ফলত যদি জীৱকুলৰ কিবা হানি বিঘিনি ঘটে তেতিয়া কিন্তু বদনামটো পোনেই চিকিৎসক সকললৈ হে আহে।" ভালদৰে চিকিৎসা কৰিব নাজানে টকা এগাল সৰকাই নিলে এতিয়া আমাৰ প্ৰাণীবোৰৰ জীৱন বচাব নোৱাৰিলে।"কিন্তু তেওঁলোকে যদি জীৱবোৰৰ প্ৰাণ ৰক্ষা কৰে তেতিয়া কিন্তু অমুকজন চিকিৎসকৰ কাৰণে জীৱবোৰৰ প্ৰাণ ৰক্ষা পৰিল বুলি কোৱা মানুহৰ সংখ্যা তেনেই নগণ্য। তেতিয়া ক'ব -"আমি ইহঁতক ভাল কৰিবলৈ কিন্তু কম কষ্ট কৰা নাই। ডাক্তৰে আহি দৰৱ এগাল লিখি ফিজটোহে লৈ যায়।যি কৰিছো সকলো আমিহে কৰিছো। কিন্তু তেনে লোকে কেতিয়াও ভাবি নাচায় যে চিকিৎসক সকলে যদি উপযুক্ত সময়ত সঠিক পৰিমাণত, সঠিক ঔষধ নিদিলেহেঁতেন তেতিয়া জানো আমি আমাৰ জীৱবোৰৰ জীৱন বচাব পাৰিলোঁহেঁতেন।
আমি এই চিকিৎসক সকলৰ কৰ্মৰাজিক ৰাইজৰ আগত দাঙি দেখুৱাব লাগে যাতে নতুনকৈ এই কৰ্মত নিয়োজিত চিকিৎসক সকলৰ কাৰণে তেওঁলোক আদৰ্শ হয়।এই কৰ্মত নতুনকৈ নিয়োজিত হ'বলৈ যোৱা চিকিৎসক সকলে নতুবা অভিভাৱক সকলে যাতে"মই গৰুৰ ডাক্তৰহে মোৰ জানো গুৰুত্ব আছে বা পিতৃ - মাতৃ সকলেও মোৰ সন্তান গৰুৰ ডাক্তৰহে বুলি ভুল ভাবি থাকিব নালাগে।এই চিকিৎসক সকলৰ কাৰণেই আজি আমাৰ দৰে সমগ্ৰ বিশ্বৰে ক্ষুদ্ৰ ক্ষুদ্ৰ পশুপালক সকল সফল হ'ব পাৰিছে।
বিশ্ব পশু চিকিৎসক দিৱসৰ দিনা সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি মোৰ মনলৈ অহা ভাববোৰ এইদৰেই প্ৰকাশ কৰিলোঁ যাতে এই কথাবোৰে কোনোবা সদাশয়ৰ মনত যদি কিবা ভাল চিন্তাৰ উন্মেষ ঘটাই তেন্তে বহু ভাল হ'ব বুলি ভাবিছোঁ।
শেষত কথাবোৰ প্ৰকাশ কৰোঁতে যদি কিবা ভুল ভ্ৰান্তি হৈছে তেন্তে""""গৰু পোহা মানুহৰ চিন্তাও গৰুৰ নিচিনা""""বুলি ভাবি ক্ষমা কৰিব।

01/05/2026
২৫ এপ্ৰিল, ২০২৬ তাৰিখে সমগ্ৰ বিশ্বৰ সৈতে একে সময়তে শিৱসাগৰতো বিশ্ব পশু চিকিৎসা দিৱস, ২০২৬ উদযাপন কৰা হয়। এই অনুষ্ঠান অসম...
27/04/2026

২৫ এপ্ৰিল, ২০২৬ তাৰিখে সমগ্ৰ বিশ্বৰ সৈতে একে সময়তে শিৱসাগৰতো বিশ্ব পশু চিকিৎসা দিৱস, ২০২৬ উদযাপন কৰা হয়। এই অনুষ্ঠান অসম পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থা, শিৱসাগৰ জিলা শাখাৰ উদ্যোগত আৰু শিৱসাগৰ জিলা পশুপালন আৰু পশুচিকিৎসা বিভাগৰ সহযোগত শিৱসাগৰ বৰপুখুৰীৰ পাৰস্থিত জিলা পৰ্যটন নিগমৰ সভাগৃহত অনুষ্ঠিত হয়।

দিনজুৰি চলা কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাহিত্যিক তথা শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সৌমাৰ জ্যোতি মহন্তদেৱ। তেওঁৰ কৃপাময় উপস্থিতিত পশু চিকিৎসকে সমাজৰ উত্থানৰ বাবে লোৱা ভূমিকা সম্পৰ্কে অতি হৃদয়স্পৰ্শী আৰু উৎসাহজনক ভাষণ প্ৰদান কৰে।

বিশ্ব পশু চিকিৎসা দিৱস উদযাপনৰ এই বৰ্ষৰ থিম (Theme) আছিলঃ "পশু চিকিৎসক: খাদ্য আৰু স্বাস্থ্যৰ অভিভাৱক" । এই উপলক্ষে "এক স্বাস্থ্য" ধাৰণাটোৰ ওপৰত পশু চিকিৎসকৰ গুৰুত্বৰ সম্পৰ্কে এখন কাৰিকৰী সত্র অনুষ্ঠিত হয়, য'ত সম্প্ৰসাৰক বক্তা হিচাপে উপস্থিত থাকে , পশু পশুচিকিৎসা বিষয়া, বিচিপিপি ডাঃ মিনাক্ষী কলিতা আৰু গৌৰীসাগৰ খণ্ড পশু পশুচিকিৎসা বিষয়া, ডাঃ মনালিছা বেগম।

দিৱসৰ সৈতে সংহতি ৰাখি অনুষ্ঠিত হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰে মহকুমা পশুপালন আৰু পশুচিকিৎসা বিষয়া ডাঃ ৰাজেন শৰ্মাই।

এই সভাত AAHVSA শিৱসাগৰ শাখাৰ তত্বাৱধানত এক কাৰ্যসূচীৰ আয়োজন কৰা হয়, য'ত দহ গৰাকী প্ৰগতিশীল পশুপালকক সম্বৰ্ধনা জনোৱা হয়।সম্বৰ্ধিত পশুপালকসকলৰ নামসমূহ হ'ল- শ্ৰীমতী বৰ্ণালী বৰুৱা, শ্ৰীমতী ৰাধীকা বৰা দাস, পদুম গিৰি, দিগন্ত কাকতি, নিপেন চেতিয়া, দীপজ্যোতি তামুলী, অনিল বৰুৱা, প্ৰবীণ বৰুৱা,শ্ৰীমতী মিনা খাটনিয়াৰ(সভাপতি,শ্ৰী কৃষ্ণ দুগ্ধ উৎপাদক সমবায় সমিতি, শলগুৰি), শ্ৰী হিৰণ্য গগৈ । তেখেতসকলক একোখনকৈ প্ৰশংসাপত্ৰ লগতে বিহুৱানেৰে সম্বৰ্ধনা জনোৱা হয়।

অসম পশুপালন আৰু পশুচিকিৎসা সেৱা সন্থাৰ কেন্দ্ৰীয় উপসভাপতি তথা অসম পশুচিকিৎসা পৰিষদৰ সদস্য ডাঃ শান্তনু চাংমাইয়ে আঁত ধৰা অনুষ্ঠানত জিলা শাখাৰ সম্পাদক ডাঃ পাৰ্থ প্ৰতিম দিহিঙীয়া, ডাঃ অমৃত তামুলী, প্ৰাক্তন ৰাজ্যিক উপ-সভাপতি, পশুচিকিৎসা বিষয়া, ক্ষেত্র সহায়ক আৰু বিভাগীয় কৰ্মচাৰী সকল উপস্থিত থাকে।

অনুষ্ঠানৰ অন্তত, আজিৰ কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে অসম পশুপালন আৰু পশুচিকিৎসা সেৱা প্ৰাক্তন ৰাজ্যিক উপ-সভাপতি ডাঃ অমৃত তামুলীদেৱে মুখ্য অতিথি, বিশেষ অতিথিসকল, বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰি অনুষ্ঠানৰ সফল সমাপ্তি ঘোষণা কৰে।

Address

Phukan Nagar
Sibsagar
785640

Telephone

+18486025716

Website

Alerts

Be the first to know and let us send you an email when District Animal Husbandry & Veterinary Office, Sivasagar posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to District Animal Husbandry & Veterinary Office, Sivasagar:

Share