Dilip kumar das দিলীপ কুমাৰ দাস

Dilip kumar das দিলীপ কুমাৰ দাস সম্পাদক , অসম গণ পৰিষদ

অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক ওলগ জনালোঁ।
10/10/2024

অসমবাসী ৰাইজলৈ শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক ওলগ জনালোঁ।

আজি আমাৰ ভাগ্যশ্ৰী টাটা মটৰছ নলবাৰী কাৰ্যলয়ত পদাৰ্পন বিধায়ক শ্ৰদ্ধাৰ পোনাকন বৰুৱা ডাঙৰীয়া ।
24/04/2024

আজি আমাৰ ভাগ্যশ্ৰী টাটা মটৰছ নলবাৰী কাৰ্যলয়ত পদাৰ্পন বিধায়ক শ্ৰদ্ধাৰ পোনাকন বৰুৱা ডাঙৰীয়া ।

নলবাৰী চিলাৰায় ভৱন বাকৰিত চিলাৰায় সমন্বয় বিহু সন্মিলনৰ মুকলি বিহু ক্ষেত্ৰ আনুষ্ঠানিক ভাবে উদ্ধোধন কৰিবলৈ পাই আনন্দ লাভ ক...
21/04/2024

নলবাৰী চিলাৰায় ভৱন বাকৰিত চিলাৰায় সমন্বয় বিহু সন্মিলনৰ মুকলি বিহু ক্ষেত্ৰ আনুষ্ঠানিক ভাবে উদ্ধোধন কৰিবলৈ পাই আনন্দ লাভ কৰিছোঁ ।
অসমীয়াৰ হিয়াৰ আমঠু বাপতি-সাহন ৰঙালী বিহুটিৰ এই শুভক্ষণত সকলোলৈকে হিয়া ভৰা শুভেচ্ছা জনালোঁ । সকলোৱে ভালে থাকক ,কুশলে থাকক ।

আজি বৰপেটাত আমাৰ মিত্ৰজোটৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ শ্ৰীযুত ফণীভূষণ চৌধুৰী দেৱৰ মনোনয়ন-পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰি অভিভ...
18/04/2024

আজি বৰপেটাত আমাৰ মিত্ৰজোটৰ প্ৰাৰ্থী শ্ৰদ্ধাৰ শ্ৰীযুত ফণীভূষণ চৌধুৰী দেৱৰ মনোনয়ন-পত্ৰ দাখিল কাৰ্যসূচীত অংশগ্ৰহণ কৰি অভিভূত হলোঁ । ৰাইজৰ পাৰভঙা উছাহ দেখি আমি নিশ্চিত হৈছো যে বিপুল ভোটৰ ব্যৱধানত জয়ী হব আমাৰ সকলোৰে মৰমৰ নেতা শ্ৰদ্ধাৰ ফণীভূষণ চৌধুৰী দেৱৰ ।
জয় আই অসম
মিত্ৰজোট জিন্দাবাদ
Atul Bora অতুল বৰা
Jayanta Mallabaruah

 #মোডীময়_নলবাৰীআজি নলবাৰীত অনুষ্ঠিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ প্ৰাকমূহুৰ্তত অসমৰ...
17/04/2024

#মোডীময়_নলবাৰী
আজি নলবাৰীত অনুষ্ঠিত হোৱা ভাৰতৰ প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়াৰ বিশাল জনসভাত অংশগ্ৰহণ কৰাৰ প্ৰাকমূহুৰ্তত অসমৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সৈতে জিৰণি কক্ষত এক বিশেষ আলোচনাত মিলিত হোৱাৰ লগতে তেখেতৰ বহুমূলীয়া পৰামৰ্শ গ্ৰহণ কৰোঁ । তেখেতৰ মাগদৰ্শনে আমাক উৎসাহিত কৰাৰ লগতে ৰাইজৰ মাজত অহৰহ কাম কৰি যোৱাৰ অনুপ্ৰেৰণা পাওঁ । লগতে আজিৰ সভাই প্ৰমাণ কৰিলে যে অসমত আমাৰ মিত্ৰজোটৰ সকলো প্ৰাৰ্থী জয় নিশ্চিত হোৱাৰ লগতে ভাৰতবৰ্ষত তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী হবলৈ গৈ আছে মোডী ডাঙৰীয়া ।।। তেখেতক আমাৰ তৰফৰ পৰা আগতীয়াকৈ শুভেচ্ছা জনালোঁ ।
Himanta Biswa Sarma

অহা এপ্ৰিল মাহৰ শেষ ভাগত নলবাৰীত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হব । উক্ত জনসভাৰ...
01/04/2024

অহা এপ্ৰিল মাহৰ শেষ ভাগত নলবাৰীত আমাৰ দেশৰ প্ৰধানমন্ত্ৰী শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত হব । উক্ত জনসভাৰ স্থান নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ শক্তিশালী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা দেৱৰ সৈতে স্থান পৰিদৰ্শন কৰিলো । আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশ ল'ব ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ।
অসম গণ পৰিষদ জিন্দাবাদ
ফণীভূষণ চৌধুৰী জিন্দাবাদ
মিত্ৰজোট জিন্দাবাদ
Narendra Modi
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত
Jayanta Mallabaruah

আজি নলবাৰী অসম গণ পৰিষদ জিলা কাৰ্য্যলয়ত দেশপ্ৰাণ নগেন শৰ্মা ভৱনত বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতি সভাত উপস্থিত ...
08/03/2024

আজি নলবাৰী অসম গণ পৰিষদ জিলা কাৰ্য্যলয়ত দেশপ্ৰাণ নগেন শৰ্মা ভৱনত বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচনী প্ৰস্তুতি সভাত উপস্থিত থাকিবলৈ পাই আহ্লাদিত হলোঁ । আজিৰ সভাত ৰাজ্যসভাৰ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শ্ৰদ্ধাৰ মাননীয় শ্ৰীযুত বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া, উপ-সভাপতি ড° ৰঞ্জিত ডেকা ডাঙৰীয়া, সাধাৰণ সম্পাদক আক্ৰাম হুছেইন ডাঙৰীয়া, ভূপেন ৰয় ডাঙৰীয়া , জিলা সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়াৰ লগতে কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়া আৰু জিলা সমিতিৰ বিষয়ববীয়া সকল উপস্থিত থাকে ।
জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত টিহু বিধানসভা সমষ্টিৰ হাৰিভাঙ্গাৰ জেষ্ঠ নাগৰিক সভা গৃহত পৰ্যবেক্ষক হিচাপে উপস্থিত থাক...
07/03/2024

আজি বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত টিহু বিধানসভা সমষ্টিৰ হাৰিভাঙ্গাৰ জেষ্ঠ নাগৰিক সভা গৃহত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি অসম গণ পৰিষদ দলৰ কৰ্মী সকলৰ লগত মত বিনিময় কৰো ।। আগন্তুক লোকসভা নিৰ্বাচনত আমাৰ অগপ, বিজেপি, ইউ-পি-এল মিত্ৰজোটৰ প্ৰাৰ্থীক বিপুল ভোটত জয়লাভ কৰাৰ ক্ষেত্ৰত আমাৰ ৰণকৌশল প্ৰস্তুত সম্পৰ্কে অৱগত কৰাও । আজি আমাৰ লগতে উপস্থিত থাকে অসম গণ পৰিষদ দলৰ উপ- সভাপতি ড° ৰঞ্জিত ডেকা ডাঙৰীয়া, সাধাৰণ সম্পাদক সুনীল ডেকা ডাঙৰীয়া, নলবাৰী জিলা সমিতিৰ সম্পাদক কেশৱ ডেকা ডাঙৰীয়া, টিহু বিধানসভা সমষ্টিৰ সভাপতি/ সম্পাদক ডাঙৰীয়াৰ লগতে জেষ্ঠ নেতা-কৰ্মী সকল ।
জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰা দেৱৰ নিৰ্দেশ মৰ্মে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি ৰঙিয়া বিধানসভা সমষ্...
25/02/2024

অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰা দেৱৰ নিৰ্দেশ মৰ্মে পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি ৰঙিয়া বিধানসভা সমষ্টি সমিতিক শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱাৰ মূহুৰ্ত ! অনাগত দিনত দায়িত্ব লাভ কৰা প্ৰতিজন কৰ্মকৰ্তাই দলত নিষ্ঠা আৰু সততাৰে দলৰ বাবে কাম কৰি যাব বুলি আমি দৃঢ় বিশ্বাস ।
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

কাইলৈ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে আজি গোলাঘাট...
13/10/2023

কাইলৈ গোলাঘাটৰ সমন্বয় ক্ষেত্ৰত কেন্দ্ৰীয়ভাৱে উদযাপিত হ'ব অসম গণ পৰিষদৰ ৩৯ সংখ্যক প্ৰতিষ্ঠা দিৱস। সেই উপলক্ষে আজি গোলাঘাটত উপস্থিত হয় অনুষ্ঠানৰ বুজ লয় দলৰ সন্মানীয় সভাপতি মাননীয় অতুল বৰা ডাঙৰীয়া , সন্মানীয় কাৰ্যকৰী সভাপতি মাননীয় কেশৱ মহন্ত ডাঙৰীয়া, উপ সভাপতি আক্ৰাম হুছেইনে ডাঙৰীয়া, নলবাৰী জিলা সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়াৰ লগতে কেইবাগৰাকী যুৱনেতাৰ সহিতে নিশা আলোচনাত মিলিত হয় এক সুন্দৰ স্মৃতি যুগমীয়া কৰি ৰাখিলোঁ ।
জয় আই অসম
অসম গণ পৰিষদ জিন্দাবাদ
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

আজি অসম গণ পৰিষদ নলবাৰী জিলা সমিতিৰ স্থায়ী কাৰ্য্যলয় দেশপ্ৰাণ নগেন শৰ্মা ভৱনত অসম গণ পৰিষদ নলবাৰী বিধান পৰিষদৰ প্ৰথম কাৰ...
01/10/2023

আজি অসম গণ পৰিষদ নলবাৰী জিলা সমিতিৰ স্থায়ী কাৰ্য্যলয় দেশপ্ৰাণ নগেন শৰ্মা ভৱনত অসম গণ পৰিষদ নলবাৰী বিধান পৰিষদৰ প্ৰথম কাৰ্যনিৰ্বাহক সভাত অংশ গ্ৰহন কৰো । আজিৰ সভাত অগপ দলৰ নেতা তথা দলৰ সাধাৰণ সম্পাদক ভূপেন ৰয় ডাঙৰীয়া,জেষ্ঠ নেতা কুমাৰ দীপক দাস ডাঙৰীয়া, জেষ্ঠ নেতা তথা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি আক্ৰাম হুছেইন ডাঙৰীয়া, জিলা সভাপতি আনন্দ ৰাজবংশী ডাঙৰীয়া, জেষ্ঠ নেতা ড° ৰবীন দাস ডাঙৰীয়াৰ সহিতে কেইবাগৰাকী দলীয় জেষ্ঠ নেতা উপস্থিত থাকে। আজিৰ সভাত আগন্তুক লোকসভা নিৰ্বাচনৰ লগতে দলীয় কাম কাজ অধিক শক্তিশালী কৰাৰ বাবে দলীয় সতীৰ্থ সকলক উৎসাহ যোগাও ।। অনাগত দিনত দলক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আমাৰ লগতে দলৰ প্ৰতিজন কৰ্মকৰ্তাক অনুৰোধ জনাওঁ ।
জয় আই অসম ।
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Dilip kumar das দিলীপ কুমাৰ দাস posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share

Category