20/03/2026
LATE UPLOAD
যোৱা ১৩ মাৰ্চ ২০২৬ তাৰিখে দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীৰ পৰা প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনত ২২ নং কিস্তিৰ ধন কৃষকৰ বেংক একাউণ্টলৈ হস্তান্তৰ কৰে। লখিমপুৰ জিলা কৃষি বিভাগৰ কাৰ্যালয়ৰ সভাকক্ষতো অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়। অনুষ্ঠানত জিলা কৃষি বিষয়া ভৱজিত দলে, মহকুমা কৃষি বিষয়া মনোৰঞ্জন পাতিৰ, আঁচনিৰ জিলা নডেল বিষয়া দ্বীপজ্যোতি চুতীয়াসহ বিভাগৰ বহুকেইজন বিষয়া- কৰ্মচাৰী উপস্থিত থাকে। সভাত অংশগ্ৰহণ কৰে জিলাখনৰ বহুসংখ্যক কৃষকে।
Department of Agriculture, Assam