12/12/2025
✨ সাপটগ্ৰাম পৌৰসভাৰ জাৱৰ নিষ্কাশন প্রকল্পৰ শিলান্যাস ✨
তাৰিখ: ১২ ডিচেম্বৰ, ২০২৫ ইং
আজি সাপটগ্ৰাম পৌৰসভাত Solid Waste Management Plant আৰু MRF Centre (Material Recovery Facility)-ৰ শিলান্যাস কাৰ্য সম্পন্ন হয়। MRF প্ৰকল্পৰ জৰিয়তে জাৱৰৰ পৰা কাগজ, প্লাষ্টিক, আইনা, ধাতু আদি পুনৰ্ব্যৱহাৰযোগ্য বস্তুবোৰ পৃথক কৰা হ'ব। লগতে ‘Waste to Compost’ প্ৰকল্পৰ মাধ্যমে জৈৱিক জাৱৰৰ পৰা পচন প্ৰক্ৰিয়াতেই মাটিৰ উৰ্বৰতা বৃদ্ধি কৰিব পৰা পচন-সাৰ (Compost) উৎপাদন কৰা হ'ব।
এই দুয়ো প্ৰকল্পই পৰিবেশ দুষণ হ্ৰাস, জাৱৰ ব্যৱস্থাপনাৰ উন্নতি আৰু এটা পৰিচ্ছন্ন নগৰ গঠনত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব।
এই গুৰুত্বপূর্ণ শিলান্যাস অনুষ্ঠানত উপস্থিত আছিল—
শ্ৰীমতী মালা মণ্ডল, পৌৰপতি, সাপটগ্ৰাম পৌৰসভা
শ্ৰী নয়ন জ্যোতি ঠাকুৰীয়া, কাৰ্যবাহী বিষয়া
শ্ৰী পংকজ দাস, উপ-পৌৰপতি
শ্ৰীমতী সোমা মণ্ডল, ৱাৰ্ড আয়ুক্ত
শ্ৰী ৰাইচুল আলম হুছেইন, নগৰ প্ৰকল্প বিষয়া
আৰু লগতে অন্যান্য বিশিষ্ট ব্যক্তি-বর্গ।
📍 স্থান: সাপটগ্ৰাম, ৮ নং ৱাৰ্ড, ধুবুৰী, অসম।
Swachh Bharat Mission Urban, Assam
Jayanta Mallabaruah