Help People&Feel the Happiness. A Utzal Deka Foundation

Help People&Feel the Happiness. A Utzal Deka Foundation Social work

নলবাৰী জিলাৰ সংবাদ জগতত এক সুকীয়া পৰিচয়েৰে সাংবাদিকতা কৰি অহা সকলোৰে শ্ৰদ্ধাৰ,বালিলেছা নিবাসী শ্ৰীসুনীল দাস ডাঙৰীয়াই ভৰ...
30/06/2026

নলবাৰী জিলাৰ সংবাদ জগতত এক সুকীয়া পৰিচয়েৰে সাংবাদিকতা কৰি অহা সকলোৰে শ্ৰদ্ধাৰ,বালিলেছা নিবাসী শ্ৰীসুনীল দাস ডাঙৰীয়াই ভৰিত আঘাতপ্ৰাপ্ত হৈ নলবাৰী চহৰৰ "সাৰথি হস্পিতাল"ত চিকিৎসাধীন হৈ আছিল। তেখেতৰ অসুস্থতাৰ খবৰ পাই তেজপুৰৰ পৰা আহি ডিচাৰ্জৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ কিছু আৰ্থিক সাহাৰ্য্য প্ৰদান কৰোঁ।
ভগৱানৰ কৃপাত যাতে তেখেত সোনকালেই সুস্থ হৈ এই মহান বৃত্তিটোৰ সৈতে জড়িত হ'ব পাৰে তাৰে কামনা কৰিছো।

যোৱাকালি ৰাতি মোৰ মা,ৰূপালী ডেকাৰ পৰলোকপ্ৰাপ্তি ঘটে।মা তুমি নাথাকিলেও মোৰ হৃদয়ত সদায় থাকিবা। তোমাৰ আত্মাৰ শান্তি কামনা...
27/02/2026

যোৱাকালি ৰাতি মোৰ মা,ৰূপালী ডেকাৰ পৰলোকপ্ৰাপ্তি ঘটে।
মা তুমি নাথাকিলেও মোৰ হৃদয়ত সদায় থাকিবা। তোমাৰ আত্মাৰ শান্তি কামনা কৰিছোঁ। আশীৰ্বাদ কৰি থাকিবা মা 🙏🙏

13/02/2026

ধন্যবাদ বাৰ্তা A To Z 🙏

একালত মই অধ্যয়ন কৰা বিদ্যালয় তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্যতম পৰীক্ষাকেন্দ্ৰ হিচাপে থকা "মিলন হাইস্কুল আৰিকুছি"ৰ ...
13/01/2026

একালত মই অধ্যয়ন কৰা বিদ্যালয় তথা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্যতম পৰীক্ষাকেন্দ্ৰ হিচাপে থকা "মিলন হাইস্কুল আৰিকুছি"ৰ লগত সংলগ্ন থকা বিদ্যালয় সমূহৰ ভিতৰত ২০২৫ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হোৱা প্ৰথম পাঁচগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।
ইয়াৰ লগতে আপোনালোকক জনাবলৈ পাই আনন্দিত হৈছো যে,২০২৬ ইং বৰ্ষৰ পৰা নলবাৰী জিলাৰ অন্তৰ্গত বৰভাগত থকা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ অন্য তিনিওটা পৰীক্ষাকেন্দ্ৰ- পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয়, বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষাকেন্দ্ৰৰ লগত সংলগ্ন থকা বিদ্যালয়সমূহৰ পৰাও প্ৰথম পাঁচগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক নিৰ্বাচিত কৰি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম।

Address

Nalbari
781335

Website

Alerts

Be the first to know and let us send you an email when Help People&Feel the Happiness. A Utzal Deka Foundation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Organization

Send a message to Help People&Feel the Happiness. A Utzal Deka Foundation:

Shortcuts

Share

Category