অসম ছাত্ৰ পৰিষদ- নলবাৰী

  • Home
  • India
  • Nalbari
  • অসম ছাত্ৰ পৰিষদ- নলবাৰী

অসম ছাত্ৰ পৰিষদ- নলবাৰী This is the official page of Axom Chatra Parishad Nalbari District

 #নিৰ্বাচনী_বতৰা         নলবাৰী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰভাগ কলেজত পোন প্ৰথমবাৰৰ বাবে  প্ৰতিদ্বন্দিতা কৰি সহকাৰী খেল...
25/10/2025

#নিৰ্বাচনী_বতৰা
নলবাৰী জিলাৰ অগ্ৰণী শিক্ষানুষ্ঠান বৰভাগ কলেজত পোন প্ৰথমবাৰৰ বাবে প্ৰতিদ্বন্দিতা কৰি সহকাৰী খেল সম্পাদক পদত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী কুঁৱলী বৈশ্য জয়লাভ কৰে।
জয় লাভ কৰা কুঁৱলী বৈশ্য লৈ আন্তৰিক অভিনন্দন ও শুভকামনা জ্ঞাপন কৰিলোঁ।।

#বৰক্ষেত্ৰী
#বৰভাগ
#বৰভাগ_কলেজ

Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Hrishikesh Ish*ta Sarma
Trinayan Baruah

এটা গান শেষ হ'ল যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি সেই গান শেষ হ'ল।জুবিন-যুগৰ অৱসান আমাৰ জাতীয় জীৱনৰ বাবে কোনোকালে পূৰাব নোৱাৰা...
19/09/2025

এটা গান শেষ হ'ল
যি গানলৈ ৰৈ থাকে সমগ্ৰ জাতি
সেই গান শেষ হ'ল।

জুবিন-যুগৰ অৱসান আমাৰ জাতীয় জীৱনৰ বাবে কোনোকালে পূৰাব নোৱাৰা ক্ষতি…

তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা জনালোঁ🙏

অসম ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ উদ্যোগত অসম ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ সহযোগত "শ্বেইখ মোবাৰক হুছেইন"  দেৱৰ স...
17/09/2025

অসম ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিৰ উদ্যোগত অসম ছাত্ৰ পৰিষদ বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ সহযোগত "শ্বেইখ মোবাৰক হুছেইন" দেৱৰ সোঁৱৰণত ৰাজ্যিক ভিত্তিত প্ৰাইজমানি কুইজ প্ৰতিযোগিতা এখনি আয়োজন কৰিছোঁ।য'ত নৱম শ্ৰেণীৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ ছাত্ৰ- ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব পাৰিব।
সেয়েহে আপোনালোকৰ সহায়-সহযোগিতাৰ লগতে সমূহ উল্লেখিত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিযোগিতাখনত অংশ গ্ৰহণ কৰিবলৈ আহ্বান জনালোঁ‌।
স্থানঃবৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহ।
দিনাংকঃ৫ অক্টোবৰ,২০২৫

অধিক জানিবৰ বাবে তলত দিয়া ফোন নম্বৰত যোগাযোগ কৰিব।
ধন্যবাদ🙏

Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Trinayan Baruah
Kritartha Pratim Sarma
Ahmed

অসমৰ এক আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান DTime ৰ বিশিষ্ট সমাজকৰ্মী বঁটা এই অসম ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ প্ৰতিস্থাপক সভাপতি...
29/01/2025

অসমৰ এক আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান DTime ৰ বিশিষ্ট সমাজকৰ্মী বঁটা এই অসম ছাত্ৰ পৰিষদ নলবাৰী জিলা সমিতিৰ প্ৰতিস্থাপক সভাপতি Kritartha Pratim Sarma ডাঙৰীয়ালৈ আগবঢ়াই। এই ছেগতে কৃতাৰ্থ প্ৰতীম শৰ্মালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

আপোনাৰ আছে নেকি সপোন এজন প্ৰশাসনিক বিষয়া হোৱাৰ তেন্তে আজিয়েই ৰেজিষ্টাৰ কৰা নৱজাগৰণৰ বাবে আৰু এখোজ১০০০ ছাত্ৰ ছাত্ৰীৰ বা...
11/01/2025

আপোনাৰ আছে নেকি সপোন এজন প্ৰশাসনিক বিষয়া হোৱাৰ তেন্তে আজিয়েই ৰেজিষ্টাৰ কৰা

নৱজাগৰণৰ বাবে আৰু এখোজ
১০০০ ছাত্ৰ ছাত্ৰীৰ বাবে সুবৰ্ণ সুযোগ
MISSION 1000 (3.0) 100% SCHOLARSHIP FOR CIVIL SERVICES ASPIRANTS!

Dreaming of serving your country through civil services but worried about the costs? Here’s your golden opportunity! The Asom Chatra Parishad and INSPIRATION IAS are on a mission to support aspiring UPSC/APSC candidates from Assam by offering 100% scholarships! 🎓 Under MISSION 1000 (3.0) We’re offering a full scholarship that covers everything, making your path to success smoother and more accessible than ever. This is your chance to gain in-depth knowledge, expert guidance, and the support at both Online and Offline Mode .
The selection will be based on Scholarship Test which will be conducted on 19th January at different cities /town of assam .
Our Offline Centre for classes is located at 10 Cities/Town Of Assam , select your nearest centre for the offline classes .
Tag a friend who needs to see this! 💬👇

👉 Click here for more details and to apply: https://forms.gle/N84i74zFjzs3AvhT7

Let’s spread the word! Like and share this post to help make dreams come true of various aspirants 🚀


Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Trinayan Baruah
Kritartha Pratim Sarma
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

 #নিৰ্বাচনৰ_বতৰা      নলবাৰী জিলাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী সহকাৰী  সম্পাদক, তৰ্ক আৰু ...
09/10/2024

#নিৰ্বাচনৰ_বতৰা
নলবাৰী জিলাৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত অসম ছাত্ৰ পৰিষদৰ সমৰ্থিত প্ৰাৰ্থী সহকাৰী সম্পাদক, তৰ্ক আৰু আলোচনী সম্পাদক, ছাত্ৰী জিৰণি কোঠাৰ সম্পাদিকা পদত জয়লাভ কৰিৱলৈ সক্ষম হয় ।
সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ ।

#বৰক্ষেত্ৰী

১১ আগষ্ট ২০২৪ ইং ৰবিবাৰে অসম ছাত্ৰ পৰিষদ নলবাৰী‌ জিলা সমিতিৰ উদ্যোগত কৃতি শিক্ষাৰ্থীৰ অভিনন্দন নলবাৰী‌ জিলা পুথিভঁৰাল পে...
12/08/2024

১১ আগষ্ট ২০২৪ ইং ৰবিবাৰে অসম ছাত্ৰ পৰিষদ নলবাৰী‌ জিলা সমিতিৰ উদ্যোগত কৃতি শিক্ষাৰ্থীৰ অভিনন্দন নলবাৰী‌ জিলা পুথিভঁৰাল পেক্ষাগৃহত অনুষ্ঠিত কৰা হয় । উক্ত অনুষ্ঠানটোত আদৰণি ভাষণ প্ৰদান কৰে ছাত্ৰ পৰিষদ নলবাৰী‌ জিলা সমিতিৰ সভাপতি Kritartha Pratim Sarma ডাঙৰীয়াই । উক্ত অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ড ° মনোজ কুমাৰ মহন্ত ডাঙৰীয়া । লগতে উপস্থিত থাকে ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি Trinayan Baruah ডাঙৰীয়া, অসম গণ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ধৰ্মেশ্বৰ ৰয় ডাঙৰীয়া, কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সদস্য কেশৱ ডেকা ডাঙৰীয়া, বৰনগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ বীৰেন্দ্ৰ চক্ৰৱৰ্তী ডাঙৰীয়া, অগপ নলবাৰী‌ জিলা সমিতিৰ সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়াকে প্ৰমুখ্য কৰি ছাত্ৰ পৰিষদৰ কাৰ্য্যকৰ্তা সকল উপস্থিত থাকে । উক্ত অনুষ্ঠানত প্ৰায় ৪০০ শতাধিক কৃতি ছাত্ৰ - ছাত্ৰীক সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয় ।

Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
অসম গণ পৰিষদ - Asom Gana Parishad -AGP

আজি অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৃশিকেশ মেধী ডাঙৰীয়াৰ উপস্থিতিত টিহু বিধান সভা সমষ্টিত জাতীয়তাবাদী চিন্...
10/08/2024

আজি অসম ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক হৃশিকেশ মেধী ডাঙৰীয়াৰ উপস্থিতিত টিহু বিধান সভা সমষ্টিত জাতীয়তাবাদী চিন্তাধাৰা আগ্ৰহী বহুকেইজন ছাত্ৰই অসম ছাত্ৰ পৰিষদৰ নীতি আদৰ্শ প্ৰতি আকৰ্ষিত হৈ অসম ছাত্ৰ পৰিষদত যোগদান কৰে।
উক্ত কাৰ্য্যসূচীত অগপ টিহু বিধান সভা সমষ্টিৰ সভাপতি অমিয় কুমাৰ দাস ।‌
#টিহু

Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Trinayan Baruah
Kritartha Pratim Sarma
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
অসম গণ পৰিষদ - Asom Gana Parishad -AGP

সকলোৰে উপস্থিতি তথা সহায় - সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ। Atul Bora  অতুল বৰা Keshab Mahanta কেশৱ মহন্ত Trinayan Baru...
09/08/2024

সকলোৰে উপস্থিতি তথা সহায় - সহযোগিতা শ্ৰদ্ধাৰে কামনা কৰিলোঁ।

Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Trinayan Baruah
Kritartha Pratim Sarma
অসম গণ পৰিষদ - Asom Gana Parishad -AGP
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

07/08/2024
দিনাংক: ২৮/০৭/২০২৪    অসম ছাত্ৰ পৰিষদৰ টিহু বিধান ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগত আজি টিহু ...
31/07/2024

দিনাংক: ২৮/০৭/২০২৪

অসম ছাত্ৰ পৰিষদৰ টিহু বিধান ছাত্ৰ পৰিষদৰ উদ্যোগত আৰু অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ সহযোগত আজি টিহু মহাবিদ্যালয়ৰ কালিচৰণ ডেকা সোঁৱৰণী প্ৰেক্ষাগৃহত 'প্ৰেৰণা' শীর্ষক কৃতি শিক্ষার্থীৰ অভিনন্দন অনুষ্ঠান তথা Carrier Counselling Programme অনুষ্ঠিত কৰা হয় ।
উক্ত অনুষ্ঠানত অসম ছাত্র পৰিষদৰ কেন্দ্ৰীয় সন্মানীয় সভাপতি Trinayan Baruah ডাঙৰীয়া, ছাত্ৰ পৰিষদ নলবাৰী‌ জিলা সমিতিৰ সন্মানীয় সভাপতি Kritartha Pratim Sarma ডাঙৰীয়া, ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে কৰ্মৰত বিদ্যাসাগৰ তালুকদাৰ ডাঙৰীয়া, অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ পৰা Career Counselor অঞ্জন চৌধুৰী ডাঙৰীয়া, অসম ছাত্র পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মুকুট দাস, সম্পাদক আৰ্শীশ পৰাশৰ ,জয় বৰা, সাংগঠনিক সম্পাদক পবিত্ৰ বৰা ডাঙৰীয়াকে প্ৰমূখ্য কৰি জিলা তথা কেন্দ্রীয় সমিতি আৰু টিহু সমষ্টি সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
এই অনুষ্ঠানৰ জৰিয়তে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত সুনাম কঢ়িয়াই অনা ৫০০ ৰো অধিক কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱা হয়। অসমৰ সম্পদ এইসকল ছাত্র-ছাত্ৰীক অসম ছাত্র পৰিষদৰ মুখ্য সম্পাদক হৃশীকেশ মেধি ডাঙৰীয়াই আদৰণি ভাষণত উজ্জ্বল ভবিষ্যতৰ বাবে শুভেচ্ছা জনোৱাৰ লগতে অসম ছাত্র পৰিষদৰ সভাপতি ত্ৰিনয়ন বৰুৱা ডাঙৰীয়াকে আদি কৰি ভাৰতীয় তথ্য সেৱাৰ বিষয়া হিচাপে কৰ্মৰত বিদ্যাসাগৰ তালুকদাৰ আৰু Career Counselor অঞ্জন তালুকদাৰ ডাঙৰীয়াই নিজৰ সাৰুৱা বক্তব্যৰে ছাত্র-ছাত্ৰীসকলক আগবাঢ়ি যাবলৈ অনুপ্রেৰণা যোগায়।।
#টিহু

Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Sunil Deka সুনীল ডেকা
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
অসম গণ পৰিষদ - Asom Gana Parishad -AGP

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ- নলবাৰী posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share