ধৰ্মীয় সাম্ৰাজ্যবাদ বনাম হিন্দুত্বৰ অস্তিত্ব

  • Home
  • India
  • Nalbari
  • ধৰ্মীয় সাম্ৰাজ্যবাদ বনাম হিন্দুত্বৰ অস্তিত্ব

ধৰ্মীয় সাম্ৰাজ্যবাদ বনাম হিন্দুত্বৰ অস্তিত্ব আপোনাৰ সততা আমাৰ আস্থা

ধৰ্মনিৰপেক্ষতাৰ পৰিণতিত হিন্দত্বৰ অৱসান ।বিংশ শতিকাৰ আৰম্ভণীত কাশ্মীৰী হিন্দু পণ্ডিত আৰু কাশ্মীৰী মুছলমানসকলে  লগ লাগি ...
01/11/2022

ধৰ্মনিৰপেক্ষতাৰ পৰিণতিত হিন্দত্বৰ অৱসান ।

বিংশ শতিকাৰ আৰম্ভণীত কাশ্মীৰী হিন্দু পণ্ডিত আৰু কাশ্মীৰী মুছলমানসকলে লগ লাগি আন্দোলন আৰম্ভ কৰিছিল __
‘ Kashmir for the Kashmiri ‘ আন্দোলন । সেইমৰ্মে ১৯২৭ চনত চাকৰি , ভুমি ক্ৰয়ৰ আদি বিষয় সন্নিবিষ্ট কৰি জম্মু – কাশ্মীৰৰ ৰজাই কিছু নিয়ম বান্ধি দিয়ে ( The 1927 Hereditary State Subject Order granted to the state subjects the right to government office and the right to land use and ownership, which were not available to non-state subjects.)
গোজেই গজালি মেলি বৃক্ষ ৰূপ ল’লে আৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপত ৩৭০ ধাৰা বলবৎ কৰা হয় ।
জম্মু – কাশ্মীৰ খন পঞ্জাবী বা ভাৰতৰ আন ৰাজ্যৰ মানুহৰ কাৰণে প্ৰায় বিদেশী ভুমিৰ দৰে হৈ পৰে । ইয়াৰ পুৰ্ণ সুবিধাত পাকিস্তানী সন্ত্ৰাসবাদীৰ প্ৰৰোচনাত কাশ্মীৰৰ একাংশ মুছলমান সম্প্ৰদায়ৰ সন্ত্ৰাসবাদীয়ে ১৯৮৯-৯০ ত পণ্ডিতৰ নৰসংহাৰ কাৰ্য আৰম্ভ কৰে । নিজৰ ভুমিৰ পৰা পলায়ন কৰি পঞ্জাৱ আৰু দিল্লীত আশ্ৰয় ল’ব লগা হয় । নিয়তিৰ বিচাৰ । এদিন ভাৰতৰ আন ৰাজ্যৰ মানুহৰ প্ৰবেশ নিষিদ্ধ কৰিব খোজা মানুহখিনিয়ে পিছৰ সময়ত পঞ্জাব – দিল্লীত আশ্ৰয় ল’ব লগা হয় ।

এতিয়া মুল কথাতো হল অত্যাধিক ধৰ্ম নিৰপেক্ষতাৰ বাবে কাশ্মীৰত হিন্দু পণ্ডিত সকল পতন হল ঠিক তেনেকৈ অসমতো তাৰ ইয়াৰ প্ৰভাৱ যথেষ্ট ভাৱে পৰিলক্ষিত হৈছে।

28/10/2022

সত্যৰ অন্বেষণত...Axom Time, a Assamese News/Media company seeks to provide true and important social issues and information(news) to the public.We are agains...

অসমত ফকীৰৰ  চৰিত্ৰ বহন কৰিব খোজা জেহাদ ৰুপি ইচমাইল হুচেইনক বৰ্জন কৰক।হুচেইনৰ সত্ৰ আগমনে  অসমীয়া কলা সংস্কৃতি বিপথে পৰিচা...
26/10/2022

অসমত ফকীৰৰ চৰিত্ৰ বহন কৰিব খোজা জেহাদ ৰুপি ইচমাইল হুচেইনক বৰ্জন কৰক।

হুচেইনৰ সত্ৰ আগমনে অসমীয়া কলা সংস্কৃতি বিপথে পৰিচালনা হব পাৰে।

সত্ৰ-সংঘ আধ্যাত্মিকতাবাদক বিশ্চাস কৰা ভকতৰ মাজত বিভেদ সৃষ্টি কৰিছে নেকী ইছমাইলে।

আজান ফকীৰ কত কিয় বিখ্যাত এই বিষয়তো দ্বিতিয়বাৰ কোৱাৰ প্ৰয়োজনবোধ কৰা নাই তথাপিও সংক্ষেপতে কবলৈ হলে আজান ফকীৰ এজন সাম্প্ৰদায়িক ব্যাক্তি আছিল আৰু যাৰ কাৰনে হয়তো হিন্দু-মুছলমান শব্দ দুটা বিভক্ত হৈ বৰ্তমান সময়ত সমন্বয়-সম্প্ৰীতি অৱনতি হৈ ৰাজ্যখনত বহুত বিস্তৰ ক্ষতি সাধন কৰিছে।আৰু ইয়াৰ একমাত্ৰ কালপিতে আছিল আজান ফকিৰ।যদি ফকিৰে মুছলমান সকলক পুজা পাতলত হেঙাৰ হৈ থিয় নিদিলে হয়,যদি মুছলমান সকলক মজছিদত নামাজ ৪/৫ কৈ নেদিলে হয় তেতিয়া হয়তো মুছলমান সকল ইমান ধৰ্মৰ গোৰামী নহলে হয়।মুঠতে কব পাৰি আজান ফকিৰ অসমত আগমনৰ পিছৰে পৰা অসমৰ হিন্দু-মুছলমানৰ ভ্ৰাতৃত্ব বোধৰ শিকলি নিমিষতে শেষ হৈ গৈছিল।

কথা হল মই আগতে কৈছো মোৰ গাত অশেষ জ্ঞান নাই মই সকলো বিষয় বিকাশ কৰিব নোৱাৰিবও পাৰো।তথাপি যিখিনি শিকিলো অসম মাতৃৰ কোলাত তাৰ পৰা অনুমান কৰিব পাৰিছো যে সনাতনি আধ্যাত্মিক স্থলি সমূহ জেহাদৰ আগ্ৰাসনত বলি হৈছে।মোৰ ধৰ্মক মই যেনেকৈ বিশ্বাস কৰো ঠিক তেনেকৈ ইছলাম ধৰ্মকো মাহি আইৰ দৃষ্টি নিক্ষেপ কৰা মোৰ কাম্য নহয়।যেনেকৈ মোৰ মন্দিৰত পবিত্ৰতা আছে ঠিক তেনেকৈ এটা মচজিদতো পবিত্ৰতা বিৰাজমান।ভগৱানে প্ৰকৃতি ৰক্ষাৰ স্বাৰ্থত ধৰ্মৰ সৃষ্টি কৰে আৰু সেই ধৰ্ম মানৱ সমাজে বিনষ্ট কৰে।ইছলাম ধৰ্মই কোৱা নাই অন্য ধৰ্মক জেহাদ কৰিবলৈ,আল্লাই কোৱা নাই নাৰী নিৰ্য্যাতন কৰিবলৈ,আল্লাই কোৱা নাই উচ্চ কম্পনাংকত শব্দ প্ৰয়োগ কৰি ৪/৫বাৰকৈ আজান দিব।এইবোৰ সকলো একাংশ মনাৱ সমাজৰ কৌশলগত ব্যাবস্থা ।আৰু এই ব্যাবস্থাৰ প্ৰতিক্ৰিয়াৰ পৰিণতিত ৰাজ্যত সম্প্ৰীতিৰ হাৰ দৈনন্দিন হ্ৰাস পাইছে।

মই যেনেকৈ ব্ৰাহ্মন্যবাদক বিশ্চাসী ঠিক তেনেকৈ শংকৰী,অনুকুল মুঠতে সনাতন ধৰ্মৰ যি পন্থা আছে সকলোকে বিশ্বাস কৰো।সনাতনি ধৰ্মৰ নামত বিভেদকামী কৰাতো মহাপাপ।সনাতনি ধৰ্মত যাৰ যি পন্থা বা যিয়ে যাক বিশ্বাস কৰে বা যেনেকৈ যি মাধ্যমেৰে ভগৱানক আৰোধনা কৰিব বিচাৰে সেইতো তেওলোকৰ নিজস্ব স্বাধীনতা আছে।কিন্তু ধৰ্ম নামত বা গুৰুজনাৰ পবিত্ৰতাক যাতে কোনেও ৰহন সানিব নোৱাৰে তাৰ প্ৰতি প্ৰত্যেক অসমীয়াই সু-দৃষ্টি থাকিব লাগে।

বৰ্তমানৰ আটাইতকৈ চৰ্চিত বিষয়তো হল ইছমাইল হুচেইন।যি হুচেইনে অসমীয়া সমাজখনক বিপথে পৰিচালনা কৰি হিন্দু সমাজৰ মাজত বিভেদকামী কৰিব খোজে।যি হুচেইনে কেৱল ভেশচন মাধ্যমেৰে গুৰুজনাৰ আদৰ্শ লৈ সত্ৰ সমূহ বিলুপ্তিৰ কুত কৌশল ৰচনা ব্যস্ত,সচা অৰ্থত ইছমাইল হুচেইন কোনো বৈষ্ণৱ পন্থাৰ ভকত নহয়।যদি তেখেতে সচাকৈ বৈষ্ণৱ পন্থা অৱলম্বন কৰিছে তেতিয়াহলে গো-মাংস বৰ্জন কৰিব পাৰিছেনে,তেখেতে নামাজ পঢ়াৰ পৰা বিৰত হৈছেনে,তেখেতৰ ঘৰত গুৰুজনাৰ থাপনা স্থাপন হৈছেনে।এইবোৰ সকলো বিচক্ষন কৰাৰ প্ৰয়োজন আছিল সত্ৰাধিকাৰ সমুহে।কিন্তু তেওলোকে বিচক্ষন কৰাৰ দুৰৰে কথা ইছমাইলৰ দৰে ব্যাক্তিজনাৰ সন্মুখত আঠু লোৱাতো গোটেই সমাজখনৰ কাৰনে অমাংগলিক হৈ পৰিছে।

বিঃদ্ৰ(পোষ্টতো like,comentৰ আশাত কৰা নাই।বৰ্তমান সময়ত যিখিনি দেখিলো যি খিনি শুনিলো তাৰ আধাৰত বিকাশ কৰিয়ে উক্ত পোষ্টতো share কৰিলো।যদি সম্ভৱতঃ কৰবাত ভুল হৈছে আপোনালোকৰে ঘৰৰ সদস্য বুলি ক্ষমা কৰি দিব ।ৰাধে-ৰাধে।জয় শ্ৰীৰাম,।জয় গুৰু শংকৰ।)

গান্ধী ভাৰতৰ নহয়, পথভ্ৰষ্ট পাকিস্তানৰ হে ৰাষ্ট্ৰপিতা আছিল৩০অক্টোবৰ ১৯৪৮চনত নাথুৰাম গডচেই মোহনদাস কৰমচান্দ গান্ধীক গুলিয়...
15/10/2022

গান্ধী ভাৰতৰ নহয়, পথভ্ৰষ্ট পাকিস্তানৰ হে ৰাষ্ট্ৰপিতা আছিল

৩০অক্টোবৰ ১৯৪৮চনত নাথুৰাম গডচেই মোহনদাস কৰমচান্দ গান্ধীক গুলিয়াই বধ কৰিছিল কিন্তু নাথুৰামে ঘটনা স্থলীৰ পৰা পলায়ন কৰা নাছিল বৰঞ্চ আত্মসমৰ্পণ হে কৰিছিল l নাথুৰামৰ লগতে ১৭ জন অভিযুক্তৰ ওপৰত গান্ধী হত্যাৰ বিচাৰ চলোৱা হৈছিল l নাথুৰাম গডচেই গান্ধী হত্যাৰ পক্ষত ১৫০ টা দলিল ন্যায়লয়ৰ সন্মুখত ৰাখিছিল l নাথুৰামৰ এই দলিল বোৰৰ কেইটামান মুখ্য আৰু জৰুৰী দলিল এনেধৰণৰ আছিল..(১) নাথুৰামৰ ধাৰণা আছিল গান্ধীৰ অহিংসাই হিন্দু সকলক ভয়াতুৰ আৰু দুৰ্বল বনাই দিব l কানপুৰত গনেশ শংকৰ বিদ্যাৰ্থীক যেতিয়া মুছলমান সকলে নিৰ্দয় ভাবে হত্যা কৰিছিল তেতিয়া গান্ধীয়ে সকলো হিন্দুকে কৈছিল যে গনেশ বিদ্যাৰ্থীৰ দৰে অহিংসাৰ পথত থাকি বলিদান দিবলৈ l নাথুৰামে বুজি পাইছিল গান্ধীৰ এই অহিংসাৰ নীতিয়ে হিন্দু সকলক দুৰ্বল কৰি পেলাব আৰু এদিন তেওলোকে নিজৰ অধিকাৰৰ কাৰণে যুদ্ধ কৰিব নোৱাৰিব l

(২) ১৯১৯ চনত অমৃতসৰৰ জালিৱানাবাগৰ গণহত্যাৰ পিছৰে পৰা গোটেই ভাৰতত বৃটিছ শাষনৰ বিৰুদ্ধে আন্দোলন উফন্দি উঠিছিল l দেশৰ অধিকাংশই এই গণহত্যাৰ খলনায়ক জেনেৰেল ডায়াৰৰ ওপৰতঅভিযোগ চলোৱাৰ মানসেৰে গান্ধীৰ ওচৰ চাপিছিল কিন্তু গান্ধীয়ে এনে আবেদন পোনছাটে নাকচ কৰি দিছিল যিটোৱে নাথুৰামৰ হৃদয়ত আঘাত দিছিল l

(৩) গান্ধীয়ে খিলাফৎ আন্দোলনৰ সমৰ্থন কৰি ভাৰতীয় ৰাজনীতিত সাম্প্ৰদায়িকতাৰ বিষ মিহলি কৰি দিছিল l গান্ধীয়ে নিজকে মুছলমান হিতৈষী হিচাপে দেখুৱাইছিল, তেখেতে কেৰেলাৰ মৌপলা মুচলমানসকলৰ দ্বাৰা তাৰ ১৫০০ হিন্দুৰ হত্যা আৰু ২০০০ ৰৰো অধিক হিন্দুক বলপূৰ্ব্ক ধৰ্ম পৰিবৰ্তন কৰা ঘটনাৰ বিৰোধীতা পৰ্যন্ত নকৰিলে l

(৪) কংগ্ৰেছৰ ত্ৰিপুৰা অধিবেশনত নেতাজী সুভাষ চন্দ্ৰ বসু বহুমতেৰে অধ্যক্ষ নিৰ্বাচিত হৈছিল কিন্তু গান্ধীয়ে নিজৰ প্ৰিয় সীতাৰামাইয়াৰ সমৰ্থন কৰি আছিল আৰু শেষত একো নোৱাৰিবলপূৰ্ব্ক চলচাতুৰীৰে নেতাজীক ইস্তফা দিবলৈ বাধ্য কৰাইছিল l
(৫) ২৩ মাৰ্চ ১৯৩১ ত ভগত সিং, সুখদেৱ আৰু ৰাজগুৰুক ফাচী দিয়া হল l গোটেই দেশবাসীয়ে এই বীৰ সন্তান সকলৰ ফাচী ৰখাবলৈ গান্ধীৰ ওচৰত প্ৰাৰ্থনা কৰি আছিল কিন্তু গান্ধীয়ে ভগত সিং হতৰ এই হিংসাক অনুচিত বুলি কৈ দেশবাসীৰ এই প্ৰাৰ্থনাক নাকচ কৰি দিলে l

৬) গান্ধীয়ে কাশ্মীৰৰ হিন্দু ৰজা হৰি সিং ক কলে যে কাশ্মীৰ এখন মুছলমান বসতি প্ৰধান অঞ্চল গতিকে ইয়াৰ ৰজা কোনোবা মুছলমান হোৱা দৰকাৰ আৰু হৰি সিং এ সিংহাসন এৰি কাশীলৈ গৈ প্ৰাশ্চিত্য কৰিব লাগে l অথচ গান্ধীয়ে হায়দৰাবাদৰ নিজামৰ সমৰ্থন কৰিছিল যত হিন্দু সকল সংখ্যাগৰিষ্ঠ আছিল l গান্ধীৰ নীতি বিলাক ধৰ্মৰ লগে লগে সলনি হৈ গৈছিল l গান্ধীৰ মৃত্যুৰ পিছত সৰ্দাৰ পেটেলে সৈন্যৰ সহযোগত হায়দৰাবাদক ভাৰতৰ ভূখণ্ডৰ লগত অন্তৰ্ভুক্তকৰিলে যিটো গান্ধী জিয়াই থাকিলে হয়তো সম্ভৱ নহল হেতেন l

(৭) পাকিস্থানত হৈ থকা সাম্প্ৰদায়িক ৰক্তপাতৰ পৰা কেনেবাকৈ প্ৰাণ লৈ পলাই অহা হিন্দু শৰণাৰ্থী বোৰে যেতিয়াদিল্লীৰ খালি মছজিদ বোৰত আশ্ৰয় ললে তেতিয়া ভাৰতীয় মুছলমানে ইয়াৰ বিৰোধ কৰিলে আৰু তেতিয়া গান্ধী এই ক্ষেত্ৰত নিমাত হৈ গল l পিছত গান্ধীয়ে এই হিন্দু শৰণাৰ্থী সকলক (যত বৃদ্ধ, মহিলা আৰু শিশুৰ সংখ্যা অধিক আছিল) মছজিদৰপৰা খেদাই হাড় কপোৱা শিতত ৰাস্তাত আশ্ৰয় লবলৈ বাধ্য কৰিলে l

(৮) গান্ধীয়ে দিল্লীৰ মন্দিৰত নিজৰ প্ৰাৰ্থনা সভাৰ সময়ত নামাজ পঢ়িলে যিটোৰ বিৰোধীতা মন্দিৰৰ পূজাৰীৰ পৰা আৰম্ভ কৰি ভাৰতৰ বিভিন্ন হিন্দু সংগঠন বোৰে কৰিছিল কিন্তু গান্ধীয়ে এই বিৰোধীতাৰ প্ৰতি কোনো কাণসাৰ নিদিলে l গান্ধীয়ে কিন্তু কেতিয়াও এখন মছজিদত গীতা পাঠ কৰোৱাৰ সাহস দেখুৱাব নোৱাৰিলে l

(৯) লাহোৰ কংগ্ৰেছত বল্লভভাই পেটেল সৰ্বসন্মতি ক্ৰমে অধক্ষ্য নিৰ্বাচিত হৈছিল কিন্তু গান্ধীৰ আকোৰগোজ মনোভাৱৰকাৰণে এই পদ জৱাহৰলাল নেহেৰুক দিবলগীয়া হল l গান্ধীয়ে নিজৰ দাবীবোৰ সকলোকে মনাবলৈ অনশন, ধৰ্ণা, মনমাৰি থকা, কোনো ব্যক্তিৰ লগত কথা নপতা আদিৰ দৰে যুক্তি বোৰক অস্ত্ৰ কৰি কাম আদায় কৰাটো ভালদৰে জানিছিল l এইবোৰ কৰোঁতে তেওঁ নীতি অনীতিৰ বিচাৰ অলপো কৰা নাছিল l

(১০) ১৪ জুন ১৯৪৭ ত দিল্লীত অনুষ্ঠিত অখিল ভাৰতীয় কংগ্ৰেছ সমিতিৰ বৈঠকত ভাৰত বিভাজনৰ প্ৰস্তাব খাৰিজ বা অগ্ৰাহ্য হবলৈ গৈ আছিল কিন্তু গান্ধীয়ে তাত উপস্থিত হৈ বিভাজনৰ প্ৰস্তাৱক সমৰ্থন কৰোৱালে অথচ এই গান্ধীয়ে নিজ মুখেৰে কৈছিল যে ভাৰতৰ বিভাজন তেওঁৰ মৃতদেহৰ ওপৰেদি হব l কেৱল দেশৰ বিভাজনেই নহল লগতে লাখ লাখ নিৰপৰাধী মানুহৰ হত্যা, ধৰ্ষণ আৰু গৃহহীন ও হল কিন্তু তেতিয়া গান্ধীয়ে একো নকৰিলে l

(১১) ধৰ্ম নিৰপেক্ষতাৰ নামত মুছলমান তুষ্টিকৰণ নীতিৰ আবিস্কাৰক এই গান্ধীয়েই আছিল l যেতিয়া মুছলমান সকলে সংস্কৃতক ৰাষ্ট্ৰভাষা বনোৱাৰ বিৰোধীতা কৰিছিল তেতিয়া গান্ধীয়ে ইয়াক সহজে মানি ললে আৰু সংস্কৃত বা হিন্দিৰ ঠাইতহিন্দুস্থানী (হিন্দী +উৰ্দুৰ) খিচিৰিক উচটনি দিব ধৰিছিলl বাদশ্বাহ ৰাম, বেগম সীতাৰ দৰে শব্দৰ প্ৰচলন আৰম্ভ হল l

(১২) কিছুমান মুছলমানৰ দ্বাৰা বন্দেমাতৰম গীতটোৰ বিৰোধীতা কৰাত গান্ধী নতমস্তক হৈ গল আৰু এই পবিত্ৰ গীতটোকভাৰতৰ ৰাষ্ট্ৰীয় সংগীত হবলৈ নিদিলে

(১৩ গান্ধীয়ে বহু স্থানত শিবাজী, মহাৰানা প্ৰতাপ, গুৰু গোবিন্দ সিং আদিক পথভ্ৰষ্ট দেশভক্ত বুলি উল্লেখ কৰিছিল কিন্তু মহম্মদ আলি জিন্নাহ ক কায়দে আজম বুলি সম্বোধন কৰিছিল l

(১৪) কংগ্ৰেছে ১৯৩১ চনত স্বতন্ত্ৰ ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাবনোৱাৰ কাৰণে এখন সমিতি গঠন কৰিছিল আৰু এই সমিতি খনে সৰ্বসন্মত ক্ৰমে যতৰ অংকিত গেৰুৱা বস্ত্ৰক ৰাষ্ট্ৰীয় পতাকা ৰুপে মান্যতা দিছিল কিন্তু গান্ধীৰ আকোৰগোজৰ কাৰণে ইয়াক তিনি বৰণৰ বনাব লগীয়া হৈছিল l

(১৫) যেতিয়া বল্লভভাই পেটেলৰ নেতৃত্বত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মানৰ কাম চৰকাৰী খৰচতে হোৱাৰ প্ৰস্তাৱ পাচ কৰা হল তেতিয়া গান্ধীয়ে (গান্ধী কোনো মন্ত্ৰী মণ্ডলৰ সদস্যও নাছিল)চৰকাৰী খৰচৰ প্ৰস্তাৱ বাতিল কৰাই দিলে কিন্তু ১৩ জানুৱাৰী ১৯৪৮ চনত আমৰণ অনশনৰ মাধ্যমেৰে চৰকাৰক দিল্লীৰ মছজিদ সমূহ চৰকাৰী খৰছেৰে পুনৰ নিৰ্মান কৰিবলৈ প্ৰস্তাৱ পাচ কৰাৰ কাৰণে বাধ্য কৰিছিল l

(১৬) ভাৰতে স্বাধীনতা পোৱাৰ পিছত পাকিস্তানক এটা চুক্তি অনুসৰি ৭৫ কোটি টকা দিব লগীয়া আছিল l ভাৰতে ২০ কোটি টকা আদায়ো দিছিল কিন্তু ইযাৰ মাজতে ২২ অক্টোবৰ ১৯৪৭ চনত পাকিস্তানে কাশ্মীৰ আক্ৰমণ কৰিলে l কেন্দ্ৰীয় মন্ত্ৰী মণ্ডলে এই আক্ৰমণত ক্ষুদ্ধ হৈ বাকী ৫৫ কোটি টকা নিদিয়াৰ সিদ্ধান্ত লৈছিল কিন্তু গান্ধীয়ে ইযাৰ বিৰোধ কৰিলে আৰু আমৰণ অনশন আৰম্ভ কৰি দিলে যাৰ পৰিনতিত ভাৰতে বাকী ৫৫ কোটি পাকিস্তানক দি দিলে l গান্ধী ভাৰতৰ নহয়, পথভ্ৰষ্ট পাকিস্তানৰ হে ৰাষ্ট্ৰপিতা আছিল কাৰণ প্ৰতি খোজত তেখেতে পাকিস্তানৰ পক্ষ লৈছিল লাগিলে পাকিস্তানৰ দাবী নায্য নহওক বা অনৈতিকে হওঁক l গান্ধীয়ে কেতিয়াও কাৰো বিৰোধক পাত্তা দিয়া নাছিল lওপৰোক্ত কাৰণ বিলাকৰ উপৰিও আৰু ১৩৪ টা কাৰনক দেশ বিৰোধী মানি নাথুৰামে মহাত্মা গান্ধীৰ হত্যাক ন্যায়ৰ পক্ষ লোৱা আৰু উচিত বুলি প্ৰমান কৰিব বিছাৰিছিল,।=Googleৰ পৰা তথ্য অনুবাদ সংগ্ৰহ)

আজি  ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা । ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আ...
09/10/2022

আজি ধন-ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী শ্ৰী শ্ৰী লক্ষ্মী দেৱীৰ পূজা । ধন, ঐশ্বৰ্য, বিভূতিৰ অধিষ্ঠাত্ৰী দেৱী মহালক্ষ্মীৰ আৰাধানৰে আজি পূজিত হ’ব ৰাজ্যৰ আকাশ-বতাহ । আজি নিশা ঐশ্বৰ্য, বিভূতি, সুখ শান্তিদায়িনী দেৱী বিষ্ণুপ্ৰিয়া কমলালৈ ভক্তিঅৰ্ঘ নিবেদন কৰিছো। পথাৰৰ ন-ধানৰ সোণগুটি ভঁৰালত প্ৰতিষ্ঠা কৰি প্ৰতিজন কৃষকে কামনা কৰিছে খেতিৰ শ্ৰীবৃদ্ধি। ভঁৰাল ঘৰত চাকি-বন্তি জ্বলাই চহা অসমীয়াই আদৰিৱ আই লক্ষ্মীক। বিভিন্ন অঞ্চলত নাম-প্ৰসংগ কৰিও কৃষকৰ ভঁৰাল চহকী কৰাৰ মানসেৰে কৃষক সমাজে সেৱা প্ৰাৰ্থনা কৰিব। দেৱী বন্দনাৰে আধ্যাত্মিক পৰিবেশ সূচনা হ’ব ৰাজ্যৰ প্ৰতিটো লক্ষ্মী মন্দিৰ, দেৱালয় আৰু ৰাজহুৱা স্থানত।

Address

Nalbari
781335

Telephone

+919613046873

Website

Alerts

Be the first to know and let us send you an email when ধৰ্মীয় সাম্ৰাজ্যবাদ বনাম হিন্দুত্বৰ অস্তিত্ব posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to ধৰ্মীয় সাম্ৰাজ্যবাদ বনাম হিন্দুত্বৰ অস্তিত্ব:

Share