BJYM Raha-Barapujia

BJYM Raha-Barapujia ভাৰতীয় জনতা যুৱ মৰ্চা ৰহা-বাৰপুজীয়া মণ্ডল

Bharatiya Janata Yuva Morcha | Raha–Barapujia Mandal
Youth Wing of BJP • Serving Nation • Empowering Youth

📍 ৰহা প্ৰেছ ক্লাৱৰহা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় শ্ৰী শশীকান্ত দাস ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে ৰহা সমষ্টিৰ জনসাধাৰণ...
12/07/2026

📍 ৰহা প্ৰেছ ক্লাৱ
ৰহা সমষ্টিৰ জনপ্ৰিয় বিধায়ক মাননীয় শ্ৰী শশীকান্ত দাস ডাঙৰীয়াক দ্বিতীয়বাৰৰ বাবে ৰহা সমষ্টিৰ জনসাধাৰণৰ সেৱাৰ দায়িত্ব লাভ কৰাৰ উপলক্ষে আজি ৰহা আঞ্চলিক সাংবাদিক সন্থাই আন্তৰিক সম্বৰ্ধনা আৰু শুভেচ্ছা জ্ঞাপন কৰে।

এই অনুষ্ঠানত উপস্থিত থাকি মাননীয় বিধায়ক গৰাকীয়ে সাংবাদিক সমাজৰ মৰম, আস্থা আৰু শুভেচ্ছাৰ বাবে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে আগন্তুক দিনতো ৰহাৰ সৰ্বাংগীন উন্নয়ন আৰু জনকল্যাণৰ স্বাৰ্থত সকলোৰে সহযোগিতা কামনা কৰে।

উক্ত অনুষ্ঠানত বিজেপি ৰহা বাৰপূজীয়া মণ্ডলৰ সভাপতি শ্ৰী নীলোৎপল লাহন ডাঙৰীয়া আৰু ভাৰতীয় জনতা যুৱ মৰ্চা, ৰহা বাৰপূজীয়া মণ্ডলৰ সভাপতি শ্ৰী জিতুমণি দাস ডাঙৰীয়া উপস্থিত থাকে।

সবল ৰহা, সমৃদ্ধ অসম গঢ়াৰ সংকল্পত আমি একেলগে আগবাঢ়োঁ।💪

Sashi Kanta Das
BJP Assam Pradesh
BJP Nagaon District
BJYM Assam
Nilotpal Lahan
Jitumoni Das New
Vivek Kr Patar

অসম বিধান সভাত ২০২৬–২৭ বৰ্ষৰ অসম বাজেট উত্থাপন 💰 🚩'অষ্টাদশ মুকুতাৰ উন্নয়নী মালা' অসমৰ উন্নয়নৰ এক নতুন ৰূপৰেখা। উন্নয়ন...
10/07/2026

অসম বিধান সভাত ২০২৬–২৭ বৰ্ষৰ অসম বাজেট উত্থাপন 💰 🚩

'অষ্টাদশ মুকুতাৰ উন্নয়নী মালা' অসমৰ উন্নয়নৰ এক নতুন ৰূপৰেখা। উন্নয়নৰ ১৮টা মুখ্য স্তম্ভক ভিত্তি কৰি এই দৃষ্টিভংগীয়ে কৃষি, আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য, উদ্যোগ, নিয়োগ, শক্তি, সামাজিক সুৰক্ষা আৰু সাংস্কৃতিক ঐতিহ্যকে ধৰি প্ৰতিটো গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ৰাজ্যৰ অগ্ৰযাত্ৰাক অধিক গতিশীল কৰি তুলিব আৰু বিকাশৰ পৰৱৰ্তী পৰ্যায়লৈ আত্মবিশ্বাসেৰে আগবাঢ়ি যাব।

📍 জোঙাল বলহু ক্ষেত্ৰ, ৰহামাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত নিৰ্মিত জোঙাল বলহু ক্ষেত...
04/07/2026

📍 জোঙাল বলহু ক্ষেত্ৰ, ৰহা
মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্বত নিৰ্মিত জোঙাল বলহু ক্ষেত্ৰ যোৱাকালি অসমৰ ইতিহাস, ঐতিহ্য আৰু পৰ্যটনৰ এক গৌৰৱময় প্ৰতীক হিচাপে আত্মপ্ৰকাশ কৰিছে।

যোৱাকালি পৰ্যটন বিভাগৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে মাননীয়া পৰ্যটন মন্ত্ৰী শ্ৰীমতী অজন্তা নেওগ ডাঙৰীয়ানীয়ে জোঙাল বলহু ক্ষেত্ৰ পৰিদৰ্শন কৰে। এই উপলক্ষে ৰহা সমষ্টিৰ মাননীয় বিধায়ক শ্ৰী শশীকান্ত দাস ডাঙৰীয়াও উপস্থিত থাকি পৰ্যটন ক্ষেত্ৰখন পৰ্যবেক্ষণ কৰে।

ৰাজ্য চৰকাৰৰ ঐতিহ্য সংৰক্ষণ আৰু পৰ্যটন বিকাশৰ সুদূৰপ্ৰসাৰী পদক্ষেপে জোঙাল বলহু ক্ষেত্ৰক এক আকৰ্ষণীয় পৰ্যটনস্থলী হিচাপে গঢ়ি তুলিছে। মাননীয়া পৰ্যটন মন্ত্ৰী ডাঙৰীয়ানীৰ এই পৰিদৰ্শনে ক্ষেত্ৰখনৰ অধিক উন্নয়ন আৰু পৰ্যটন সম্ভাৱনাক নতুন গতি প্ৰদান কৰিব বুলি আমি আশাবাদী।

এই পৰিদৰ্শনকালত তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য শ্ৰী জীৱন চন্দ্ৰ কোঁৱৰ ডাঙৰীয়া, জিলা আয়ুক্ত শ্ৰী দেৱাশীষ শৰ্মা ডাঙৰীয়া, ৰহা সমজিলা আয়ুক্তা ড° অংকিতা বৰা ডাঙৰীয়ানী তথা পৰ্যটন বিভাগৰ বিষয়াবৰ্গ উপস্থিত থাকে।

Himanta Biswa Sarma
Ajanta Neog
Sashi Kanta Das
Subarna Singh
Nilotpal Lahan
Jitumoni Das New
BJP Assam Pradesh
BJP Nagaon District

আজি ভাৰতীয় জনতা পাৰ্টিৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ অংশ হিচাপে ৰহা-বাৰপূজীয়া মণ্ডলত অনুষ্ঠিত দুদিন...
03/07/2026

আজি ভাৰতীয় জনতা পাৰ্টিৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ অংশ হিচাপে ৰহা-বাৰপূজীয়া মণ্ডলত অনুষ্ঠিত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তিম দিন সফলভাৱে সম্পন্ন হয়।

এই প্ৰশিক্ষণ শিবিৰে সংগঠনক অধিক সুদৃঢ় কৰাৰ লগতে জনসেৱাৰ সংকল্পক আৰু অধিক শক্তিশালী কৰিব।

Himanta Biswa Sarma
Dilip Saikia
Sashi Kanta Das
Nilotpal Lahan
Banti Hazarika
Jitumoni Das New
Suraj Gaonkhowa
BJP Assam Pradesh
BJYM Assam
BJP Nagaon District
বিজেপি ৰহা বাৰপূজীয়া মণ্ডল

আজি ভাৰতীয় জনতা পাৰ্টিৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ অংশ হিচাপে ৰহা বাৰপূজীয়া মণ্ডলত অনুষ্ঠিত দুদিন...
02/07/2026

আজি ভাৰতীয় জনতা পাৰ্টিৰ পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহা অভিযানৰ অংশ হিচাপে ৰহা বাৰপূজীয়া মণ্ডলত অনুষ্ঠিত দুদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীৰ প্ৰথম দিন সফলভাৱে সম্পন্ন হয়।

এই প্ৰশিক্ষণ কাৰ্যসূচীত ৰহা সমষ্টিৰ বিধায়ক শ্ৰী শশীকান্ত দাস ডাঙৰীয়া উপস্থিত থাকি কাৰ্যকৰ্তাসকলক সম্বোধন কৰে। লগতে ভাৰতীয় জনতা পাৰ্টি, নগাঁও জিলাৰ ভাৰপ্ৰাপ্ত সভাপতি শ্ৰী সুবৰ্ণ সিং ডাঙৰীয়া, ৰহা বাৰপূজীয়া মণ্ডলৰ সভাপতি শ্ৰী নীলোৎপল লাহন ডাঙৰীয়া, ভাৰতীয় জনতা যুৱ মৰ্চা ৰহা-বাৰপূজীয়া মণ্ডলৰ সভাপতি শ্ৰী জিতুমণি দাস ডাঙৰীয়া তথা বহু জ্যেষ্ঠ নেতা-কৰ্মকৰ্তা উপস্থিত থাকে।

সংগঠনৰ আদৰ্শ, নীতি, শৃংখলা আৰু জনসেৱাৰ মনোভাৱ অধিক শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে আয়োজিত এই প্ৰশিক্ষণ শিবিৰে তৃণমূল পৰ্যায়ত সংগঠনক অধিক সুদৃঢ় কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।

Himanta Biswa Sarma
Dilip Saikia
Sashi Kanta Das
Subarna Singh
Nilotpal Lahan
Jitumoni Das New
Amritpal Singh
Mousum Das
Suraj Gaonkhowa
Vivek Kr Patar
Pankaj Patar
Achyut Bordoloi
BJP Assam Pradesh
BJP Nagaon District
BJYM Assam
BJYM Nagaon

১৯৯৬ চনত নগাঁও লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমগৰাকী প্ৰাৰ্থী, অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী, বিশিষ্ট সাহিত্যি...
24/06/2026

১৯৯৬ চনত নগাঁও লোকসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ প্ৰথমগৰাকী প্ৰাৰ্থী, অসম আন্দোলনৰ অগ্ৰণী নেত্ৰী, বিশিষ্ট সাহিত্যিক, সুদক্ষ সংগঠক তথা সমাজসেৱী শ্ৰদ্ধেয়া ৰেখা শৰ্মা দেৱীৰ পৰলোক গমনৰ খবৰে গভীৰভাৱে মৰ্মাহত কৰিছে।

অসম আন্দোলন আৰু নগাঁৱত বিজেপিৰ সাংগঠনিক ভেঁটি সুদৃঢ় কৰাত তেখেতৰ অৱদান চিৰস্মৰণীয় হৈ থাকিব। তেখেতৰ আদৰ্শ, সাহস আৰু সমাজসেৱাৰ মনোভাৱ আগন্তুক প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ উৎস হৈ ৰ'ব।

তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গ আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।

ওঁম শান্তিঃ 🪔

🧘‍♂️ 'योगः कर्मसु कौशलम्' 🧘‍♀️১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা।যোগ হৈছে ভাৰতীয় সংস্কৃতিৰ এক অমূল্য ...
21/06/2026

🧘‍♂️ 'योगः कर्मसु कौशलम्' 🧘‍♀️

১২ সংখ্যক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ আন্তৰিক শুভেচ্ছা।

যোগ হৈছে ভাৰতীয় সংস্কৃতিৰ এক অমূল্য ঐতিহ্য, যি বৈদিক যুগৰেপৰা মানৱ জীৱনক সুস্থ, সুশৃংখল আৰু সমৃদ্ধ কৰি আহিছে। যোগাসন, প্ৰাণায়াম আৰু ধ্যানৰ নিয়মিত অভ্যাসে শৰীৰ, মন আৰু আত্মাৰ মাজত এক সুন্দৰ সমন্বয় স্থাপন কৰি ব্যক্তিত্বক অধিক শক্তিশালী, সজাগ আৰু সৃজনশীল কৰি তোলে।

যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত Narendra Modi ডাঙৰীয়াৰ দূৰদৰ্শী নেতৃত্ব আৰু ঐকান্তিক প্ৰচেষ্টাৰ ফলত যোগে বিশ্বজুৰি এক নতুন পৰিচয় লাভ কৰে। তেখেতৰ উদ্যোগত ২০১৪ চনত United Nations-এ ২১ জুন তাৰিখক আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস হিচাপে স্বীকৃতি প্ৰদান কৰে আৰু ২০১৫ চনৰ পৰা সমগ্ৰ বিশ্বই এই দিনটো উদযাপন কৰি আহিছে।

আহক, এই পৱিত্ৰ উপলক্ষত আমি সকলোৱে সুস্থ শৰীৰ, শান্ত মন আৰু সমৃদ্ধ জীৱনৰ বাবে দৈনিক যোগাভ্যাস কৰাৰ সংকল্প গ্ৰহণ কৰোঁ।

"যোগেই সুস্থতা, যোগেই শক্তি, যোগেই জীৱনৰ সমতা।" 🧘‍♀️🌿

বৰেণ্য অসমীয়া, গণশিল্পী, শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া, একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, গল্পকাৰ, নিবন্ধকাৰ, জীৱনীকাৰ, ন...
20/06/2026

বৰেণ্য অসমীয়া, গণশিল্পী, শতিকাৰ অন্যতম শ্ৰেষ্ঠ অসমীয়া, একাধাৰে কবি, গীতিকাৰ, নাট্যকাৰ, গল্পকাৰ, নিবন্ধকাৰ, জীৱনীকাৰ, নৃতত্ত্ববিদ, বোলছবি পৰিচালক, উপন্যাসিক, চিত্ৰশিল্পী কলাগুৰু বিষ্ণু প্ৰসাদ বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ পবিত্ৰ পুণ্যতিথিত গভীৰ শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। এই মহান শিল্পী গৰাকীৰ আদৰ্শক অসমীয়া জাতিয়ে যুগ যুগলৈ স্মৰণ কৰি থাকিব আৰু তেখেতৰ সৃষ্টিক সদায় প্ৰাণ দি ৰাখিব।

#কলাগুৰু #বিষ্ণপ্ৰসাদৰাভা

Address

Nagaon
782103

Website

Alerts

Be the first to know and let us send you an email when BJYM Raha-Barapujia posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share