27/09/2026
❤️ আন্তৰিক ধন্যবাদ সকলো Content Creator-লৈ ❤️🙏
মৰোৱা, নলবাৰীৰ পৱিত্ৰ ভূমিত অনুষ্ঠিত শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱৰ বিভিন্ন মুহূৰ্ত Instagram, Facebook, YouTube আৰু অন্যান্য সামাজিক মাধ্যমৰ জৰিয়তে আপোনালোকে যি সুন্দৰভাৱে সমগ্ৰ অসমৰ লগতে বহিঃবিশ্বৰ মানুহৰ মাজলৈ লৈ গৈছে, তাৰ বাবে আপোনালোক সকলোলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 🙏
আপোনালোকৰ এটা এটা Reel, Video আৰু Post-এ কেৱল এটা উৎসৱৰ দৃশ্য দেখুওৱা নাই—ই মৰোৱা, নলবাৰী আৰু আমাৰ ঐতিহ্য, সংস্কৃতি আৰু আধ্যাত্মিক পৰম্পৰাকো ডিজিটেল জগতত পৰিচয় কৰাই দিছে। ❤️
বিশেষকৈ মৰোৱা নলবাৰীৰ এই পৱিত্ৰ জন্মোৎসৱক Digital Platform-ত ইমান সুন্দৰভাৱে উপস্থাপন কৰাৰ বাবে সকলো Content Creator-লৈ ধন্যবাদ। 🌿📱
এনেদৰেই আমাৰ মাটি, সংস্কৃতি আৰু ঐতিহ্যক বিশ্বৰ আগত তুলি ধৰক।
মৰোৱা নলবাৰী গৌৰৱ হওক, আমাৰ সংস্কৃতি জীয়াই থাকক। ❤️🙏