21/12/2020
যোৱা দুটা দশক সদৌ অসম ছাত্ৰ সন্থাৰ সৈতে নিৰৱচ্ছিন্নভাৱে জড়িত হৈ থকাৰ পিছত আজি
সদৌ নলবাৰী ছাত্ৰ সন্থাৰ তৰফৰ পৰা জিলা কাৰ্যালয় ‘শ্বহীদ ভৱন’ বাকৰিত মোক আনুষ্ঠানিকভাৱে বিদায় সম্ভাষণ জ্ঞাপন কৰে৷
বিদায়ৰ ক্ষণ বিষাদেৰে ভৰা!
উভতি চাই দেখিছোঁ বহু উত্থান-পতনৰ মাজেৰে আহি আজিৰ পৰ্যায় পাইছিলোঁ৷
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা আছিল আমাক তুলি ধৰা মঞ্চ৷ আজি যদি মোৰ যৎসামান্য পৰিচয় হৈছে, সেয়া দিছে সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই৷ অসমমাতৃক ওচৰৰ পৰা সেৱা কৰাৰ সংকল্প আৰু বাসনাৰে পিছলৈ সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰে জড়িত হৈ পৰিছিলোঁ৷ হৈ পৰিছিলোঁ একাত্ম৷
২০০২ চনত উত্তৰ ধৰ্মপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ পৰা ২০২০ চনলৈ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদকলৈ এই পথছোৱা আছিল বিভিন্ন উত্থান-পতনৰ নীৰৱ সাক্ষী৷
ক্ৰমশঃ সদৌ অসম ছাত্ৰ সন্থা হৈ পৰিল মোৰ চেতনাৰ অংগ৷
যোৱা দুটা দশকে বহু দেখিলোঁ৷ দেখিলোঁ যিমান, শিকিলোঁ তাতোকৈ বেছি৷ যি শিকিলোঁ সেয়াই জীৱনটোক সমৃদ্ধ কৰিলে৷৷ ছাত্ৰ সন্থাই শিকালে দায়বদ্ধতা৷ ছাত্ৰ সন্থাই শিকালে সততা৷
সততাক প্ৰমূল্য দিছিলোঁ৷ প্ৰমূল্য দিছিলোঁ নিষ্ঠা আৰু সাহসক৷ কেতিয়াবা অজানিতে ভুল কৰিছিলোঁ যদি মাৰ্জনা বিচাৰিছোঁ৷
যোৱা সময়বোৰত মোৰ সাহস হৈ থাকিল মোৰ জন্মভূমি নলবাৰীবাসী ৰাইজ, নলবাৰীৰ উপৰিও অসমবাসী ৰাইজৰ আশীৰ্বাদ আৰু সহযোগিতাই আগবঢ়াই আনিলে৷ তেখেতসকলৰ প্ৰতি চিৰকৃতজ্ঞ হৈ ৰ’ম৷ কৃতজ্ঞ হৈ ৰ’ম একালৰ সতীৰ্থসকলৰ ওচৰত আৰু বৰ্তমানৰ সতীৰ্থসকলৰ ওচৰতো!
সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ ওচৰত বিশেষভাৱে ঋণী হৈ ৰ'ম, কিয়নো সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই মোক ভাঙি-পিতি গঢ়িলে৷
মোক সমুখলৈ চাবলৈ সপোন এটি দিলে৷ বিদায়ৰ ক্ষণত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সতীৰ্থ, বন্ধু-বান্ধৱী সকলোকে মনত পেলাইছোঁ৷ সকলোৰে সহযোগিতা আৰু সাহসৰ বলত আগুৱাইছিলোঁ৷
শেষৰটো উশাহলৈ মোৰ ভালপোৱা আৰু শ্ৰদ্ধা আৰু আনুগত্য থাকিব মোৰ মাতৃ সংগঠনটোৰ প্ৰতি৷
ভৱিষ্যতৰ কৰ্মময় জীৱনৰ বাবে সমূহ সুহৃদ, অগ্ৰজ-অনুজ আটাইৰে আশীৰ্বাদ শুভেচ্ছা, মৰম, সহযোগিতা আৰু পৰামৰ্শ অন্তৰেৰে কামনা কৰিলোঁ৷
জয়তু সদৌ নলবাৰী জিলা ছাত্ৰ সন্থা
জয়তু সদৌ অসম ছাত্ৰ সন্থা
৷৷ জয় আই অসম ৷৷