Sadiya- The Land of Rising Sun of Assam

Sadiya- The Land of Rising Sun of Assam Lets explore into Sadiya's eternal beauty..! Its cultures and all its habitation..!

Sadiya is one of the three sub-divisions of Tinsukia district of the North-eastern Indian state of Assam. It is located at the eastern most part of the state Assam and is the land of rising sun of Assam. It is a place with a mixer of different communities with Assamese as the main community, beyond that their lives communities such as Ahoms, Chutiyas, Kacharis, Misings, Deories, Nepalies, Khamties

etc. Sadiya stands on a grassy plain, nearly surrounded by forested Himalaya Mountains, on one side and is surrounded by rivers from all the other three sides. Sadiya is considered by some people as the widest river point in the world at the point of creation of mighty river Brahmaputra with the joining of three rivers namely—Dihong River (Tsangpo in Tibet, Siang in Arunachal Pradesh which is the main stream of the river Brahmaputra), Dibang River, and Lohit River. Since it is surrounded by rivers from three sides, it is totally separated from the other parts of Assam.

01/06/2026

✨🙏 মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি শদিয়াৰ জাতীয় বিদ্যালয়ত ভক্তিভাৱে নাম-প্ৰসঙ্গৰ আয়োজন কৰা হয়। নাম-কীৰ্তনৰ মাজেৰে মহাপুৰুষজনৰ আদৰ্শ আৰু ভক্তিধাৰাক সশ্ৰদ্ধ স্মৰণ কৰা হয়। 🙏✨
🪔📖 "হৰি নামেই জীৱনৰ মুক্তিৰ পথ" 📖🪔

31/05/2026

শদিয়াৰ ডিক্ৰং গাওঁৰ দৃশ্য , হাতী মানুহৰ সংঘাত - খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ নিশাৰ ভাগত শদিয়াৰ নৈ পৰীয়া গাওঁ সমূহত দেখা দিয়া হাতী মানুহৰ সংঘাতৰ এক দৃশ্য । বৰ্তমান সময়ত শদিয়াৰ নৈ পৰীয়া কৃষক ৰাইজে মাকৈ লগতে বিভিন্ন খৰিফ শস্য উৎপাদন কৰাৰ বতৰত এনেদৰেই হাতী - মানুহৰ সংঘাতৰ দৃশ্য দেখা পোৱা যায় ।

🚨 শদিয়া সম-জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ📍কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত ASF ধৰা পৰাৰ পিছতে জিলা প্ৰশাসনৰ জৰুৰ...
28/05/2026

🚨 শদিয়া সম-জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ
📍কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত ASF ধৰা পৰাৰ পিছতে জিলা প্ৰশাসনৰ জৰুৰী ব্যৱস্থা গ্ৰহণ।
🐖 ১ কিঃমিঃ এলেকা সংক্ৰমিত অঞ্চল আৰু ১০ কিঃমিঃ এলেকা নিৰীক্ষণ অঞ্চল ঘোষণা।
⛔ ৩০ দিনলৈ গাহৰিৰ মাংস বিক্ৰী আৰু পৰিবহণ সম্পূৰ্ণ নিষিদ্ধ।
⚠️ ৰাইজক আতংকিত নহ’বলৈ আৰু প্ৰশাসনক সহযোগিতা আগবঢ়াবলৈ আহ্বান।

*শদিয়া সম-জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ- জিলা প্ৰশাসনৰ দ্বাৰা জৰুৰী ব্যৱস্থা গ্ৰহণ।*তিনিচুকীয়া, ২৭ মেঃ তিনিচ...
28/05/2026

*শদিয়া সম-জিলাত আফ্ৰিকান ছোৱাইন ফিভাৰৰ প্ৰাদুৰ্ভাৱ- জিলা প্ৰশাসনৰ দ্বাৰা জৰুৰী ব্যৱস্থা গ্ৰহণ।*
তিনিচুকীয়া, ২৭ মেঃ তিনিচুকীয়াৰ শদিয়া সম-জিলাৰ কাকপথাৰৰ উত্তৰ ৰংপুৰীয়া গাঁৱত আফ্ৰিকান ছোৱাইন ফিভাৰ (ASF) ধৰা পৰাৰ পিছত জিলা প্ৰশাসনে তৎকালীনভাৱে ৰোগ নিয়ন্ত্ৰণৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। জিলা আয়ুক্ত তথা জিলা দণ্ডাধীশ সুমিত ছাত্তাৱানে আজি এই সন্দৰ্ভত দুৰ্যোগ ব্যৱস্থাপনা আইন, ২০০৫ৰ অধীনত এক আদেশ জাৰি কৰি কেতবোৰ নিষেধাজ্ঞা আৰোপ কৰিছে। এই নিষেধাজ্ঞা অনুসৰি শদিয়া সমজিলাৰ উত্তৰ ৰংপুৰীয়া গাঁৱক আফ্ৰিকান চোৱাইন ফিভাৰৰ কেন্দ্ৰস্থল হিচাপে বিবেচনা কৰি অঞ্চলটোৰ ১ কিঃমিঃ ব্যাসাৰ্ধ এলেকাক সংক্ৰমিত এলেকা আৰু ১০ কিঃমিঃ ব্যাসাৰ্ধ পৰ্যন্ত এলেকাক নিৰীক্ষণ এলেকা হিচাপে ঘোষণা কৰা হৈছে। ৰাষ্ট্ৰীয় কাৰ্য পৰিকল্পনা অনুসৰি অহা ২৭, ২৮ আৰু ২৯ মে' তাৰিখে সংক্ৰমিত অঞ্চলত গাহৰি কালিং কৰা হ'ব। এই প্ৰক্ৰিয়া পশুপালন আৰু পশু চিকিৎসা বিভাগৰ বিষয়াৰ উপস্থিতিত সম্পন্ন কৰা হ'ব আৰু সম্পূৰ্ণ তথ্য সংৰক্ষণ কৰা হ'ব। এই নিষেধাজ্ঞা ৩০ দিনৰ বাবে প্ৰযোজ্য হব আৰু উক্ত সময়ছোৱাত
শদিয়া সম-জিলাৰ সকলো গাহৰিৰ মাংসৰ দোকান বন্ধ থাকিব।শদিয়াৰ পৰা অন্য জিলা তথা অৰুণাচল প্ৰদেশলৈ গাহৰি মাংস অথবা গাহৰিৰ মাংসৰ সামগ্ৰীৰ প্ৰেৰণ সম্পূৰ্ণ নিষিদ্ধ কৰা হৈছে। আনহাতে দোকান বা বজাৰত গাহৰিৰ মাংসৰ বিক্ৰীও নিষিদ্ধ কৰা হৈছে। উল্লেখযোগ্য যে, এই ৰোগবিধ মানুহ গালৈ নিবিয়পে, কিন্তু গাহৰিৰ বাবে অতি সংক্ৰামক আৰু মাৰাত্মক। সেয়ে ৰাইজক আতংকিত নহ'বলৈ আৰু এই ৰোগ প্ৰতিৰোধৰ বাবে প্ৰশাসনক সহায়-সহযোগিতা আগবঢ়াবলৈ আহ্বান জনোৱা হৈছে। আনহাতে কোনো ব্যক্তিয়ে এই আদেশ উলংঘা কৰিলে ভাৰতীয় ন্যায় সংহিতাৰ ধাৰা ২২৩ৰ অধীনত আইনী ব্যৱস্থা লোৱা হ'ব। ইয়াৰোপৰি ৰাইজে এই ক্ষেত্ৰত শুপালন বিভাগৰ হেল্পলাইন নম্বৰ ১৯৬২ আৰু জিলা নিয়ন্ত্ৰণ কক্ষৰ নম্বৰ ০৩৭৪-২৩৩১০০০ ত যোগাযোগ কৰিব পাৰিব।
*জিলা তথ্য আৰু জনসংযোগ বিভাগ,
তিনিচুকীয়া*

PRESS RELEASEশদিয়া সম-জিলাত সফলতাৰে সম্পন্ন "জন ভাগীদাৰী–চবসে দূৰ, চবসে পেহলে" শীৰ্ষক কাৰ্যসূচী।   শদিয়া ২৫ মেঃ ভাৰত চৰক...
25/05/2026

PRESS RELEASE
শদিয়া সম-জিলাত সফলতাৰে সম্পন্ন "জন ভাগীদাৰী–চবসে দূৰ, চবসে পেহলে" শীৰ্ষক কাৰ্যসূচী। শদিয়া ২৫ মেঃ ভাৰত চৰকাৰৰ জনজাতি পৰিক্ৰমা মন্ত্ৰালয়ে জনজাতীয় লোকসকলৰ কল্যাণাৰ্থে ১৮ মে'ৰ পৰা ২৫ মে'লৈকে আয়োজন কৰা “জন ভাগীদাৰী–চবসে দূৰ, চবসে পেহলে" শীৰ্ষক কাৰ্যসূচী আজি শদিয়া সম-জিলাত সফলতাৰে সম্পন্ন হয়। তিনিচুকীয়া জিলাৰ শদিয়া আৰু চৈখোৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৩৫ খন জনজাতীয় গাওঁত এই কাৰ্যসূচীৰ অধীনত চৰকাৰী জনকল্যাণমূলক সেৱা তথা আঁচনি সন্দৰ্ভত সজাগতা আৰু বিভিন্ন চৰকাৰী সেৱা প্ৰদানৰ শিবিৰ আয়োজন কৰা হয়। তৃণমূল পৰ্যায়ৰ শাসন ব্যৱস্থা শক্তিশালী কৰা, চৰকাৰী আঁচনিৰ সজাগতা বৃদ্ধি, হিতাধিকাৰী সম্পৃক্তকৰণ আৰু জনজাতীয় ৰাইজৰ সমস্যা সমাধান কৰাই আছিল এই অভিযানৰ মূল উদ্দেশ্য। সমগ্ৰ দেশৰ লগতে তিনিচুকীয়া জিলাতো ১৮ মে'ত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে জিলা আয়ুক্ত সুমিত ছাত্তাৱানে। ইয়াৰ পাছতে ১৯ মে’ত সম জিলাখনৰ ২খন উন্নয়ন খণ্ডত স্বাস্থ্য বিভাগৰ সহযোগত স্বাস্থ্য শিবিৰৰ আয়োজন কৰা হয়। যোগ্য হিতাধিকাৰীক আয়ুষ্মান কাৰ্ড প্ৰদান আৰু ঘৰে ঘৰে গৈ আঁচনিৰ নথি-পত্ৰৰ সহায় আগবঢ়োৱা হয়। ২০ মে’ত বিভিন্ন জনজাতীয় গাঁৱত ‘ট্ৰেন্সেক্ট ৱাক' ৰ আয়োজন কৰা হয়। এই কাৰ্যসূচীৰ মূল লক্ষ্য আছিল ভিতৰুৱা জনজাতীয় এলেকাত চৰকাৰী কল্যাণকামী আঁচনিৰ বিষয়ে সজাগতা সৃষ্টি কৰা আৰু প্ৰতিগৰাকী প্ৰকৃত হিতাধিকাৰীক ইয়াৰ আওঁতালৈ অনা। এই বিশেষ অভিযানৰ অংশস্বৰূপ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াসকলে স্থানীয় জনজাতীয় বসতিস্থলসমূহলৈ খোজ কাঢ়ি গৈ ‘ট্ৰেন্সেক্ট ৱাক’ কৰে আৰু ৰাইজৰ জীৱন-ধাৰণৰ মানদণ্ড তথা মৌলিক অভাৱ-অভিযোগসমূহ প্ৰত্যক্ষভাৱে পৰিদৰ্শন কৰে। উক্ত কাৰ্যসূচীত কৃষি, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, পশুপালন আৰু পশু চিকিৎসা, জনস্বাস্থ্য-কাৰিকৰী, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ লগতে অন্যান্য বিভিন্ন বিভাগৰ প্ৰতিনিধি আৰু বিষয়াসকলে উপস্থিত থাকে। বিভাগীয় বিষয়াসকলে স্থানীয় ৰাইজৰ সৈতে পোনপটীয়া মতবিনিময়ত মিলিত হৈ চৰকাৰৰ বিভিন্ন হিতাধিকাৰীমুখী সেৱা, প্ৰাপ্য অধিকাৰ আৰু উন্নয়নমূলক পদক্ষেপসমূহ সৰল ভাষাত আলোকপাত কৰে। ২১ মে’ৰ পৰা ২৩ মে’লৈ বিভিন্ন খণ্ডত জন শুনানি অনুষ্ঠিত হয়। এই জন শুনানিত ৰাইজে উপস্থিত বিভিন্ন বিভাগৰ বিষয়াসকলৰ আগত তেওঁলোকৰ অভাৱ অভিযোগসমূহ উত্থাপন কৰে। বিভাগীয় প্ৰতিনিধিসকলে স্থানীয় ৰাইজে উত্থাপন কৰা বিভিন্ন সমস্যা আৰু অভাৱ-অভিযোগসমূহ লিখিতভাৱে নথিভুক্ত কৰে, যাতে পৰৱৰ্তী সময়ত সেই সমস্যা তথা অভাৱ অভিযোগৰ ক্ষীপ্ৰ সমাধান আৰু প্ৰয়োজনীয় ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়। উল্লেখযোগ্য যে, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, কৃষি, স্বাস্থ্য, পশুপালন, জনস্বাস্থ্য কাৰিকৰী, ৰাজহ, বন, খাদ্য আৰু যোগান, শিক্ষা, উদ্যোগ, শক্তি আদি বিভাগে সক্ৰিয়ভাৱে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ৰাইজক আঁচনিৰ যোগ্যতা, আবেদন প্ৰক্ৰিয়া আৰু সুবিধাৰ বিষয়ে বেনাৰ, পত্ৰিকা আৰু প্ৰত্যক্ষ আলোচনাৰে সজাগ কৰা হয়। এই অভিযানে দুৰ্গম জনজাতীয় অঞ্চলত চৰকাৰী আঁচনিৰ প্ৰসাৰ, স্থানীয় সমস্যাৰ চিনাক্তকৰণ আৰু নাগৰিক-কেন্দ্ৰিক প্ৰশাসন শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছে। ৰাইজৰ উৎসাহজনক অংশগ্ৰহণে প্ৰশাসন আৰু জনজাতীয় সমাজৰ মাজত বিশ্বাস বৃদ্ধি কৰিছে। "জন ভাগীদাৰী-চবসে দূৰ, সবসে পেহলে" কাৰ্যসূচীত বিভিন্ন বিভাগৰ সন্মিলিত পদক্ষেপে দুৰ্গম অঞ্চলৰ জনজাতীয় লোকসকলক চৰকাৰী ব্যৱস্থাৰ প্ৰতি অধিক বিশ্বাসী কৰি তোলাৰ লগতে সামগ্ৰিক উন্নয়ন ত্বৰান্বিত কৰাত বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।
মহকুমা তথ্য আৰু জনসংযোগ বিভাগ, শদিয়া ।

24/05/2026

ঈদৰ প্ৰাক মূহুৰ্তত অসম অৰুণাচলৰ সীমান্তৱৰ্তী শদিয়াত শদিয়া আৰক্ষীৰ আৰু মছজিদ কমিটিৰ এক বিশেষ বৈঠক , শদিয়াৰ আঠখনকৈ মছজিদ কমিটিৰ সতে শদিয়া আৰক্ষীৰ আলোচনা, শান্তি- শৃংখলা বজাই ৰাখি কেনেদৰে ঈদ উদযাপন কৰিব পাৰি এই সন্দৰ্ভত আৰক্ষী আৰু মছজিদ কমিটিৰ মাজত এই আলোচনা

24/05/2026

I love Sadiya Presents - AI Song ( শদিয়াবাসী)

If something gone mistake please excuse us

23/05/2026

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতিৰ মাজতে শদিয়াৰ স্কুল চাৰি আলিৰ যুৱতী Channika Gogoi আবদ্ধ হৈ পৰিছিল মণিপুৰত , তাই বৰ্তমান যোৰহাট agricultural university community science অধ্যয়নৰত এগৰাকী ছাত্ৰী । আই লভ শদিয়াৰ লগত টেলিফোনিক বাৰ্তালাপত তাই পৰিস্থিতিৰ সন্দৰ্ভত কিছু কথা ভাগ বতৰা কৰে ।

উল্লখযোগ্য যে মণিপুৰৰ শেহতীয়া অশান্ত পৰিস্থিতিৰ মাজতে আবদ্ধ হৈ পৰা অসমৰ প্ৰায় ৩৫০জন NCC কেডেটক ভাৰতীয় বায়ুসেনাই বিশেষ অভিযান চলাই সুৰক্ষিতভাৱে উদ্ধাৰ কৰে। ইম্ফলত অনুষ্ঠিত NCCৰ প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰিবলৈ যোৱা কেডেটসকল পথ যোগাযোগ সম্পূৰ্ণৰূপে ব্যাহত হৈ পৰাত বিগত তিনিদিন ধৰি মণিপুৰত আবদ্ধ হৈ আছিল।
পৰিস্থিতিৰ গুৰুত্ব অনুধাৱন কৰি NCC NER Directorate-এ HQ Eastern Air Command আৰু ভাৰতীয় বায়ুসেনাৰ সৈতে সমন্বয় সাধন কৰি উদ্ধাৰ অভিযান আৰম্ভ কৰে। পিছত ভাৰতীয় বায়ুসেনাৰ দুখন বিশেষ বিমানেৰে কেডেটসকলক সুৰক্ষিতভাৱে গুৱাহাটী আৰু যোৰহাটলৈ অনা হয়।
উদ্ধাৰ অভিযান সফলভাৱে সম্পন্ন হোৱাত কেডেটসকলৰ অভিভাৱকৰ মাজত স্বস্তিৰ সৃষ্টি হৈছে। কেডেটসকলেও সময়মতে আগবঢ়োৱা সহায় আৰু সুৰক্ষাৰ বাবে ভাৰতীয় বায়ুসেনা, NCC কৰ্তৃপক্ষ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে।

23/05/2026
23/05/2026

বিখ্যাত বিজ্ঞানী তথা অসম সন্তান ড° ৰুবুল মাউতৰ প্ৰচেষ্টাত গঢ় লৈ উঠা Uplift Library ৰ উদ্যোগত আজি শদিয়া চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুথিভঁৰাললৈ ইংৰাজী আৰু অসমীয়া ভাষাৰ বিভিন্ন বিষয়ক গ্ৰন্থ প্ৰদান কৰে ৷ উল্লেখ্য যে প্ৰান্তীয় অঞ্চল সমূহত বিজ্ঞানৰ প্ৰসাৰতা আৰু প্ৰচাৰৰ উদ্দেশ্য আগত লৈ মানৱীয় প্ৰমূল্যবোধৰ আদৰ্শ দাঙি ধৰি বিগত ২০২৩ চনৰ পৰা Uplift Library য়ে এই যাত্ৰাৰ আৰম্ভণি কৰিছিল ৷ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন শিক্ষানুষ্ঠানলৈ এই অনুষ্ঠানে বিভিন্ন বিষয়ৰ গ্ৰন্থ প্ৰদান কৰিছে ৷ শদিয়া চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিষয় শিক্ষক ক্ৰমে চাজিদ আলম আৰু টুটুমণি মহন্তই আঁত ধৰা এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত Uplift Library ৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত শিক্ষক থানেশ্বৰ গগৈ,অন্যতম বিষয়বৱীয়া ক্ৰমে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী অনিমা বৰঠাকুৰ শৰ্মা, অৱসৰপ্ৰাপ্ত বন বিষয়া লোহিত শৰ্মা,কাকপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ইংৰাজী বিভাগৰ শিক্ষয়ত্ৰী প্ৰাৰ্থনা গগৈ,শদিয়া চৰকাৰী উচ্চতম মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ঊষাৰাণী হাজৰিকাৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী,ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে ৷

Address

Sadiya, Dist: Tinsukia
Sadiya
786157

Telephone

+919954690940

Website

Alerts

Be the first to know and let us send you an email when Sadiya- The Land of Rising Sun of Assam posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Sadiya- The Land of Rising Sun of Assam:

Share