Attsa Mackeypore -"Nazira"

Attsa Mackeypore -"Nazira" Unite in diversity

05/09/2026

২০% মানে কি?

২০% মানে বোনাছৰ হিচাপত ধৰা প্ৰতি ১০০ টকা বোনাছ যোগ্য মজুৰিৰ বিপৰীতে ২০ টকা বোনাছ।

অৰ্থাৎ

১০০ টকা মজুৰি = ২০ টকা বোনাছ
৫০০ টকা মজুৰি = ১০০ টকা বোনাছ
১,০০০ টকা মজুৰি = ২০০ টকা বোনাছ

মূল হিচাপটো হ’ল—

বোনাছ = বছৰৰ মুঠ বোনাছযোগ্য মজুৰি × ২০ ÷ ১০০

উদাহৰণেৰে বুজি লওক

ধৰি লওক, এজন চাহ-শ্ৰমিকে দৈনিক ২৮০ টকা মজুৰি পায় আৰু বছৰত ৩০০ দিনৰ মজুৰি হিচাপত উঠিছে।

বছৰৰ মুঠ মজুৰি
২৮০ × ৩০০ = ৮৪,০০০ টকা

২০% বোনাছ
৮৪,০০০ × ২০ ÷ ১০০ = ১৬,৮০০ টকা

অৰ্থাৎ, সেই শ্ৰমিক জনে ২০% বোনাছ হিচাপে ১৬,৮০০ টকা পাব।

এইটো আৰু সহজকৈ ক’বলৈ গ’লে

২৮০ টকাৰ ২০% = ৫৬ টকা
৩০০ দিনৰ বাবে ৫৬ × ৩০০ = ১৬,৮০০ টকা

কিন্তু মনত ৰাখিব—এই ৫৬ টকা প্ৰতিদিনে মজুৰিৰ সৈতে দিয়া নহয়। ই বছৰৰ শেষত একেলগে বা লিখিত চুক্তি অনুসৰি কিস্তিত দিয়া বোনাছৰ হিচাপ।

আন এটা উদাহৰণ

যদি কোনো শ্ৰমিকে বছৰত ৫৬,০০০ টকাৰ বোনাছযোগ্য মজুৰি উপাৰ্জন কৰে—

৫৬,০০০ × ২০ ÷ ১০০ = ১১,২০০ টকা

অৰ্থাৎ, ২০% হিচাপত তেওঁ ১১,২০০ টকা বোনাছ পাব।

সেয়ে সকলো শ্ৰমিকৰ বোনাছ একে টকা নহ’ব। যিজন শ্ৰমিকে বছৰত যিমান বোনাছ যোগ্য মজুৰি উপাৰ্জন কৰিছে, তেওঁৰ বোনাছো সেই অনুসৰি হ’ব।

১৫% + ৫% বোনাছৰ অৰ্থ কি?

যদি লিখিত চুক্তি বা আদেশত ১৫% বোনাছ পূজাৰ আগতে আৰু ৫% বোনাছ পিছত দিয়াৰ কথা উল্লেখ থাকে, তেন্তে দুয়োটা মিলি মুঠ বোনাছ হ’ব ২০%।

৮৪,০০০ টকাৰ উদাহৰণত

১৫% = ১২,৬০০ টকা
৫% = ৪,২০০ টকা
মুঠ = ১৬,৮০০ টকা

ইয়াত ১৫% আৰু ৫% বোনাছৰ ওপৰত নহয়, বোনাছ যোগ্য মজুৰিৰ ওপৰত গণনা কৰা হয়।

অতি গুৰুত্বপূৰ্ণ কথাবোৰ

১। ২০% বোনাছ মানে দৈনিক মজুৰি ২০% বৃদ্ধি হোৱা নহয়। দৈনিক মজুৰি আৰু বোনাছ দুয়োটা পৃথক পৃথক বিষয় হয়।

২। ২০% মানে কেৱল এটা মাহৰ মজুৰিৰ ২০% নহয়। সাধাৰণতে হিচাপৰ বছৰত উপাৰ্জন কৰা বোনাছ যোগ্য মুঠ মজুৰিৰ ২০% হিচাপ কৰা হয়।

৩। ২০% বোনাছ মানে বাগিচাৰ মুঠ লাভৰ ২০% নহয়। প্ৰতিজন শ্ৰমিকৰ নিজৰ বোনাছ যোগ্য মজুৰিৰ ওপৰত তেওঁৰ বোনাছ গণনা হয়।

৪। সাধাৰণতে হিচাপৰ বছৰত কমেও ৩০ দিন কাম কৰা শ্ৰমিক বোনাছৰ বাবে যোগ্য হ’ব পাৰে। কিন্তু স্থায়ী, অস্থায়ী আৰু seasonal শ্ৰমিকৰ ক্ষেত্ৰত প্ৰযোজ্য আইন, লিখিত চুক্তি আৰু বাগিচাৰ নিয়ম চাব লাগিব।

৫। বোনাছৰ ভিত্তি হিচাপে কোনবোৰ মজুৰি ধৰা হ’ব মূল মজুৰি, দাম বৃদ্ধিৰ ভাট্টা বা আন কোনো অংশ সেইটো প্ৰযোজ্য আইন, লিখিত চুক্তি আৰু wage-slip অনুসৰি নিশ্চিত কৰিব লাগে। ঘৰ, চিকিৎসা, পানী, বিদ্যুৎ, ৰেচন, overtime আদি নিজৰ মতে যোগ বা বাদ দিব নালাগে।

৬। সাধাৰণতে হিচাপৰ বছৰ ১ এপ্ৰিলৰ পৰা ৩১ মাৰ্চলৈ ধৰা হয়। পূজাৰ সময়ত দিয়া বোনাছ বহু সময়ত আগৰ সম্পূৰ্ণ হিচাপৰ বছৰৰ মজুৰিৰ ওপৰত গণনা কৰা হয়।

৭। বছৰৰ মাজভাগত মজুৰি সলনি হ’লে আগৰ সময় আৰু পাছৰ সময়ৰ মজুৰি পৃথকে যোগ কৰি বোনাছ গণনা কৰিব লাগিব।

৮। আগতে পূজা বোনাছ বা interim bonus দিয়া থাকিলে, সেই টকা একে বছৰৰ মুঠ বোনাছৰ সৈতে adjust কৰা হৈছে নে নাই, wage-slip বা payment statement-ত স্পষ্টকৈ দেখুৱাব লাগিব।

সকলো দল-সংগঠনৰ নেতা আৰু শ্ৰমিক প্ৰতিনিধিৰ দায়িত্ব

শ্ৰমিকসকলৰ প্ৰাপ্য বোনাছৰ বিষয়ে স্পষ্টতা আনিবলৈ দল-সংগঠন আৰু শ্ৰমিক প্ৰতিনিধিসকলে বাগিচা কৰ্তৃপক্ষৰ পৰা তলৰ বিষয়সমূহ লিখিতভাৱে নিশ্চিত কৰিব লাগে

১। ২০% বোনাছৰ লিখিত আদেশ, চুক্তি বা settlement-ৰ প্ৰতিলিপি ল’ব লাগে।

২। কোনটো হিচাপৰ বছৰৰ বাবে বোনাছ দিয়া হৈছে, সেয়া স্পষ্টকৈ জানিব লাগে।

৩। প্ৰতিজন শ্ৰমিকৰ কাম কৰা দিন আৰু বোনাছ যোগ্য মুঠ মজুৰিৰ তালিকা বিচাৰিব লাগে।

৪। প্ৰতিজন শ্ৰমিকৰ ২০% হিচাপত কিমান টকা হৈছে, সেই অংক লিখিতভাৱে প্ৰকাশ কৰিব লাগে।

৫। কিস্তিত বোনাছ দিলে কেতিয়া কিমান টকা দিয়া হ’ব, সেয়া আগতেই স্পষ্ট কৰিব লাগে।

৬। বোনাছৰ টকা বেংকত জমা হোৱাৰ পিছত wage-slip বা payment statement দিয়াটো নিশ্চিত কৰিব লাগে।

৭। কোনো কৰ্তন বা adjustment থাকিলে তাৰ কাৰণ লিখিতভাৱে জনাব লাগে।

এটা বাক্যত ক’বলৈ গ’লে
২০% বোনাছ মানে নিজৰ বোনাছ যোগ্য বছৰৰ মুঠ মজুৰিৰ প্ৰতি ১০০ টকাত ২০ টকা।

যদি বছৰৰ মুঠ বোনাছ যোগ্য মজুৰি ৮৪,০০০ টকা হয়, তেন্তে ২০% বোনাছ হ’ব ১৬,৮০০ টকা।

সেয়ে সকলো চাহ-শ্ৰমিকক অনুৰোধ জনাওঁ ২০% বোনাছৰ অৰ্থ, নিজৰ কাম কৰা দিন, বছৰৰ মুঠ মজুৰি আৰু প্ৰাপ্য বোনাছৰ সঠিক হিচাপ জনাটো অতি জৰুৰী।

শ্ৰমিকসকলে নিজৰ মজুৰি, কাম কৰা দিন আৰু বোনাছৰ হিচাপ নিজে জনা উচিত। কাৰণ নিজৰ অধিকাৰ জনাটো কোনো অপৰাধ নহয় বৰঞ্চ ই প্ৰতিজন শ্ৰমিকৰ ন্যায্য অধিকাৰ।



Copy (অমিত নাগ)

কৰম পৰৱৰ গৰিমা অক্ষুণ্ণ ৰাখোঁ 🙏🌿কৰম পৰৱ চাহ জনগোষ্ঠীৰ এক গৌৰৱময় জাতীয় উৎসৱ। এই পৰৱ কেৱল আনন্দ-উৎসৱ নহয়, ই আমাৰ পৰম্পৰা, ...
25/08/2026

কৰম পৰৱৰ গৰিমা অক্ষুণ্ণ ৰাখোঁ 🙏🌿

কৰম পৰৱ চাহ জনগোষ্ঠীৰ এক গৌৰৱময় জাতীয় উৎসৱ। এই পৰৱ কেৱল আনন্দ-উৎসৱ নহয়, ই আমাৰ পৰম্পৰা, সংস্কৃতি, বিশ্বাস আৰু ঐক্যৰ প্ৰতীক।

বহু বছৰ ধৰি প্ৰজন্মৰ পিছত প্ৰজন্মই এই পৱিত্ৰ পৰম্পৰা পালন কৰি আহিছে। সেয়ে কৰম পৰৱৰ ঐতিহ্য আৰু সাংস্কৃতিক স্বকীয়তা ৰক্ষা কৰাটো আমাৰ সকলোৰে দায়িত্ব।

নৱপ্ৰজন্মৰ মাজতো কৰম পৰৱৰ গুৰুত্ব আৰু পৰম্পৰা জীয়াই ৰাখিবলৈ অসম চাহ জনজাতি ছাত্ৰ সন্থাই সকলোকে আন্তৰিক আহ্বান জনাইছে।

আহক, আমি সকলোৱে মিলি আমাৰ সংস্কৃতি আৰু ঐতিহ্যক সন্মান কৰোঁ, সংৰক্ষণ কৰোঁ আৰু আগন্তুক প্ৰজন্মলৈ গৌৰৱেৰে আগবঢ়াই দিওঁ। ✊🌿

জয় কৰম!
জয় চাহ জনগোষ্ঠীৰ ঐক্য!
জয় আই অসম!

09/08/2026

সৌ সিদিনা মই কোৱা কথাবোৰ মিছা নাছিল। আজি কিছুমান দলীয় কৰ্মকৰ্তাৰ কাৰ্যকলাপেই সেই কথাৰ সত্যতা প্ৰমাণ কৰি দিলে। আমি এই কথাটো মানি ল'ব পাৰোঁ যে সকলোৰে ব্যক্তিগতভাৱে সহায় কৰাৰ সামৰ্থ্য নাথাকিব পাৰে। কিন্তু অত্যন্ত দুখৰ বিষয় যে মাননীয় নাজিৰা সমষ্টিৰ বিধায়ক শ্ৰদ্ধাৰ শ্ৰীযুত ময়ূৰ বৰগোহাঁই ডাঙৰীয়াই দিন-ৰাতি একাকাৰ কৰি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সৈতে যোগাযোগ কৰি যিসকল প্ৰকৃত বানপীড়িত লোকৰ বাবে ₹১৫,০০০ এককালীন বান সাহায্যৰ ব্যৱস্থা কৰিলে, সেই সাহায্যৰ তালিকাত কিছুমান দলীয় কৰ্মকৰ্তাই নিজৰ আত্মীয়-স্বজন, পৰিয়ালৰ সদস্য বা বানপানীত কোনো ক্ষতি নোহোৱা ব্যক্তিৰ নাম সন্নিৱিষ্ট কৰা বুলি অভিযোগ উত্থাপিত হৈছে।

আনহাতে, যিসকল পৰিয়ালৰ ঘৰ-দুৱাৰ, গৃহস্থালীৰ সকলো সামগ্ৰী, গৰু-ছাগলী, কুকুৰা আদি বানত সম্পূৰ্ণৰূপে নষ্ট হৈছে, তেনে বহু প্ৰকৃত বানপীড়িত ব্যক্তি এই সাহায্যৰ পৰা বঞ্চিত হৈ আছে। এই পৰিস্থিতি অত্যন্ত উদ্বেগজনক।

সেয়েহে, মাননীয় নাজিৰা সমষ্টিৰ বিধায়ক শ্ৰীযুত ময়ূৰ বৰগোহাঁই ডাঙৰীয়া আৰু সম-জিলা আয়ুক্ত মহোদয়াৰ ওচৰত বিনম্ৰ অনুৰোধ জনাইছোঁ যে এই অভিযোগসমূহৰ নিৰপেক্ষ তদন্ত কৰি প্ৰকৃত হিতাধিকাৰীক সাহায্য নিশ্চিত কৰক। লগতে, যদি কোনো ব্যক্তিয়ে সাহায্য বিতৰণৰ ক্ষেত্ৰত দালালি, কমিছন বা অন্য কোনো অনিয়ম সংঘটিত কৰি থাকে, তেন্তে তেওঁলোকৰ বিৰুদ্ধে উচিত তদন্ত কৰি আইন অনুসৰি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনালোঁ।

প্ৰকৃত বানপীড়িত লোকেই চৰকাৰী সাহায্য লাভ কৰক—এয়াই আমাৰ একমাত্ৰ দাবী।

Copyed
Bhupen Ghatowar( Sec. Atta Nazira Branch)

জানিবলৈ পোৱা অনুসৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শ্ৰমিক নেতা শ্ৰদ্ধাৰ ভদ্ৰ ৰাজোৱাৰ ডাঙৰীয়াৰ যোৱা ৰাতি উচ্চ ৰক্ত চাপত (ষ্ট্...
10/07/2026

জানিবলৈ পোৱা অনুসৰি অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শ্ৰমিক নেতা শ্ৰদ্ধাৰ ভদ্ৰ ৰাজোৱাৰ ডাঙৰীয়াৰ যোৱা ৰাতি উচ্চ ৰক্ত চাপত (ষ্ট্ৰ'ক)মস্তিষ্কৰ ৰক্তক্ষৰণ হৈ সংকটজনক অৱস্থাত শিৱসাগৰ জিলাৰ ৰজাবাৰীস্থিত চুকাফা স্পেচিলেটি হস্পিতালত চিকিৎসাধীন হৈ আছে।এজন সহজ সৰল ব্যক্তি,নিজৰ কলা কৃষ্টি সংস্কৃতিৰ প্ৰতি সদা সচেতন এই বিশিষ্ট ব্যক্তি গৰাকীক অসমৰ জনতাই জানে ঝুমুইৰ গুৰু বুলি।‌তেখেতৰ দ্ৰুত আশু আৰোগ্যৰ কামনাৰে ভগৱন্তৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছো।

🎉 Congratulations! 🌿A proud moment for our Tea Tribes & Adivasi community.Heartiest congratulations to:✨ Ruhit Kurmi✨ Pr...
08/07/2026

🎉 Congratulations! 🌿

A proud moment for our Tea Tribes & Adivasi community.

Heartiest congratulations to:
✨ Ruhit Kurmi
✨ Pranob Jyoti Gowala
✨ Jyoti Prasad Majhi
✨ Munmun Bawri

Your success in the APSC Junior Engineer (PHE Department) recruitment is an inspiration for our entire community. Wishing you continued success as you serve Assam with dedication and excellence.

Johar! Proud of you all! ❤️🌿


আজি হুল দিৱস, ১৮৫৫ চনৰ "হুল বিদ্ৰোহ"ৰ শ্বহীদ বীৰ সিধু ৰ্মুমু আৰু কানু ৰ্মুমুলৈ হুল দিৱসৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন...
30/06/2026

আজি হুল দিৱস, ১৮৫৫ চনৰ "হুল বিদ্ৰোহ"ৰ শ্বহীদ বীৰ সিধু ৰ্মুমু আৰু কানু ৰ্মুমুলৈ হুল দিৱসৰ দিনটোত গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।

ভাৰতৰ স্বাধীনতাৰ বাবে এই দুগৰাকী বীৰে দহ হেজাৰৰো অধিক লোকক একত্ৰিত কৰি ব্ৰিটিছৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হৈছিল। তেখেতসকলৰ অতুলনীয় দেশপ্রেম আৰু অদম্য সাহসে যুগে যুগে দেশবাসীক অনুপ্ৰাণিত কৰি থাকিব।

30/06/2026

⚖️🖋️

অসম চাহ জনজাতি ছাত্ৰ সন্থা  নাজিৰা শাখাৰ উদ্যোগত মেকিপুৰ উপ-শাখা আৰু মেকিপুৰ প্ৰাথমিক গোটৰ সহযোগত  আটছাৰ প্ৰতিষ্ঠাপক সভা...
26/06/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থা নাজিৰা শাখাৰ উদ্যোগত মেকিপুৰ উপ-শাখা আৰু মেকিপুৰ প্ৰাথমিক গোটৰ সহযোগত আটছাৰ প্ৰতিষ্ঠাপক সভাপতি তথা সমাজহিতৈষী প্ৰয়াত চাইমন সিং হ'ৰ ছাৰৰ মৃত্যু বাৰ্ষিকী উপলক্ষে এক গাম্ভীৰ্যপূৰ্ণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মেকিপুৰ চাহ বাগিছা মজদুৰ ক্লাৱত অনুষ্ঠিত হয়।
উপস্থিত সকলোৱে প্ৰয়াত চাইমন সিং হ'ৰ ছাৰৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰে আৰু তেখেতৰ আদৰ্শ, ত্যাগ, সংগ্ৰাম আৰু চাহ জনগোষ্ঠীৰ অধিকাৰ প্ৰতিষ্ঠাৰ বাবে আগবঢ়োৱা অৱদানক সশ্ৰদ্ধভাৱে সোঁৱৰে। অনুষ্ঠানটো গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত সুন্দৰভাৱে সম্পন্ন হয়।
📍 স্থান: মেকিপুৰ চাহ বাগিছা মজদুৰ ক্লাৱ
📅 তাৰিখ: ২৬ জুন, ২০২৬

26/06/2026

অসম চাহ জনজাতি ছাত্ৰ সন্থা(ATTSA)ৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰয়াত চাইমন সিং হৰ দেৱৰ ৪৭ সংখ্যক মৃত্যুবাৰ্ষিকত শ্ৰদ্ধাঞ্জলি জনাইছোঁ🙏

অসমীয়া সমাজ জীৱনৰ অন্যতম মহীৰূহ তথা অসমৰ জাতীয় জাগৰণৰ অবিস্মৰণীয় কাণ্ডাৰী আৰু একেধাৰে সাহিত্যিক,সংগীতজ্ঞ,অভিনেতা,গায়...
20/06/2026

অসমীয়া সমাজ জীৱনৰ অন্যতম মহীৰূহ তথা অসমৰ জাতীয় জাগৰণৰ অবিস্মৰণীয় কাণ্ডাৰী আৰু একেধাৰে সাহিত্যিক,সংগীতজ্ঞ,অভিনেতা,গায়ক,নৃত্যশিল্পী,চিত্ৰশিল্পী মুক্তি-যুজাৰু কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পৱিত্ৰ প্রয়াণ তিথিত তেখেতৰ অনন্য শিল্পীসত্বাৰ আগত পুনৰ এবাৰ শিৰনত কৰি প্ৰণাম জনাইছোঁ।

Address

Mackeypore
Nazira
785685

Website

Alerts

Be the first to know and let us send you an email when Attsa Mackeypore -"Nazira" posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share

Category