জনহিতৈষী পুথিভঁৰাল / Janahitoishi Puthibhoral

জনহিতৈষী পুথিভঁৰাল / Janahitoishi Puthibhoral কিতাপ পঢ়াৰ আন্দোলন আৰু পুথিভঁৰাল আন্?

“শ্ৰেষ্ঠ পঢ়ুৱৈ সন্মান” বৰ্ণিল স্বপ্ন বৰা । ড° কুমুদ চন্দ্ৰ বৰা সাৰ্বজনীন পুথিভঁৰাল প্ৰতিষ্ঠা দিনৰে পৰা নিয়মীয়া পাঠক সকলৰ...
28/12/2021

“শ্ৰেষ্ঠ পঢ়ুৱৈ সন্মান” বৰ্ণিল স্বপ্ন বৰা । ড° কুমুদ চন্দ্ৰ বৰা সাৰ্বজনীন পুথিভঁৰাল প্ৰতিষ্ঠা দিনৰে পৰা নিয়মীয়া পাঠক সকলৰ ভিতৰত বছৰী এজনকৈ পুথিভঁৰালৰ শ্ৰেষ্ঠ পঢ়ুৱৈ হিচাবে নিৰ্বাচিত কৰা হয় । ২০২১ বৰ্ষৰ পুথিভঁৰালৰ “শ্ৰেষ্ঠ পঢ়ুৱৈ” হিচাবে আইলেণ্ড একাডেমি প্ৰি স্কুলৰ পঞ্চম শ্ৰেণীৰ ছাত্র বৰ্ণিল স্বপ্ন বৰাক নিৰ্বাচিত কৰা হয় । অহা ১ জানুৱাৰী, ২০২২ত মাজুলীত তেখেতক ৰাজহুৱাকৈ সন্মানিত কৰা হ'ব ।

বিশিষ্ট কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি পদ্মশ্ৰী নলিনীবালা দেৱী বাইদেউৰ আজি পুণ্যতিথিত সশ্ৰদ্ধ স্মৰণ...
24/12/2021

বিশিষ্ট কবি, সাহিত্যিক, অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি পদ্মশ্ৰী নলিনীবালা দেৱী বাইদেউৰ আজি পুণ্যতিথিত সশ্ৰদ্ধ স্মৰণেৰে প্ৰণিপাত জনালোঁ ।

কালজয়ী সৃষ্টিৰাজিৰে অসমীয়া সাহিত্যৰ ভঁৰাল সমৃদ্ধ কৰা বাইদেউ আজীৱন আমাৰ মাজত জীয়াই থাকিব ।

আজি “ৰাষ্ট্ৰীয় কৃষক দিৱস” । ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ চৌধুৰী চৰণ সিং দেৱৰ জন্মজয়ন্তীৰ দিনটোত তেওঁৰ প্ৰতি শ্ৰদ্ধ...
23/12/2021

আজি “ৰাষ্ট্ৰীয় কৃষক দিৱস” । ভাৰতৰ পঞ্চম প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ চৌধুৰী চৰণ সিং দেৱৰ জন্মজয়ন্তীৰ দিনটোত তেওঁৰ প্ৰতি শ্ৰদ্ধা জনাই দেশবাসীয়ে “ৰাষ্ট্ৰীয় কৃষক দিৱস” হিচাপে পালন কৰা হয় । সমাজত সদায় অৱহেলা, শোষিত, বঞ্চিত হৈও কৃষি উৎপাদনেৰে দেশবাসীক খাদ্য যোগান ধৰা প্ৰতিগৰাকী অন্নদাতা কৃষকবন্ধুলৈ কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনোৱাৰ লগতে “ৰাষ্ট্ৰীয় কৃষক দিৱস”ৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ ।

জনহিতৈষী পুথিভঁৰালৰ “ড০ কুমুদ চন্দ্ৰ বৰা সাৰ্বজনীন পুথিভঁৰাল”ৰ সঞ্চালিকা মৃণালী দেৱীৰ দ্বিতীয়খন গল্প সংকলন “কাইজেন” প্ৰক...
22/12/2021

জনহিতৈষী পুথিভঁৰালৰ “ড০ কুমুদ চন্দ্ৰ বৰা সাৰ্বজনীন পুথিভঁৰাল”ৰ সঞ্চালিকা মৃণালী দেৱীৰ দ্বিতীয়খন গল্প সংকলন “কাইজেন” প্ৰকাশৰ পথত । অহা ১ জানুৱাৰীত আনুষ্ঠানিকভাৱে মাজুলীত প্ৰকাশ হ'ব কাইজেনে । গ্ৰন্থখন সকলোৱে আদৰি ল’লে কৃতাৰ্থ হম ৷ আগন্তুক অসম গ্ৰন্থমেলাত উপলব্ধ হ'ব গ্ৰন্থখন ।

“মই আজিয়েই কৈ থ'লো অসমে পৰৱৰ্তী জ্ঞানপীঠ বঁটাটো কবিতাৰ কাৰণে পাব ।” - মামণি ৰয়ছম গোস্বামী (২০০১)❤️
07/12/2021

“মই আজিয়েই কৈ থ'লো অসমে পৰৱৰ্তী জ্ঞানপীঠ বঁটাটো কবিতাৰ কাৰণে পাব ।” - মামণি ৰয়ছম গোস্বামী (২০০১)

❤️

এক ঐতিহাসিক দিন । কবি নীলমনি ফুকনলৈ সন্মানীয় জ্ঞানপীঠ বঁটা । এই মুহুৰ্তৰ আটাইতকৈ ভাল খবৰটো ।
07/12/2021

এক ঐতিহাসিক দিন । কবি নীলমনি ফুকনলৈ সন্মানীয় জ্ঞানপীঠ বঁটা । এই মুহুৰ্তৰ আটাইতকৈ ভাল খবৰটো ।

আমি যদি নিজেই নিজৰ জীৱনটো মূল্যহীন কৰি নোতোলো তেন্তে কোনো মানুহৰে জীৱন মূল্যহীন হ'ব নোৱাৰে । - হোমেন বৰগোহাঞিআমি এই কথাত...
07/12/2021

আমি যদি নিজেই নিজৰ জীৱনটো মূল্যহীন কৰি নোতোলো তেন্তে কোনো মানুহৰে জীৱন মূল্যহীন হ'ব নোৱাৰে । - হোমেন বৰগোহাঞি

আমি এই কথাত সদায় গৌৰৱ কৰোঁ যে আমি হোমেন বৰগোহাঞিৰ দৰে সাহিত্যিকৰ জন্মভূমি সন্তান । অসমত লেখকে কিতাপ লিখি খাব পৰা আৰু কিতাপ পঢ়াৰ যি ক্ষুদ্ৰতম পৰিৱেশ হৈছেগৈ ইয়াত হোমেন বৰগোহাঞিৰ অদ্বিতীয় অৱদান আছে ।

আজি বৰগোহাঞি ছাৰৰ ৯০ সংখ্যক জন্ম দিৱস । এই শুভক্ষণত ছাৰৰ চৰণত সেৱা জনাই তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ । আপুনি য'তেই আছে কুশলে থাকক । সদায় আৰ্শীবাদ কৰিব আমাক ।

অসম দিৱস তথা চ্যুকাফা দিৱসৰ দিনটোত যুগনায়ক স্বৰ্গদেউ চাওলুং চ্যুকাফালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ।
02/12/2021

অসম দিৱস তথা চ্যুকাফা দিৱসৰ দিনটোত যুগনায়ক স্বৰ্গদেউ চাওলুং চ্যুকাফালৈ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ ।

“A reader lives a thousand lives before he dies, and the one who doesn't read, lives just one.”- George R.R. Martin
01/12/2021

“A reader lives a thousand lives before he dies, and the one who doesn't read, lives just one.”

- George R.R. Martin

আজি দিন দুপৰতে যোৰহাটৰ ৰাজপথত গণপ্ৰহাৰত মৃত্যু হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ...
29/11/2021

আজি দিন দুপৰতে যোৰহাটৰ ৰাজপথত গণপ্ৰহাৰত মৃত্যু হোৱা সদৌ অসম ছাত্ৰ সন্থাৰ গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক অনিমেষ ভূঞাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছো আৰু এই ঘটনাক ধিক্কাৰ দিছো । যোৰহাটৰ ৰাজপথত হোৱা এটা দুৰ্ঘটনাক কেন্দ্ৰ কৰি সংঘটিত হোৱা মতানৈক্যৰ ফলত প্ৰায় ৫০ জনীয়া এটা উন্মত্ত দলে অনিমেষ আৰু তেওঁৰ দুগৰাকী সতীৰ্থক উপৰ্যুপৰি প্ৰহাৰ কৰাৰ ফলত অনিমেষে অকালতে প্ৰাণ হেৰুৱাব লগা হয় । এই সমগ্ৰ ঘটনাৰ লগত জড়িত আটাইবোৰ অপৰাধীকে যোৰহাট আৰক্ষীয়ে অনতি পলমে গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনক আহ্বান জনালে । অনিমেষৰ আত্মাৰ সদগতি কামনা কৰিলো আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদন জ্ঞাপন কৰিছো । ঘটনাটোত আহত আন দুয়োগৰাকী ছাত্র নেতা প্ৰণয় আৰু মৃদুষ্মন্ত বৰুৱা (প্ৰতিদিন Timeৰ সংবাদকৰ্মী)ৰ আশু আৰোগ্য কামনা কৰিছো ।



এইবাৰ অনুস্থিত নহয় উত্তৰ পূব গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থ মেলা । ইয়াৰ সলনি উমৈহতীয়াভাৱে অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা । ...
29/11/2021

এইবাৰ অনুস্থিত নহয় উত্তৰ পূব গ্ৰন্থমেলা আৰু গুৱাহাটী গ্ৰন্থ মেলা । ইয়াৰ সলনি উমৈহতীয়াভাৱে অনুষ্ঠিত হ’ব অসম গ্ৰন্থমেলা । ২৯ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া অসম গ্ৰন্থমেলাৰ অন্ত পৰিব ৯ জানুৱাৰী ২০২২ত ।

কোভিড পৰিস্থিতিৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু প্ৰকাশক সন্থাৰ সহমতৰ ভিত্তিত এইদৰে যুটীয়ভাৱে এই গ্ৰন্থমেলা আয়োজন কৰাৰ সিদ্ধান্ত লোৱা হৈছে ।

Address

North Lakhimpur
787001

Telephone

+919577588515

Website

Alerts

Be the first to know and let us send you an email when জনহিতৈষী পুথিভঁৰাল / Janahitoishi Puthibhoral posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to জনহিতৈষী পুথিভঁৰাল / Janahitoishi Puthibhoral:

Share

Category