Lachit medhi

Lachit medhi জীৱন দেশৰ বাবে.......

বাঁহজানী মণ্ডলৰ অন্তৰ্গত বিভিন্ন ঠাই ঘুৰি বিভিন্ন আচনি পৰ্য্যাবেক্ষন কৰা হয়  । উক্ত সময়ত পয়লা জানোপাৰ পানী যোগান আঁচন...
29/10/2025

বাঁহজানী মণ্ডলৰ অন্তৰ্গত বিভিন্ন ঠাই ঘুৰি বিভিন্ন আচনি পৰ্য্যাবেক্ষন কৰা হয় । উক্ত সময়ত পয়লা জানোপাৰ পানী যোগান আঁচনি, মুগকুছি বয়ন প্ৰশিক্ষণ কেন্দ্ৰ আৰু নিৰ্মাণ কাৰ্য চলি থকা দিঘেলী মডেল অংগনবাড়ী কেন্দ্ৰ আৰু পূৱ অৰৰা আৰু পশ্চিম অৰৰা সংযোগী দলং খনৰ পৰিদৰ্শন কৰা হয় ।
উক্ত সময়ত ভাৰতীয় জনতা পাৰ্টী বাঁহজানী মণ্ডলৰ উপ সভাপতি ভূপেন ডেকা ডাঙৰীয়া সাধাৰণ সম্পাদক মন্টু কলিতা ডাঙৰীয়া আৰু ৬ নং দিঘেলী গাঁৱ পঞ্চায়তৰ সভাপতি হৃসিকেশ ভট্ট ডাঙৰীয়াই আটাইবোৰ আঁচনি ৰ অসুবিধা সমূহৰ বুজ লয় ।

আতচবাজীৰ পোহৰৰ দৰে সকলোৰে জীৱন উজলি থাকক প্ৰতিদিন । চাকিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখৰ বতৰা । এয়াই কামনাৰে আপো...
20/10/2025

আতচবাজীৰ পোহৰৰ দৰে সকলোৰে জীৱন উজলি থাকক প্ৰতিদিন । চাকিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখৰ বতৰা । এয়াই কামনাৰে আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়ালৰ আটাইলৈ জনালো দিপাৱলীৰ বহুত বহুত শুভকামনা ।

তুলসীৰ তলে তলে,মৃগ পহু চৰেতাকে দেখি ৰামচন্দ্ৰইধেনু শৰ ধৰে।।কাতি বিহুৰ আলোকেৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু ...
18/10/2025

তুলসীৰ তলে তলে,
মৃগ পহু চৰে
তাকে দেখি ৰামচন্দ্ৰই
ধেনু শৰ ধৰে।।

কাতি বিহুৰ আলোকেৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, সমৃদ্ধি আৰু শান্তিৰ বতৰা। কৃষিজীৱী ৰাইজৰ মনৰ আশাৰ সোণগুটিৰে ভঁৰাল উপচি পৰক।
মোৰ ফালৰ পৰা আপোনালোক সকলোলৈ অসমীয়াৰ বাপতি সাহোন ক‌ঙালী বিহু বা কাতি বিহুৰ অলেখ শুভকামনা জ্ঞাপন কৰিলো।

আজিৰ এই দিনটো অতিকৈ মহত্বপূৰ্ণ দিন । আজিৰ দিনটো দুগৰাকীকৈ মহান ব্যক্তিৰ জন্ম জয়ন্তী । আজি জাতিৰ পিতা অহিংসাৰ পূজাৰী মহা...
02/10/2025

আজিৰ এই দিনটো অতিকৈ মহত্বপূৰ্ণ দিন । আজিৰ দিনটো দুগৰাকীকৈ মহান ব্যক্তিৰ জন্ম জয়ন্তী । আজি জাতিৰ পিতা অহিংসাৰ পূজাৰী মহাত্মা গান্ধী আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ভাৰত ৰত্ন লালবাহাদুৰ শাস্ত্ৰী জন্ম গ্ৰহণ কৰিছিল । আজিৰ এই পবিত্ৰ দিনটোত দুয়ো গৰাকী মহান মনিষীক শ্ৰদ্ধাৰে সোৱৰিছো ।তেখেত সকলৰ দেশপ্ৰেম , কৰ্মপৰায়নতা , সততা যূৱ প্ৰজন্মৰ বাবে প্ৰেৰণাৰ উৎস ।

30/09/2025

জুবিন দাৰ লগত ৰাজনীতি কৰি নিজক promotion কৰি মুখ্য বিষয়বস্তু অনুগ্ৰহ কৰি আতৰাই নেপেলাব । ৰাইজে সকলো দেখি আছে এতিয়া কিন্তু ৰাইজে ক্ষমা নকৰিব । মুখ্যমন্ত্ৰী মহোদয়ক ইতিমধ্যে ৰাইজে অশেষ প্ৰশংসা কৰিছে গতিকে আপোনালোকৰ এই নাটক বোৰে তেখেতৰ একো ক্ষতি কৰিব নোৱাৰে । গতিকে চৰকাৰ প্ৰশাসনক কাম কৰাৰ সুযোগ দিয়ক । এইবোৰৰ মাজলৈ বাৰে বাৰে দাদাক টানি আনি নাথাকিব নহ'লে ৰাইজে ওলাব লাগিলে আপোনালোকৰ মূৰৰ ওপৰৰ চালি নোহোৱা হৈ যাব । ন্যায়ালয়ত কৈ আপোনাৰ সেই সংগঠন বা আপুনি কেতিয়াও ওপৰৰ বুলি নাভাবিব । ন্যায়ালয়ৰ ওপৰত আমাৰ বিশ্বাস আছে । কেৱল আপোনালোকে কাম কৰাৰ সুবিধা দিয়ক ।
জয় জুবিন দা 🙏

26/09/2025

নলবাৰী চহৰৰ মাজমজিয়াত ভূপেন হাজৰিকা পাৰ্কৰ ওচৰত নিৰ্মাণ কৰা হ'ব আমাৰ হিয়াৰ আমঠু জনৰ প্ৰতিমূৰ্তি
এই ঘোষনা আমাৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াৰ
ধন্যবাদ দাদা

একাত্ম মানৱতাবাদৰ স্ৰষ্টা, কৌটি কৌটি ভাৰতীয়ৰ অনুপ্ৰেৰণাৰ উৎস, মহান ৰাজনীতিবিদ, পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পৱিত্ৰ জন্ম ...
25/09/2025

একাত্ম মানৱতাবাদৰ স্ৰষ্টা, কৌটি কৌটি ভাৰতীয়ৰ অনুপ্ৰেৰণাৰ উৎস, মহান ৰাজনীতিবিদ, পণ্ডিত দীনদয়াল উপাধ্যায় দেৱৰ পৱিত্ৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাৰে সোঁৱৰিছো।।

এজন মনৰ মানুহ আমাৰ দলটিক বাঁহজানীত এক মাত্ৰা প্ৰদান কৰা এজন ব্যক্তি, সু সংগঠক মোৰ নিচিনা হাজাৰ জন যুৱকক সদায় সু দিহা পৰ...
25/09/2025

এজন মনৰ মানুহ আমাৰ দলটিক বাঁহজানীত এক মাত্ৰা প্ৰদান কৰা এজন ব্যক্তি, সু সংগঠক মোৰ নিচিনা হাজাৰ জন যুৱকক সদায় সু দিহা পৰামৰ্শৰে আগবঢ়াই লৈ যোৱা এজন ব্যক্তি সন্মানীয় মিন্টু তামুলী দাদালৈ জন্ম দিনৰ বহুত বহুত শুভেচ্ছা
Mintu Tamuly

পুনৰবাৰ ধন্যবাদৰ পাত্ৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়
24/09/2025

পুনৰবাৰ ধন্যবাদৰ পাত্ৰ আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়

24/09/2025

এক বিৰল মূহুৰ্ত এটা গীত হলগৈ প্ৰাৰ্থনা সংগীত । কোনেও কেতিয়াও চাগে নেদেখিব এনেকুৱা দিন

Address

Nalbari

Telephone

+916001693700

Website

Alerts

Be the first to know and let us send you an email when Lachit medhi posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Lachit medhi:

Share

Category