23/06/2024
২৩ জুন বলিদান দিৱস ৷
সাৰ্বভৌম ভাৰতৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী নেতা ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ ১৯০১ চনৰ ৬ জুলাইত কলকাতাৰ এক অভিজাত্য পৰিয়ালত জন্ম গ্ৰহণ হৈছিল। আশুতোষ মুখোপধ্যায়(মুখাৰ্জী) আৰু যোগমায়া দেৱীৰ দ্বিতীয় পুত্ৰ ড০ শ্যামা প্ৰসাদ মুখাৰ্জী একেধাৰে
শিক্ষাবিদ, চিন্তাবিদ, ৰাজনীতিবিদ,মানৱতাবাদী সর্বোপৰি ৰাষ্ট্ৰীয় ঐক্য অখণ্ডতাৰ প্ৰচাৰক আছিল।
ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱে জীৱন কালত নিজৰ দেশ তথা সমাজৰ প্ৰতি ত্যাগৰ সৰ্বোচ্চ বলিদান দি আগবঢ়াই থৈ মহান অৱদান সমগ্র বিশ্বতে অতিকৈ বিৰল।
তদানীন্তন প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ড০ শ্যামা প্ৰসাদ মুখাৰ্জী দেৱক অন্তৱৰ্তীকালীন কেন্দ্ৰীয় চৰকাৰত উদ্যোগ আৰু যোগান মন্ত্ৰী হিচাপে অন্তৰ্ভুক্ত কৰিছিল। বিশেষ কাৰণত জৱাহৰলাল নেহেৰুৰ সৈতে মতানৈক্য ঘটাত ১৯৫০ চনৰ ৬ এপ্ৰিলত ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱে নেহেৰুৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। ১৯৫১ চনৰ ২১ অক্টোবৰত তেখেতে আৰ এছ এছৰ সংঘচালক শ্ৰী গোলৱালকাৰৰ পৰামৰ্শ অনুসৰি দিল্লীত ভাৰতীয় জনসংঘ প্ৰতিষ্ঠা কৰে আৰু দলটোৰ প্ৰতিষ্ঠাপক সভাপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ নেতৃত্বত ভাৰতীয় জনসংঘই ১৯৫২ চনত প্ৰথমটো নিৰ্বাচনত অংশগ্ৰহণ কৰি ৩ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল।
ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পিছত কংগ্ৰেছ দলৰ আশীৰ্বাদত জন্মু কাশ্মীৰে বিশেষ মৰ্যদা লাভ কৰিছিল। সেই সময়ত কাশ্মীৰক ভাৰতবৰ্ষৰ ভিতৰত ধৰা হৈছিল যদিও ৰাজ্যখনৰ বাবে পৃথক সংবিধান, পৃথক শাসক আৰু পৃথক পতাকা আছিল। কংগ্ৰেছৰ সিদ্ধান্ত অনুসৰি, কাশ্মীৰৰ শাসকৰ অনুমতি লাভ কৰিলেহে ৰাজ্য খনত প্ৰৱেশ কৰিব পাৰিছিল। ভাৰতীয় সংবিধানৰ কোনো আইন আদি কাশ্মীৰত প্ৰযোজ্য নহৈছিল। অৰ্থাৎ কংগ্ৰেছ দলৰ অত্যাধিক উদাৰতাই কাশ্মীৰক বিশেষ ৰাজ্যৰ মৰ্যাদা দিছিল। কিন্তু ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱে জাতীয় কংগ্ৰেছৰ এনে পদক্ষেপৰ তীব্ৰ বিৰোধিতা কৰিছিল। কংগ্ৰেছ চৰকাৰৰ এনে উদাৰ মনোভাৱক বিৰোধ কৰি তেখেতে কৈছিল "এক দেশ মে দো বিধান, দো প্ৰধান আৰু দো নিশান নাহি চলঙ্গে" অৰ্থাৎ "এখন দেশত দুখন সংবিধান, দুজন প্ৰধান আৰু দুখন পতাকা থাকিব নোৱাৰে"। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱে জন্মু- কাশ্মীৰ সন্দৰ্ভত কংগ্ৰেছ দলৰ সম্পূৰ্ণ বিপৰীত স্থিতিত অৱস্থান কৰিছিল। কংগ্ৰেছৰ চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ জনাই ১৯৫৩ চনত ড০ শ্যামা প্ৰসাদ মুখাৰ্জী কাশ্মীৰলৈ ভ্ৰমণ কৰিছিল যদিও তেখেতক কাশ্মীৰত প্ৰবেশৰ অনুমতি দিয়া নাছিল। ১৯৫৩ চনৰ ১১ মেত কাশ্মীৰ সীমান্তৰ পৰা ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱক গ্ৰেপ্তাৰ কৰি জৰাজীৰ্ণ কাৰাগাৰলৈ নিক্ষেপ কৰা হৈছিল। ইয়াৰ পিছতেই তেখেতৰ স্বাস্থ্য ভাঙি পৰিছিল আৰু গ্ৰেপ্তাৰ হোৱা প্ৰায় ডেৰ মাহৰ পিছত তেখেতক চিকিৎসকৰ ওচৰলৈ নিয়া হৈছিল। এনেদৰে থকাৰ পিছত অৱশেষত ১৯৫৩ চনৰ ২৩ জুনত ৰহস্যজনক ভাৱে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ মৃত্যু হয়। মৃত্যুৰ পিছত তেখেতৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষা কৰিবলৈ নিৰ্দেশ দিয়া নাছিল। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ
মৃত্যুৱে সমগ্ৰ দেশতে ব্যাপক সন্দেহৰ সৃষ্টি কৰে আৰু সকলোৱে ইয়াৰ তদন্তৰ দাবী উত্থাপন কৰে, তেখেতৰ মাতৃ যোগময়া দেৱীয়ে সেই সময়ৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুক মৃত্যুৰ তদন্ত কৰিবলৈ অনুৰোধ জনাইছিল। কিন্তু ইয়াৰ প্ৰত্যুত্তৰত নেহৰুৱে কৈছিল যে মুখাৰ্জীৰ মৃত্যুৰ আঁৰত কোনো ৰহস্য নাছিল। এই মৃত্যু স্বাভাৱিক আছিল। এনেদৰেই আমি এজন প্ৰখৰ ৰাষ্ট্ৰীয়তাবাদী নেতাক আমাৰ মাজৰ পৰা হেৰুৱালোঁ।
দেশৰ অখণ্ডতাৰ খাতিৰত মুখাৰ্জীদেৱে কেন্দ্ৰীয় মন্ত্ৰীৰ দৰে পদবী ত্যাগ কৰাৰ লগতে নিজৰ সৰ্বোচ্চ বলিদান দিয়াই নহয়, দেশৰ অখণ্ডতাৰ আন্দোলন যাতে দেশব্যাপী আৰু অধিক ফলপ্ৰসূ হয় তাৰ বাবে জীৱনৰ অন্তিম ক্ষণলৈকে অহোপুৰুষাৰ্থ চেষ্টা অব্যাহত ৰাখিছিল। দুখৰ কথা যে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ অতুল্য দেশপ্ৰেম আৰু সৰ্বোচ্চ বলিদান এক দুষ্ট চক্রই জনসাধাৰণৰ চকুৰ পৰা আঁতৰত ৰাখিছিল। অৱশেষত ২০১৪ চনত ভাৰতীয় জনতা পাৰ্টিয়ে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল। নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ সৰ্বোচ্চ ত্যাগক দেশবাসীৰ দৃষ্টিগোচৰ কৰিছিল। ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ ত্যাগ আৰু অগাধ দেশ প্ৰেমক সন্মান জনাই কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনৰ পৰা তেখেতৰ মৃত্যু দিন ২৩ জুনক সমগ্ৰ দেশতে বলিদান দিৱস হিচাপে পালন কৰাৰ সিধান্ত লৈছিল।
২০১৯ চনত ভাৰতীয় জনতা পাৰ্টী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ নং অনুচ্ছেদ ,৩৫ ক বাতিল কৰি জম্মু কাশ্মীৰৰ পৰা বিশেষ ৰাজ্যৰ মৰ্য্যাদা কৰ্তন কৰিছিল। তেতিয়াৰ পৰা সমগ্ৰ দেশত এক সংবিধান, এক ৰাষ্ট্ৰ প্ৰধান, এক পতাকাই বাস্তৱ ৰূপ পাইছিল। আৰু ড০ শ্যামা প্ৰসাদ মুখাৰ্জীদেৱৰ মহান বলিদান সাৰ্থক হৈছিল।