02/06/2026
ভাৰতীয় জনতা পাৰ্টি, লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আজি অনুষ্ঠিত "সম দেৱানী সংহিতা অসম ২০২৬" বিষয়ক সংবাদ মেল জিলা কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰে।
সংবাদ মেলত মাননীয় বিধায়ক শ্ৰীযুত মানৱ ডেকা ডাঙৰীয়া,সন্মানীয় বিধায়ক শ্ৰীযুত উৎপল বৰা ডাঙৰীয়া, শ্ৰীযুত ভূপেন বৰা ডাঙৰীয়া আৰু জিলা সভাপতি শ্ৰীযুত শ্যামল শৰ্মা ডাঙৰীয়াই বিধেয়কখনৰ বিভিন্ন দিশ সম্পৰ্কে আলোকপাত কৰে। সম-অধিকাৰ আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ ক্ষেত্ৰত এই বিধেয়কখন এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি মত প্ৰকাশ কৰা হয়।
লগতে এই ঐতিহাসিক পদক্ষেপৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰা হয়।
BJP Assam Pradesh