Amiya kr. Bhuyan

Amiya kr. Bhuyan I am Dr.Amiya Kr. Bhuyan, MLA 73 No.Bihpuria LAC.

মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ অনুষ্ঠান ‘মন কী বাত’ অনুষ্ঠানটি আজি বিহপুৰীয়...
31/05/2026

মাননীয় যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জনপ্ৰিয় ৰেডিঅ অনুষ্ঠান ‘মন কী বাত’ অনুষ্ঠানটি আজি বিহপুৰীয়া বিধানসভা সমষ্টিৰ ১৬১ নং বুথত দলীয় সতীৰ্থ আৰু স্থানীয় ৰাইজৰ সৈতে একেলগে বহি শ্ৰৱণ কৰোঁ।

দেশৰ প্ৰতিটো প্ৰান্তৰ প্ৰগতি আৰু বিকাশৰ সংকল্পৰে সজীৱ এই অনুপ্ৰেৰণাদায়ী অনুষ্ঠানটিয়ে উপস্থিত সকলোৰে মনত এক নতুন আশা আৰু কৰ্ম-প্ৰেৰণাৰ সঞ্চাৰ কৰে।
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

28/05/2026

ঈদ-উল-আদহা উপলক্ষে সমূহ ইছলাম ধৰ্মী লোকলৈ যাচিলোঁ আন্তৰিক শুভেচ্ছা।

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীনীতিন নবীন ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আপোনা...
23/05/2026

ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় অধ্যক্ষ শ্ৰীনীতিন নবীন ডাঙৰীয়ালৈ জন্মদিনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাৰ এই বিশেষ দিনটোত ভগৱানৰ ওচৰত আপোনাৰ সু-স্বাস্থ্য, দীৰ্ঘায়ু আৰু উত্তৰোত্তৰ সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনালোঁ।

Nitin Nabin

১৬ সংখ্যক অসম বিধান সভাৰ নৱ-নিৰ্বাচিত মাননীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞ...
21/05/2026

১৬ সংখ্যক অসম বিধান সভাৰ নৱ-নিৰ্বাচিত মাননীয় অধ্যক্ষ শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়ালৈ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেখেতৰ উচ্চ গণতান্ত্ৰিক মূল্যবোধ, নিৰপেক্ষতা আৰু কুশল নেতৃত্বৰ অধীনত সদন সুচাৰুৰূপে পৰিচালিত হোৱাৰ লগতে অসমৰ জনসাধাৰণৰ আশা-আকাংক্ষাৰ প্ৰতিফলন ঘটিব বুলি আমি আশাবাদী। মাননীয় অধ্যক্ষ হিচাপে তেখেতৰ সফল যাত্ৰা কামনা কৰিলোঁ।

Ranjeet Kumar Dass

বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ বিষয়ববীয়া বৈঠকত অংশগ্ৰহণ কৰোঁ। ভাৰতীয়...
18/05/2026

বশিষ্ঠস্থিত ৰাজ্যিক কাৰ্যালয়ত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ এক গুৰুত্বপূৰ্ণ বিষয়ববীয়া বৈঠকত অংশগ্ৰহণ কৰোঁ। ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াৰ উপস্থিতিত অনুষ্ঠিত এই সভাত অহা ২৬ মে’ত হ’বলগীয়া নৱনিৰ্বাচিত বিধায়কসকলৰ সম্বৰ্ধনা অনুষ্ঠানৰ লগতে দলীয় সাংগঠনিক সৱলীকৰণৰ বিষয়ে বিস্তৃত আলোচনা কৰা হয়।

বিশেষকৈ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ '৭টা আহ্বান'ক সাৰোগত কৰি আগন্তুক দিনত জনসেৱাৰ কাম-কাজ কেনেকৈ অধিক ক্ষিপ্ৰ কৰিব পাৰি, তাৰ এক সুপৰিকল্পিত ৰূপৰেখা প্ৰস্তুত কৰা হয়।

Himanta Biswa Sarma
Dilip Saikia

অসমৰ উন্নয়নৰ ধাৰাক অব্যাহত ৰাখিবলৈ আজিৰ দিনটোত খানাপাৰাত এক অভূতপূৰ্ব পৰিৱেশৰ সূচনা হৈছে। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰী...
12/05/2026

অসমৰ উন্নয়নৰ ধাৰাক অব্যাহত ৰাখিবলৈ আজিৰ দিনটোত খানাপাৰাত এক অভূতপূৰ্ব পৰিৱেশৰ সূচনা হৈছে। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়া আৰু কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামান ডাঙৰীয়ানীৰ ৰ লগতে বিভিন্ন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰীসকল আৰু আমন্ত্ৰিত অতিথিসকলৰ উপস্থিতিত আজি এনডিএ ৩.০ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান মহিমামণ্ডিত হৈ উঠে। দলীয় সতীৰ্থসকলৰ সৈতে এই ঐতিহাসিক অনুষ্ঠানত উপস্থিত থাকি অত্যন্ত আনন্দিত হৈছোঁ।

অসমৰ জনপ্ৰিয় নেতা ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে আৰু তেখেতৰ সৈতে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা আটাইকেইগৰাকীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু শুভকামনা জনালোঁ। ৰাজ্যৰ নৱ-নিৰ্বাচিত বিধায়কসকল, নিষ্ঠাবান কাৰ্যকৰ্তাসকল আৰু বিশাল জনসমুদ্ৰৰ এই উপস্থিতিয়ে প্ৰমাণ কৰিছে যে অসমবাসী ৰাইজৰ আশীৰ্বাদ আমাৰ সৈতে আছে। ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই চৰকাৰখনে অসমক দেশৰ বুকুত এক বিশেষ মৰ্যাদা প্ৰদান কৰিব বুলি আমি দৃঢ় বিশ্বাসী।

Narendra Modi
Himanta Biswa Sarma
Dilip Saikia
BJP Assam Pradesh

দলীয় সতীৰ্থসকলৰ সৈতে আজি খানাপাৰাত আয়োজিত এন ডি এ চৰকাৰৰ ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈ এক অনন্য ক্ষণৰ সাক্ষী হ...
12/05/2026

দলীয় সতীৰ্থসকলৰ সৈতে আজি খানাপাৰাত আয়োজিত এন ডি এ চৰকাৰৰ ঐতিহাসিক শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত হৈ এক অনন্য ক্ষণৰ সাক্ষী হ’লোঁ।

যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিয়ে এই অনুষ্ঠানটিক অধিক মহিমামণ্ডিত কৰি তুলিছে।

নতুন চৰকাৰখনৰ নেতৃত্বত অসমৰ প্ৰগতিৰ যাত্ৰা আৰু অধিক ত্বৰান্বিত হওক, এয়াই আমাৰ কামনা।

12/05/2026

অসমবাসীৰ বাবে আজি এক অত্যন্ত উলহ-মালহৰ তথা গৌৰৱৰ দিন। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ গৰিমাণ্ডিত উপস্থিতিত আজি খানাপাৰাৰ বিশাল প্ৰাংগনত এনডিএ ৩.০ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হ'ব। এই পবিত্ৰ ক্ষণত ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে আৰু তেখেতৰ সৈতে শ্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, শ্ৰী অতুল বৰা ডাঙৰীয়া, শ্ৰী চৰণ বড়ো ডাঙৰীয়া তথা শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। ইয়াৰ উপৰি অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ পদৰ বাবে শ্ৰী ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াক মনোনীত কৰা হৈছে।

শপত গ্ৰহণৰ এই শুভক্ষণত আটাইকেইগৰাকীলৈ মোৰ আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নতুন চৰকাৰখনৰ এই যাত্ৰাই অসমৰ প্ৰতিটো প্ৰান্তলৈ বিকাশ আৰু শান্তিৰ বাৰ্তা কঢ়িয়াই আনক, তাকেই কামনা কৰিছোঁ। প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব আৰু এই সন্মিলিত শক্তিৰ জৰিয়তে আমাৰ অসমখনে বিশ্ব দৰবাৰত এক সুকীয়া পৰিচয় লাভ কৰিব বুলি আমি সকলোৱে আশাবাদী।

নতুন অসমৰ স্বপ্নদ্ৰষ্টা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ বিজেপি আৰু এন.ডি.এ. (NDA) ৰ নেতা হিচ...
10/05/2026

নতুন অসমৰ স্বপ্নদ্ৰষ্টা মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পুনৰবাৰ বিজেপি আৰু এন.ডি.এ. (NDA) ৰ নেতা হিচাপে নিৰ্বাচিত হোৱাৰ বাবে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

যোৱা সময়ছোৱাত আপোনাৰ বলিষ্ঠ নেতৃত্ব আৰু দূৰদৰ্শী চিন্তাধাৰাই অসমক এক নতুন মাত্ৰা প্ৰদান কৰিছে। আপোনাৰ এই যাত্ৰাই অসমবাসীক সদায় অনুপ্ৰাণিত কৰে। আশা কৰিছোঁ, আপোনাৰ পৰিচালনাত আমাৰ ৰাজ্যখনে অনাগত দিনত প্ৰগতি আৰু সমৃদ্ধিৰ দিশত আৰু অধিক ক্ষীপ্ৰতাৰে আগুৱাই যাব।

Himanta Biswa Sarma

09/05/2026

Address

Bihpuria
North Lakhimpur
784164

Telephone

+919435089135

Website

Alerts

Be the first to know and let us send you an email when Amiya kr. Bhuyan posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Amiya kr. Bhuyan:

Share

Category