03/08/2026
প্ৰলয়ংকৰী বানে ক্ষতি কৰা শিৱসাগৰ জিলাৰ নেপালীখুঁটিকে ধৰি একাধিক ক্ষতিগ্ৰস্ত অঞ্চল আজি স্বচক্ষে পৰিদৰ্শন কৰে মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই। ট্ৰেক্টৰত উঠি দুৰ্গম বানাক্ৰান্ত গাঁওসমূহত উপস্থিত হৈ বানপীড়িত পৰিয়ালৰ দুখ-দুৰ্দশাৰ বুজ লোৱাৰ লগতে তেওঁলোকৰ সমস্যা আৰু প্ৰয়োজনীয়তাৰ বিষয়ে পোনপটীয়াকৈ আলোচনা কৰে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সৈতে এই সময়ত ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা আদি বিভাগৰ মাননীয় মন্ত্ৰী শ্ৰী কেশৱ মহন্ত ডাঙৰীয়া, মাননীয় মন্ত্ৰী-- শ্ৰী পীয়ুষ হাজৰিকা ডাঙৰীয়া, শ্ৰী বিমল বড়া ডাঙৰীয়া আৰু কেইবাগৰাকীও মাননীয় বিধায়ক উপস্থিত থাকে।
পৰিদৰ্শনৰ সময়ত মাননীয় মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে কয় যে যিসমূহ গাঁও বানত বিপৰ্যস্ত হৈছে সেই অঞ্চলসমূহৰ পুনৰ সংস্থাপন আৰু প্ৰয়োজন হ'লে নতুনকৈ গঢ়ি তোলাৰ বিষয়েও চৰকাৰে গুৰুত্বসহকাৰে পদক্ষেপ গ্ৰহণ কৰিব। বানপীড়িত প্ৰতিগৰাকী লোকক চৰকাৰে সৰ্বতোপ্ৰকাৰে সহায়ৰ আশ্বাস প্ৰদান কৰে মাননীয় মুখ্যমন্ত্ৰীয়ে।
বানপীড়িত প্ৰতিজন লোকৰ জীৱনলৈ পুনৰ আশাৰ পোহৰ ঘূৰাই অনাৰ এই প্ৰচেষ্টাত অগপই সদায় চৰকাৰ আৰু জনসাধাৰণৰ কাষত থাকিব।