24/05/2026
২৫৩ নং ভেঠুৱা প্ৰাথমিক বিদ্যালয়ৰ সহঃ শিক্ষয়িত্ৰী স্বৰতি দেউৰীৰ আজি পৰলোকপ্ৰাপ্তি ঘটে। তেখেতৰ অকাল বিয়োগত শৈক্ষিক পৰিমণ্ডল তথা বিদ্যালয় পৰিয়াল এক অপূৰণীয় ক্ষতিৰ সন্মুখীন হৈছে। এগৰাকী নিষ্ঠাবান, দায়িত্বশীল আৰু স্নেহশীলা শিক্ষয়িত্ৰী হিচাপে তেখেত সদায় স্মৰণীয় হৈ থাকিব।
প্ৰাথমিক শিক্ষা বিভাগ, বজালীৰ তৰফৰ পৰা তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হ’ল।
“ঈশ্বৰে বিদেহ আত্মাক চিৰশান্তি প্ৰদান কৰক।”