অসম গণ পৰিষদ লক্ষীমপুৰ - Asom Gana Parishad Lakhimpur

  • Home
  • India
  • North Lakhimpur
  • অসম গণ পৰিষদ লক্ষীমপুৰ - Asom Gana Parishad Lakhimpur

অসম গণ পৰিষদ লক্ষীমপুৰ - Asom Gana Parishad Lakhimpur Official page of Asom Gana Parishad Lakhimpur District Committee

23/03/2026
23/03/2026
অসম গণ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা অসম গণ পৰিষদৰ লখিমপুৰ জিলাৰ সন্মানীয় সভাপতি দীপক বৰদলৈ ডাঙৰীয়া, কেন্দ্ৰীয় সমি...
23/03/2026

অসম গণ পৰিষদ, লখিমপুৰ জিলা সমিতিৰ ফালৰ পৰা অসম গণ পৰিষদৰ লখিমপুৰ জিলাৰ সন্মানীয় সভাপতি দীপক বৰদলৈ ডাঙৰীয়া, কেন্দ্ৰীয় সমিতিৰ নেতৃত্বত থকা দেউতি দাস ডাঙৰীয়া আৰু প্ৰাথমিক সদস্য উদিত ফুকনৰ উপস্থিতিত মঃ আমিনুৰ ৰহমান ডাঙৰীয়াক ধৰ্মীয় সংখ্যালঘু পৰিষদৰ লখিমপুৰ জিলাৰ সভাপতি হিচাপে দায়িত্বভাৰ প্ৰদান কৰা হৈছে।

তেখেতৰ সুদক্ষ নেতৃত্ব, নিষ্ঠা আৰু সমাজসেৱাৰ মানসিকতাৰে সংখ্যালঘু সমাজৰ উন্নয়ন আৰু অধিকাৰ সুৰক্ষাত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব বুলি আমি সম্পূৰ্ণ আশাবাদী।

তেখেতক এই নতুন দায়িত্বৰ বাবে আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
আগন্তুক দিনত তেখেতৰ নেতৃত্বত সংগঠনটো অধিক শক্তিশালী হৈ উঠক—এই কামনা কৰিলোঁ।

Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
অসম গণ পৰিষদ - Asom Gana Parishad -AGP

নাওবৈচা সমষ্টিত অসম গণ পৰিষদ তথা NDA মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী বসন্ত দাস ডাঙৰীয়াক জয়যুক্ত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ...
23/03/2026

নাওবৈচা সমষ্টিত অসম গণ পৰিষদ তথা NDA মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী বসন্ত দাস ডাঙৰীয়াক জয়যুক্ত কৰাৰ লক্ষ্যৰে ভাৰতীয় জনতা পাৰ্টী, অসম গণ পৰিষদ আৰু সন্মিলিত গণ শক্তি দলৰ সদস্যসকলক লৈ এখন শক্তিশালী যৌথ সমষ্টি কমিটি গঠন কৰা হৈছে। এই গুৰুত্বপূৰ্ণ সভাত অগপৰ লখিমপুৰ জিলা সভাপতি, বিজেপিৰ উপ সভাপতি আৰু সন্মিলিত গণ শক্তি দলৰ বিষয়ববীয়াসকল উপস্থিত থাকে। আগন্তুক নাওবৈচা সমষ্টিৰ উজ্জ্বল ভৱিষ্যৎ গঢ়িবলৈ আৰু বসন্ত দাস ডাঙৰীয়াৰ বিজয় নিশ্চিত কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
BJP Assam Pradesh

23/03/2026

বিকশিত আৰু সমৃদ্ধিশালী বোকাখাত গঢ়াৰ অনিৰুদ্ধ যাত্ৰাক এক নৱৰূপ প্ৰদান কৰাটো মোৰ দৃঢ় লক্ষ্য। বিগত বছৰবোৰত ৰাইজৰ মৰম-আশিসেৰে ধন্য হৈ বোকাখাতক সমৃদ্ধ কৰাৰ বাবে সবল প্ৰয়াস গ্ৰহণ কৰিছিলোঁ।

আপোনালোকৰ অশেষ মৰম, আশীৰ্বাদ আৰু আস্থা-বিশ্বাসক শিৰত লৈ কাইলৈ অসম বিধানসভা নিৰ্বাচনৰ বাবে মোৰ মনোনয়ন-পত্ৰ দাখিল কৰিবলৈ আগবাঢ়িছোঁ। এই যাত্ৰা কেৱল এক আনুষ্ঠানিকতা নহয়-- ই হৈছে আমাৰ বোকাখাতৰ উন্নয়ন, প্ৰগতি আৰু ভৱিষ্যৎ গঢ়াৰ দৃঢ় সংকল্প।

কাইলৈৰ বিশেষ মুহূৰ্তত আপোনালোকৰ উপস্থিতি আৰু মৰম-আশীৰ্বাদেই মোৰ আটাইতকৈ ডাঙৰ শক্তি। আহক, আমি একেলগে আমাৰ আপোন বোকাখাতৰ উজ্জ্বল ভৱিষ্যতৰ দিশে ঐক্যবদ্ধভাৱে আগবাঢ়োঁ।

এক সুস্থ আৰু সবল পৰিবেশৰ মাজত ৰঙানদী সমষ্টিৰ অসম গণ পৰিষদৰ ফুলবাৰী আঞ্চলিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয় আৰু NDA মিত্...
22/03/2026

এক সুস্থ আৰু সবল পৰিবেশৰ মাজত ৰঙানদী সমষ্টিৰ অসম গণ পৰিষদৰ ফুলবাৰী আঞ্চলিক সমিতিখন পূৰ্ণাংগ ৰূপত গঠন কৰা হয় আৰু NDA মিত্ৰজোঁটৰ প্ৰাৰ্থী ঋষিৰাজ হাজৰিকাক জয়যুক্ত কৰাৰ দৃঢ় সংকল্প গ্ৰহণ কৰা হয়।

সভাত উপস্থিত থাকে অসম গণ পৰিষদৰ লখিমপুৰ জিলা সভাপতি দীপক বৰদলৈ ডাঙৰীয়া আৰু সমষ্টি সমিতিৰ সভাপতি ধনেশ্বৰ হাজৰিকা ডাঙৰীয়া। লগতে আঞ্চলিক আৰু স্থানীয় বহু সংখ্যক কৰ্মী-সমৰ্থকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰি সংগঠনটোক অধিক শক্তিশালী কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে।

অসম গণ পৰিষদ - Asom Gana Parishad -AGP
BJP Assam Pradesh
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

21/03/2026
20/03/2026

অসম বিধানসভা নিৰ্বাচন-২০২৬ৰ বাবে বোকাখাত বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া এনডিএ সমৰ্থিত অগপৰ প্ৰাৰ্থী শ্ৰী অতুল বৰালৈ অসম গণ পৰিষদৰ তৰফৰপৰা আন্তৰিক শুভেচ্ছা জনালোঁ।

অসম গণ পৰিষদৰপৰা মনোনীত প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সাহস, দৃষ্টিভংগী আৰ...
19/03/2026

অসম গণ পৰিষদৰপৰা মনোনীত প্ৰতিগৰাকী প্ৰাৰ্থীলৈ আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সাহস, দৃষ্টিভংগী আৰু জনসেৱাৰ প্ৰতিশ্ৰুতিয়ে দলক অধিক শক্তিশালী কৰি তুলিব আৰু অসমৰ স্বাভিমানক নতুন উচ্চতালৈ নিয়াৰ পথ প্ৰস্তুত কৰিব।

Address

North Lakhimpur AGP Office Towards Jair Road
North Lakhimpur
787001

Website

Alerts

Be the first to know and let us send you an email when অসম গণ পৰিষদ লক্ষীমপুৰ - Asom Gana Parishad Lakhimpur posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share