অসম ছাত্ৰ পৰিষদ - নাহৰকটীয়া Asom Chatra Parishad - Naharkatia

  • Home
  • India
  • Naharkatiya
  • অসম ছাত্ৰ পৰিষদ - নাহৰকটীয়া Asom Chatra Parishad - Naharkatia

অসম ছাত্ৰ পৰিষদ - নাহৰকটীয়া Asom Chatra Parishad - Naharkatia নৱজাগৰণৰ বাবে ছাত্ৰ

14/03/2022
22/11/2021
15/11/2021
14/10/2021

১৯৮৫ চনৰ জন্মলগ্নৰ পৰাই অসমৰ জনতাৰ হিয়াৰ আপোন অসম গণ পৰিষদে আঞ্চলিকতাবাদৰ বিজয়ধ্বজা উৰুৱাই আহিছে। অগপৰ ৩৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ এই গৌৰৱোজ্জ্বল ক্ষণত দলৰ প্ৰতিগৰাকী বিষয়ববীয়া আৰু কৰ্মকৰ্তাক মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।

ঐক্য, শান্তি, প্ৰগতি- অসম গণ পৰিষদে এই লক্ষ্যৰে অসমৰ ৰাইজৰ মৰম-আশীৰ্বাদ শিৰত লৈ আঞ্চলিকতাবাদৰ বৰভেটিটো শক্তিশালী কৰাৰ বাবে অহৰহ্ কাম কৰি আছে। আমাৰ সন্মুখত সময়ে সময়ে বিভিন্ন ঘাত-প্ৰতিঘাত, প্ৰত্যাহ্বানে বাধাৰ প্ৰাচীৰ সৃষ্টি কৰিছিল যদিও জনতা জনাৰ্দনৰ স্নেহাশিসৰ বাবেই প্ৰতিবাৰেই প্ৰতিটো প্ৰতিকূলতা হেলাৰঙে নেওচি আমি নতুন উদ্যমেৰে আগুৱাই গৈছোঁ। অতীতৰ ভুলবোৰ পুংখানুপুংখভাৱে বিশ্লেষণ কৰি আৰু ৩৬ বছৰৰ বিস্তৃত অভিজ্ঞতাক সাৰথি কৰি অসম গণ পৰিষদে এতিয়া নতুন ৰূপত ঠন ধৰি উঠিছে।

অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ অধিকাৰপ্ৰাপ্তিৰ হকে অসম গণ পৰিষদ সদায়েই উৎসৰ্গিত। স্বদেশ, স্বজাতি, স্বাধিকাৰৰ স্বাৰ্থত অসমৰ নীলিম আকাশত আঞ্চলিকতাবাদৰ পতাকা সগৌৰৱে জিলিকাই ৰাখিবলৈ অসম গণ পৰিষদ অসমৰ জনসাধাৰণৰ ওচৰত সদায়েই দায়ৱদ্ধ আৰু প্ৰতিজ্ঞাবদ্ধ। আজিৰ এই শুভ দিনটোত আমি অন্তঃকৰণেৰে অসমৰ ৰাইজৰ আশীৰ্বাদ বিচাৰিছোঁ আৰু লগতে দলটোৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত উল্লেখযোগ্য অৰিহণা আগবঢ়োৱা প্ৰয়াত কৰ্মকৰ্তাসকলক গভীৰ শ্ৰদ্ধাৰে সুঁৱৰিছোঁ।

জয় আই অসম ✊

25/08/2021

ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰীক কলেজৰ পৰা আহি থকা অৱস্থাত মহাবিদ্যালয়খনৰে এজন কৰ্মচাৰীয়ে দাৰে ঘপিয়াই হত্যাৰ চেষ্টা চলোৱা ঢকুৱাখনাৰ ছাত্ৰী নন্দিতা শইকীয়াই মৃত্যুৰ লগত যুঁজি যুঁজি আজি নিয়তিৰ ওচৰত হাৰ মানিলে । তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ। লগতে ঘটনাৰ লগত জঢ়িত দোষীক কঠোৰতম শাস্তি বিহিবলৈ প্ৰশাসনৰ ওচৰত দাবী জনাইছো।

ভাৰতবৰ্ষৰ সকলো জনগণক ৭৫ সংখ্যক ভাৰতীয় স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।Trinayan Baruah অসম ছাত্ৰ পৰিষদ - Asom Chatra Par...
15/08/2021

ভাৰতবৰ্ষৰ সকলো জনগণক ৭৫ সংখ্যক ভাৰতীয় স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।
Trinayan Baruah
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP

অসম ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিয়ে  APSC আৰু UPSC ৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। অসম ছাত্ৰ পৰিষদৰ মূল উদ...
29/07/2021

অসম ছাত্ৰ পৰিষদ, কেন্দ্ৰীয় সমিতিয়ে APSC আৰু UPSC ৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। অসম ছাত্ৰ পৰিষদৰ মূল উদ্দেশ্য হল অসমৰ ১০০০ জন ছাত্ৰ-ছাত্ৰীক বিনামূলীয়াকৈ APSC আৰু UPSCৰ প্ৰশিক্ষণ দিয়া। গতিকে ইচ্ছূক প্ৰাৰ্থিক অনলাইন আবেদন কৰিবলৈ অনুৰোধ কৰিলো। ধন্যবাদ।
।। জয় আই অসম ।।
https://bit.ly/acpregistration

27/07/2021

অসম-মিজোৰাম সীমান্তত দুই ৰাজ্যৰ প্ৰশাসনৰ মাজত হোৱা হিংসাত্মক কাৰ্যৰ ফলত নিহত হোৱা অসম আৰক্ষীৰ জোৱান কেইজনৰ আত্মাৰ সদগতিৰ কামনাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

লগতে শান্তি আলোচনাৰ মাজেৰে এই সমস্যা অতিশিঘ্ৰেই সমাধান কৰি দুয়োখন ৰাজ্যৰ মাজৰ সম্পৰ্ক অতুত ৰাখিবলৈ অনুৰোধ জনালোঁ।
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Keshab Mahanta কেশৱ মহন্ত

সিদ্ধান্ত নাহৰকটীয়া সমষ্টিবাসী ৰাইজৰ
07/03/2021

সিদ্ধান্ত নাহৰকটীয়া সমষ্টিবাসী ৰাইজৰ

গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিয়ে অসম ছাত্ৰ পৰিষদৰ জয়যাত্ৰা ।  প্ৰতিদ্বন্দিতা কৰা তিনিওটা বিভাগতে অসম ...
27/02/2021

গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰথমবাৰৰ বাবে প্ৰৱেশ কৰিয়ে অসম ছাত্ৰ পৰিষদৰ জয়যাত্ৰা ।

প্ৰতিদ্বন্দিতা কৰা তিনিওটা বিভাগতে অসম ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীৰ জয়লাভ ।

বিজয়ী প্ৰাৰ্থীসকল ক্ৰমে-

তৰ্ক বিভাগৰ সম্পাদিকা - বিজয়লক্ষ্মী বৰা
সংগীত বিভাগৰ সম্পাদক - নিতুমণি বৰা
সমাজসেৱা বিভাগৰ সম্পাদিকা - ভূপালী তামুলী ।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা ।
Trinayan Baruah
Atul Bora অতুল বৰা
অসম ছাত্ৰ পৰিষদ - Asom Chatra Parishad - ACP
অসম গণ পৰিষদ - Asom Gana Parishad -AGP

Address

Naharkatiya

Alerts

Be the first to know and let us send you an email when অসম ছাত্ৰ পৰিষদ - নাহৰকটীয়া Asom Chatra Parishad - Naharkatia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share