Prasanta Gogoi প্ৰশান্ত গগৈ

Prasanta Gogoi প্ৰশান্ত গগৈ Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Prasanta Gogoi প্ৰশান্ত গগৈ, Political organisation, sibsagar, Sibsagar.

সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।
14/04/2021

সমূহ অসমবাসী ৰাইজলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছো ।

দায়িত্ব আৰু দায়ৱদ্ধতাই দিয়া শিক্ষাক কোনোদিনে আওকাণ নকৰি দায়িত্ববোধ পালন কৰিব চেষ্টা কৰি আহিছোঁ । নিজ জন্মভূমিৰ প্ৰতি,নিজ...
05/02/2021

দায়িত্ব আৰু দায়ৱদ্ধতাই দিয়া শিক্ষাক কোনোদিনে আওকাণ নকৰি দায়িত্ববোধ পালন কৰিব চেষ্টা কৰি আহিছোঁ । নিজ জন্মভূমিৰ প্ৰতি,নিজৰ সমাজ খন সুস্থ আৰু সৱল কৰাৰ লক্ষৰে ভাৰতীয় জাতীয় কংগ্ৰেছৰ সংস্পৰ্শলৈ আহিছিলো । এজন কৰ্মী হিচাপে বিগত সময়ছোৱাত দ’লটোৰ উঠান আৰু পতনৰ এই দুয়োটা পৰিস্থিতিৰেই সাক্ষী হৈছো । বিৰোধী দলৰ স্বেচ্ছাচাৰিতা, সাম্প্ৰদায়িক ৰাজনীতি,ধৰ্মীয় গুড়ামী আদিও দেখিছো আৰু সেইবোৰ দেখি শুনি সমাজৰ পৰা তেনেবোৰ আসুৰিক শক্তি নিমূল কৰিবলৈ আমাকো অন্তৰ আত্মাই প্ৰেৰিত কৰে প্ৰতিমুহুতৰ্তে । দলীয় নেতৃত্বৰ সাহসৰে বিভিন্ন বেয়া সময়তো আমাক কাম কৰি যাবলৈ প্ৰেৰণা,শক্তি যোগায় আহিছে ।
সন্মুখত বিধানসভা নিৰ্বাচন সেইয়েহে এই নিৰ্বাচনত #১০৮নং_শিৱসাগৰ_বিধানসভা #সমষ্টিৰ বাবে নিজকে প্ৰক্ষেপ কৰি ৰাইজৰ কাষত, ৰাইজৰ স্বাৰ্থত, উন্নয়নৰ কাম কৰিবৰ বাবে সদাপ্ৰস্তুত হৈ মইয়ো যাতে এগৰাকী ব্যক্তি হ’ব পাৰো তাৰ বাবে আজি দলীয় কাৰ্য্যলয়ত #প্ৰাৰ্থীত্বৰ #আবেদন কৰো ।
মই কথা দিছো ১০৮ নং শিৱসাগৰ বিধানসভা #সমষ্টিবাসীৰ লগতে #মোৰ_জনমভূমিৰ প্ৰতিগৰাকীয়ে আমাৰ ভাষা, সংস্কৃতি, জাতীয়তাবোধৰ স্পন্দন অনুভূত কৰি আমি জীয়াই থাকিব যাতে পাৰো তাৰ বাবে মোৰ চেষ্টা অব্যাহত হৈ থাকিব । জাতিৰ মৰ্মস্থানত আঘাট কৰিব বিচৰা CAAৰ ক্ষেত্ৰত কোনোদিনে কাৰো সৈতে আপোচ নকৰো । CAA কোনোদিনে গ্ৰহণ নকৰো । শিৱসাগৰৰ ঐতিহাসিক জাতীয় চেতনাৰ নৱ উন্মেষণৰ দিন সজোৰে পালন কৰিম । আত্মবিশ্লেষণ আৰু সঠিক অনুসন্ধানেৰে জাতিৰ প্ৰতি থকা কৰ্তব্য অনুধাৱন কৰি সেই কৰ্তব্য আমৃত্যু পালন কৰিবলৈ মই বদ্ধপৰিপক্ক । থলুৱা ক্ষুদ্ৰ উদ্যোগৰে প্ৰতিগৰাকী যুৱক যুৱতী স্বাভলম্বী কৰি তুলিম ।প্ৰতিগৰাকী মহিলা, যুৱতি সন্মান সহকাৰে জীয়াই থাকিব পৰাকৈ প্ৰস্তুত কৰি তুলিম ।
শেষত মোৰ শ্ৰদ্ধাৰ শিৱসাগৰ সমষ্টিবাসী ৰাইজ আপোনালোকৰ আৰ্শীবাদ, সহযোগীতা কামনা কৰিছো । আপোনালোকৰ আৰ্শীবাদ শিৰত লৈ পুনৰ কৈছো আপোনালোকৰ স্বাভিমান ৰক্ষাত মোৰ দায়িত্ব সদায়ে প্ৰথম হৈ থাকিব ।

২৬ জানুৱাৰী কেৱল এটা দিনেই নহয় । এয়া ভাৰতৰ ইতিহাস স্মৰণ কৰাৰ সময় । যিখন দেশত প্ৰজাই দেশৰ সৰ্বোচ্ছ বুলি বিবেচনা হয়, সেই দ...
26/01/2021

২৬ জানুৱাৰী কেৱল এটা দিনেই নহয় । এয়া ভাৰতৰ ইতিহাস স্মৰণ কৰাৰ সময় । যিখন দেশত প্ৰজাই দেশৰ সৰ্বোচ্ছ বুলি বিবেচনা হয়, সেই দেশত গণৰাজ্য দিৱসৰ মহত্ব সদায় আছে আৰু থাকিব ।
সমূহ অসমবাসী ৰাইজলৈ ৭২তম গণতন্ত্ৰ দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

প্রতি চপৰা মাটিতেই ইতিহাসৰ গোন্ধ থকা পৌৰাণিক চহৰখনেই হ’ল শিৱসাগৰ ৷ এই ৰংপুৰৰ বুকুতেই আছে জয়াৰ চিৰস্মৃতি জেৰেঙা পথাৰ ৷ঐতি...
23/01/2021

প্রতি চপৰা মাটিতেই ইতিহাসৰ গোন্ধ থকা পৌৰাণিক চহৰখনেই হ’ল শিৱসাগৰ ৷ এই ৰংপুৰৰ বুকুতেই আছে জয়াৰ চিৰস্মৃতি জেৰেঙা পথাৰ ৷
ঐতিহ্য বিজড়িত এই জেৰেঙা পথাৰখনে প্ৰায় ৩৪০ বছৰ শিৱসাগৰৰ ঐতিহ্যৰ ধ্বজ্জা বহন কৰি আহিছে ।
উল্লেখযোগ্য যে ইতিহাস প্ৰসিদ্ধ এই জেৰেঙা পথাৰলৈ আজি প্ৰধান নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব । প্ৰধানমন্ত্ৰী হিচাপে তেওঁ শিৱসাগৰলৈ আহিছে তেওঁক স্বাগতম কিন্তু মোৰ জন্মঠাই শিৱসাগৰ, ঐতিহ্য বিজড়িত জেৰেঙাৰ নিজেই এজন স্বাভিমানী অসমীয়া যুৱক হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেৱলৈ আমাৰ বহু প্ৰশ্ন আছে ।
জাতি,মাতি ভেটি বুলি কৈ কৈ CAA আইন আনি অসমীয়াৰ অস্তিত্বক জলাঞ্জলি দিব খোজা সেই নৰেন্দ্ৰ মোদী দেৱে সঁচাকৈয়ে জেৰেঙা পথাৰৰ ঐতিহ্য তথা ইতিহাস বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰিব নে ??
শিৱসাগৰৰ এনে এক ঐতিহ্য ক্ষেত্ৰ নিৰ্বাচন কৰি খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আহিব নিশ্চয়কৈ এক ইতিবাচক বাৰ্তা বহন কৰিছে কিন্তু এই ঐতিহাসিক শিৱসাগৰৰ পৰাই তেওঁ কবনে নিবনুৱা সমস্যাৰ সমাধান তথা সংস্হাপনৰ দীৰ্ঘম্যাদী কথা ।
কৃষ্টি-সংস্কৃতিৰ নানা চানেকিৰে উচ্ছাসৰ মাটিত
কল্লোলিত হৈ উঠে জেৰেঙা পথাৰ আৰু এই জেৰেঙা পথাৰৰ পৰাই কবনে নৰেন্দ্ৰ মোদী দেৱে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা ।
বানপানীৰ সময়ত, বান নিয়ন্ত্ৰণৰ বাবে এই জেৰেঙা পথাৰলৈ আহিবলৈ আহৰি নোপোৱা বিজেপিৰ মন্ত্ৰী, বিধায়ক, সাংসদ সকলৰ বিপৰিতে নৰেন্দ্ৰ মোদী দেৱে ক’ব নে জেৰেঙাক বানপানীৰ কৱলৰ পৰা মুক্তি দিয়াৰ ব্যৱস্থা কৰিবলৈ ।
অসম চুক্তিৰ মৰ্মে পোৱা, কংগ্ৰেছ চৰকাৰে গঢ়ি থৈ যোৱা কাগজ কল দুটাৰ পুনৰউজ্জীবিত কৰণৰ বাবে গ’ত দিনত তেওঁৰ চৰকাৰে লোৱা ভুৱা কাৰ্যপন্হাৰ বিপৰিতে মোদী দেৱে লবনে কাগজ কলত নিযোজিত হাজাৰ হাজাৰ কৰ্মচাৰীৰ জীৱনৰ দায়িত্ব ।
অসমীয়াৰ স্বাভীমান, নিবনুৱা সমস্যা, বানপানীৰ সমস্যা, উদ্যোগ পুনউজ্জিবিত কৰণ, থলুৱা উদ্যোগ, শিল্পক যদি অসমৰ বুকুত সহৃদয়তাৰে তুলি দিব নোৱাৰে তেন্তে জেৰেঙা পথাৰত পুনৰ চকুলোৰ ঢল নোৱোবাব ।

শিৱসাগৰ জিলা NSUIৰ কাৰ্য্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হোৱা কৃষ্ণ ফুকনলৈ শুভেচ্ছা জ্ঞাপন কৰিছো ।
01/01/2021

শিৱসাগৰ জিলা NSUIৰ কাৰ্য্যকৰী সভাপতি হিচাপে নিৰ্বাচিত হোৱা কৃষ্ণ ফুকনলৈ শুভেচ্ছা জ্ঞাপন কৰিছো ।

নতুন বছৰটিয়ে সকলোলৈ লৈ আনক অনেক সুখ আৰু আনন্দৰ বতৰা ৷ জাতি- জনজাতি, কৃষ্টি-সংস্কৃতিৰে ভৰপুৰ অসমখনিত শান্তি সম্প্ৰীতি সদ...
31/12/2020

নতুন বছৰটিয়ে সকলোলৈ লৈ আনক অনেক সুখ আৰু আনন্দৰ বতৰা ৷ জাতি- জনজাতি, কৃষ্টি-সংস্কৃতিৰে ভৰপুৰ অসমখনিত শান্তি সম্প্ৰীতি সদায়ে অতুত থাকক তাৰ কামনাৰে সমূহ অসমবাসী ৰাইজলৈ ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

সদ্যঘোষিত  োকসেৱা_আয়োগৰ পৰিক্ষাত ৪২ সংখ্যক স্হান আজুৰি আনি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা শিৱসাগৰৰ পুৰণা চক বজাৰৰ  #সুনম_দাস ...
29/12/2020

সদ্যঘোষিত োকসেৱা_আয়োগৰ পৰিক্ষাত ৪২ সংখ্যক স্হান আজুৰি আনি শিৱসাগৰলৈ গৌৰৱ কঢ়িয়াই অনা শিৱসাগৰৰ পুৰণা চক বজাৰৰ #সুনম_দাস ক আজি #শুভেচ্ছা আৰু #অভিনন্দন জনাওঁ ।
আমাৰ আশা সুনমে নিজৰ কৰ্ম যাত্ৰাৰ জৰিয়তে শিৱসাগৰ জিলাখনক নতুন মাত্ৰা প্ৰদান কৰিব ।

শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ মাননীয়  #সভাপতি  #সুশান্ত_বৰগোহাঁই দেৱৰ উপস্থিতিত আজি শিৱসাগৰৰ ৰাজীৱ ভৱনত শিৱসাগৰ জিলা কংগ্ৰ...
28/12/2020

শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ মাননীয় #সভাপতি #সুশান্ত_বৰগোহাঁই দেৱৰ উপস্থিতিত আজি শিৱসাগৰৰ ৰাজীৱ ভৱনত শিৱসাগৰ জিলা কংগ্ৰেছ কমিটিৰ উদ্যোগত #ভাৰতীয় #জাতীয় #কংগ্ৰেছৰ #১৩৬ সংখ্যক #প্ৰতিস্থা #দিৱসৰ কাৰ্যসূচী ৰূপায়ন কৰো । মহামানৱ মহাত্মা গান্ধীজীৰ লগতে যিকেইগৰাকী মহান ব্যক্তিৰ সান্নিধ্যৰে কংগ্ৰেছক মহিয়ান কৰি গ’ল তেখেতসকলক শ্ৰদ্ধাৰে সুৱৰি #একতা_সদ্ভাৱনাৰ_সংকল্প লওঁ ।

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ১৩৬ তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সকলো নিষ্ঠাবান কংগ্ৰেছ কৰ্মী লৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্...
28/12/2020

ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ ১৩৬ তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে সকলো নিষ্ঠাবান কংগ্ৰেছ কৰ্মী লৈ আন্তৰিক শুভেচ্ছা তথা অভিনন্দন জ্ঞাপন কৰিছো ৷ সেইসকল বৰেণ্য ব্যক্তিক শ্ৰদ্ধাৰে সুঁৱৰিছো যাৰ প্ৰাণ পৰশেৰে ভাৰতীয় জাতীয় কংগ্ৰেছে পূৰ্ণতা পাইছিল ।

 #সমূহ অসমবাসীলৈ ৰাইজলৈ পবিত্ৰ  #বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।
24/12/2020

#সমূহ অসমবাসীলৈ ৰাইজলৈ পবিত্ৰ #বৰদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ ।

 #বাকী_ফাঁকিৰ_বিজেপি_চৰকাৰদেশৰ মৌলিক সমস্যা দৰিদ্ৰতা, শিক্ষা, বিজুলী, খোৱাপানী, খাদ্যবস্তুৰ মূল্যবৃদ্ধি, ইন্ধনৰ নাটনি, শ...
22/12/2020

#বাকী_ফাঁকিৰ_বিজেপি_চৰকাৰ
দেশৰ মৌলিক সমস্যা দৰিদ্ৰতা, শিক্ষা, বিজুলী, খোৱাপানী, খাদ্যবস্তুৰ মূল্যবৃদ্ধি, ইন্ধনৰ নাটনি, শক্তি খণ্ডৰ সমস্যা, প্ৰাকৃতিক সম্পদৰ সু-ব্যৱস্থাপনা, ব্যৱহাৰ আদিৰ কথা বতৰাত আজি বিজেপ চৰকাৰখনে মনেপ্ৰাণে গুৰুত্ব দিব লাগিছিল কিন্তু সেইয়া প্ৰচাৰতে শেষ । চৰকাৰী সংস্থা সমূহৰ কাৰ্যকুশল ব্যৱহাৰ, সৰ্বস্তৰৰ পৰা দুৰ্নীতি উৎখাতৰ বাবে শক্তিশালী পদক্ষেপ, কৰ আহৰণক কুশল কৰা, সকলোৰে বাবে দ্ৰুত ন্যায় ব্যৱস্থা, পুলিচ প্ৰশাসনক ৰাইজৰ অভিযোগৰ প্ৰতি সহাঁৰি দিবলৈ বাধ্য কৰোৱা আদি সাৰ্বজনীন প্ৰয়োজনক অগ্ৰাধিকাৰ দিয়াৰ সলনি বিজেপি চৰকাৰে কেৱল স্বজনপ্ৰীতিত গুৰুত্ব দিলে । ৰাজহুৱা সম্পদৰ লুণ্ঠন, কৰ্পৰেট জগতত মন'পলি ব্যৱস্থাৰে মেডিয়া, তথ্য আহৰণ, বিশ্লেষণ, প্ৰচাৰৰ জৰিয়তে বজাৰ নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰতো বাহি অহা কৰ্পৰেট দপদপনিক নিয়ন্ত্ৰণ নকৰি কৰ্পৰেট গোষ্টিৰ ওচৰত হৰণ ললে মোডী দেৱে । সাধাৰণ মানুহৰ জীৱন সহজ কৰি তুলিব পৰা, ভৱিষ্যত উজ্জ্বল কৰি তুলিবলৈ সকলোৱে নিজা মেধা-প্ৰতিভাৰ কৰ্ষণ কৰিব পৰা শান্তি-সম্প্ৰীতিৰ পৰিবেশ উপহাৰ দিব লাগিছিল কিন্তু তাৰ সলনি ধৰ্ম কেন্দ্ৰীক এটা এটা ব্যৱস্থাৰ জৰিয়তে পৰিবেশ বিনষ্ট কৰাহে দেখা গ’ল ।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা প্ৰয়াত তৰুণ গগৈ দেৱৰ স্মৃতিত " শান্তি সদ্ভাৱনা যাত্ৰা" আৰু চিতাভস্ম বিসৰ্জন কাৰ্যসূচী ...
12/12/2020

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জননেতা প্ৰয়াত তৰুণ গগৈ দেৱৰ স্মৃতিত " শান্তি সদ্ভাৱনা যাত্ৰা" আৰু চিতাভস্ম বিসৰ্জন কাৰ্যসূচী আজি শিৱসাগৰত অনুস্হিত কৰা হয় । ৰীতি-নীতিৰে আজি শিৱসাগৰবাসী ৰাইজে সদ্যপ্ৰয়াত শ্ৰদ্ধাৰ তৰুণ গগৈ দেৱক শ্ৰদ্ধাঞ্জলি জনাই । তৰুণ গগৈ দেৱৰ পুত্ৰ সাংসদ গৌৰৱ গগৈ দেৱৰ সহিতে আমি শিৱসাগৰ দিখৌ নদীৰ ঘাটত তৰুণ গগৈ দেৱৰ চিতাভস্ম বিসৰ্জন দিও ।

Address

Sibsagar
Sibsagar
785640

Website

Alerts

Be the first to know and let us send you an email when Prasanta Gogoi প্ৰশান্ত গগৈ posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share