20/08/2025
৫. হোমেন বৰগোহাঞিৰ সাহিত্য বীক্ষণ
লেখক – ড০ পৰিতোষ চক্ৰৱৰ্তী
■ অসামান্য গদ্যৰীতিৰে পাঠকক মোহাচ্ছন্ন কৰিব পৰা প্ৰথিতযশা কথাশিল্পী হোমেন বৰগোহাঞিদেৱৰ সাহিত্য-কীৰ্তিৰ এক পূৰ্ণাংগ আলোচনা-গ্ৰন্থৰ অভাৱৰ বোধহয় অন্ত পৰিল । অৱশ্যে কোনো হোমেন বৰগোহাঞিৰ সমালোচকেই এই কথা নক'ব যে হোমেন বৰগোহাঞিৰ সাহিত্য সম্পৰ্কে শেষ কথা তেৱেঁই কৈছে । 'সাহিত্য চৰ্চা কেন্দ্ৰ, অসম'ৰ পুৰোধা ব্যক্তি, সাহিত্য-কৰ্মী ( সাহিত্যিক বুলি কোৱাতকৈ সাহিত্যৰ ক্ষেত্ৰখনত নেতৃত্ব দিব পৰা গুণৰ বাবে মই তেখেতক সাহিত্য-সংগঠক বা সাহিত্য-কৰ্মী বুলি কৈ বেছি ভাল পাওঁ । ) ড০ পৰিতোষ চক্ৰৱৰ্তীদেৱেও নিশ্চয় এই দাবী নকৰে । কিন্তু এই বৃহৎ কামটো যে সকলোৰে হাতত নিসিজিব, সেয়াও সত্য । সন্দেহ নাই যে চক্ৰৱৰ্তীদেৱৰ নিষ্ঠা, সততা আৰু এক উৎসৰ্গীকৃত মনোভাৱে 'হোমেন বৰগোহাঞিৰ সাহিত্য বীক্ষণ' নামৰ এই ৪৫৫ পৃষ্ঠাৰ বৃহৎ কলেৱৰৰ গ্ৰন্থখনৰ প্ৰণয়ন আৰু প্ৰকাশ সম্ভৱ কৰি তুলিলে ।
কি আছে গ্ৰন্থখনত ? সূচীপত্ৰত চকু ফুৰালে বাটচ'ৰাতে দেখোঁ প্ৰসিদ্ধ তাত্ত্বিক, সমালোচক
আনন্দ বৰমুদৈৰ এটি আলোচনা । সন্মুখৰ বাকী পৃষ্ঠাবোৰত আছে 'প্ৰকাশকৰ কথাৰে', 'অৱতৰণিকা', 'হোমেন বৰগোহাঞিৰ উপন্যাস আৰু গদ্যৰীতি' নামৰ লেখাকেইটা । ভিতৰৰ পৃষ্ঠাবোৰত পাঠকক প্ৰৱেশ কৰাবলৈ আৰু সেই পৃষ্ঠাবোৰৰ মৰ্ম উপলব্ধি কৰাবলৈ এয়া লেখকৰ যথোচিত কৌশল বুলি বুজিব পাৰি । লেখকে যেন পাঠকক এইখিনি পঢ়াৰ হোমৱৰ্ক কৰাটো বিচাৰিছে, যি হোমৱৰ্ক নকৰিলে কিতাপখনৰ গৰ্ভত প্ৰৱেশ কৰিব নোৱাৰি ।
বিশেষকৈ আনন্দ বৰমুদৈদেৱৰ গ্ৰন্থখন সন্দৰ্ভত চমু, মূল্যবান, মূল্যায়ন পঠনযোগ্য । তেখেতে লিখিছে –
"ড° চক্রৱতীয়ে হোমেন বৰগোহাঞিৰ জীৱন আৰু সাহিত্যকৃতিক তেওঁৰ আলোচনাৰ মাজলৈ আনিছে । তেওঁ সুক্ষ্মভাবে বৰগোহাঞিৰ গল্প, উপন্যাস, কবিতা, গদ্য আদিক পৰীক্ষা কৰিছে । তেওঁ বৰগোহাঞিৰ এজন গুণমুগ্ধ পাঠক । সমালোচকসকলো পাঠক আৰু পাঠক হিচাপে তেওঁলোকৰ নিজৰ ভালপোৱা-বেয়াপোৱা আৰু পচন্দ-অপচন্দ থাকে । বহুত ভাল সমালোচকৰ ভাল সমালোচনা তেওঁলোকে ভালপোৱা লেখকৰ ভালপোৱা সাহিত্যৰ সমালোচনা । তেনেকুৱা ক্ষেত্ৰত সমালোচকে সমালোচনা কৰিবলৈ লোৱা সাহিত্য-কৰ্মক গভীৰ মনোযোগেৰে অধ্যয়ন কৰে ; বিচাৰ-বিশ্লেষণক তেওঁ যান্ত্রিকভাৱে নলয়। কিন্তু তাৰ অসুবিধাও আছে। সমালোচক যদি সাহিত্যিকজনৰ অতিশয় গুণমুগ্ধ হয়, তেওঁ সাহিত্য কর্ম এটাক নিৰাবেগ বস্তনিষ্ঠভাৱে পৰীক্ষা কৰিব নোৱাৰিবও পাৰে। সমালোচনাৰ এই দিশটোৰ প্ৰতিও ড°পৰিতোষ চক্রৱর্তী সজাগ । সেইবাবে তেওঁ হোমেন বৰগোহাঞিৰ সাহিত্য-কৃতিৰ বিষয়ে ইতিমধ্যে হৈ যোৱা সমালোচনাৰ ঐতিহ্যৰ লগত পৰিচিত হৈ লৈছে।"
চক্ৰৱৰ্তীদেৱে বৰগোহাঞিৰ উপন্যাস, গল্প আৰু কবিতাৰ আলোচনা কৰিছে । কিন্তু আত্মানুসন্ধান, প্ৰজ্ঞাৰ সাধনা, আনন্দ আৰু বেদনাৰ সন্ধানত, জীৱনৰ সাধনা, পাঠকৰ টোকাবহী, জীৱনৰ মধুৰতম সময়, আত্ম দীপো ভৱ, ধুমুহা আৰু ৰামধেনু, জিজ্ঞাসা, মোৰ সাংবাদিক জীৱন, অন্তহীন প্ৰেৰণা, কিতাপ পঢ়াৰ আনন্দ, স্বৰ্গ আৰু নৰক, মোৰ যৌৱনৰ ৰামধেনু আদি তেওঁৰ অতি জনপ্ৰিয়, বহুপঠিত আত্মজীৱনীমূলক তথা জীৱনবোধক গ্ৰন্থখিনিত হাত দিয়া নাই । তেওঁৰ কিতাপ আৰু স্বাস্থ্যৰক্ষা বিষয়ক কিতাপো আছে কেইবাখনো । সেইবিলাকো চক্ৰৱৰ্তীছাৰে এৰাই চলিছে । সেইখিনিৰ আলোচনা অৱশ্যে বিদ্যায়তনিক দিশৰ পৰা গুৰুত্বপূৰ্ণ নহয় । তাৰোপৰি এই ধৰণৰ কিতাপবোৰ স্ব-ব্যাখ্যামূলক ( Self explanatory ) । এইবোৰৰ বেলেগ টীকা-ভাষ্যৰ আৱশ্যকতা নাই । তথাপি গ্ৰন্থখনৰ সম্পূৰ্ণতাৰ স্বাৰ্থত এইকেইখনৰ নামোল্লেখ আৰু সৰু সৰু পৰিচয়মূলক টোকা একোটাৰে এটা অধ্যায় লিখিব পাৰিলেহেঁতেন । বৰগোহাঞি দেৱে লিখা ডাৰউইন আৰু লুই পেষ্টিঅ'ৰ নামৰ সৰু জীৱনীগ্ৰন্থদুখন আৰু তেওঁ সম্পাদনা কৰা গ্ৰন্থকেইখনৰ কথাও সংগত কাৰণত এৰাই চলিছে । অৱশ্যে উক্ত প্ৰবন্ধৰ কিতাপকেইখনমানৰ কথা উল্লেখ কৰিছে 'প্ৰকাশকৰ কথাৰে' নামৰ সুচিন্তিত প্ৰবন্ধটোত সাহিত্য চৰ্চা কেন্দ্ৰৰ সভাপতি ড০ ভৱেশ দাস ছাৰে ।
তেখেতে আলোচনাৰ বাবে লোৱা উপন্যাসসমূহ হ'ল – সুবালা, তান্ত্রিক, কুশীলৱ, হালধীয়া চৰায়ে বাওধান খায়, তিমিৰতীর্থ, পিতা-পুত্র, অস্তৰাগ, মৎস্যগন্ধা, সাউদৰ পুতেকে নাও মেলি যায, নিঃসঙ্গতা, বিষণ্ণতা আৰু এদিনৰ ডায়েৰি । 'পুৱাৰ পূৰৱী, সন্ধ্যাৰ বিভাস' নামৰ উপন্যাসখন এই তালিকাত অন্তৰ্ভুক্ত কৰা হোৱা নাই । হয়তো উপন্যাসখন হোমেন বৰগোহাঞি আৰু নিৰুপমা বৰগোহাঞিয়ে যুটীয়াভাবে লিখা বাবে উপন্যাসখনক এই 'শাস্তি' প্ৰদান কৰা হৈছে ।
ইয়াৰ পাছতে সংযোজন কৰা হৈছে 'হোমেন বৰগোহাঞিৰ উপন্যাসৰ গদ্য', চুটিগল্প লেখক হিচাপে হোমেন বৰগোহাঞি' ৰামধেনু আলোচনী আৰু হোমেন বৰগোহাঞিৰ গল্প' 'হোমেন বৰগোহাঞিৰ কবিতা' শীৰ্ষক অধ্যায়কেইটি ।পৰিশিষ্টত সংযোগ কৰা হৈছে ড০ গোবিন্দ প্ৰসাদ শৰ্মাদেৱৰ এট প্ৰবন্ধ । প্ৰবন্ধটো কিছুপৰিমানে চক্ৰৱৰ্তীছাৰৰ প্ৰবন্ধকেইটাৰ পৰিপূৰক । গ্রন্থপঞ্জীখনে গ্ৰন্থকাৰৰ অধ্যয়নৰ বিস্তৃতি আৰু গৱেষণাৰ মান সম্পৰ্কে পাঠকক আস্বস্ত কৰিব পাৰিছে ।
মোৰ ক'বলগীয়াখিনি প্ৰায় শেষ । অসমীয়া সাহিত্যৰ এই দিগ্গজ গৰাকীৰ সাহিত্য-কৃতি সম্পৰ্কে আমাক কিছু মৌলিক কথাৰ সম্ভেদ দিয়া বাবে চক্ৰৱৰ্তী ছাৰক অশেষ ধন্যবাদ । ■■■
( আগ্ৰহী পাঠকে গ্ৰন্থপঞ্জীত নথকা ৰাতুল কিশোৰ ডেকা, ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰী আৰু ইছমাইল হুছেইনৰ কিতাপকেইখনো চাব পাৰে ।)
ড০ হীৰেন গোহাঁই অধ্যয়ন কক্ষৰ পৰা দ্বিজেন্দ্ৰ নাৰায়ণ শৰ্মা ।
(আমি সাহিত্যৰ ছাত্ৰ নহয়, সমালোচকো নহয়, এগৰাকী সাধাৰণ পাঠকহে । ভুল হ'লে ক্ষমা কৰিব । )
Paritosh Chakravorty