BJP Mahila Morcha Batadrava Mandal

BJP Mahila Morcha Batadrava Mandal It's an official page of Bharatiya Janata Party, Mahila Morcha Batadrava Mandal

21/05/2026

অভিনন্দন Rupak Sarmah

সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বজাৰৰ সন্তুলন ব্যৱস্থা অব্যাহত ৰখা আৰু যিকোনো অস্বা...
18/05/2026

সাম্প্রতিক পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বজাৰৰ সন্তুলন ব্যৱস্থা অব্যাহত ৰখা আৰু যিকোনো অস্বাভাৱিক মূল্যবৃদ্ধি ৰোধ কৰাৰ বাবে আজি কেতবোৰ নির্দেশনা প্রদান কৰা হৈছে—

১. জিলা আয়ুক্তৰ নেতৃত্বত ৩-৪ দিনৰ ভিতৰত জিলা নিৰীক্ষণ সমিতিৰ বৈঠক আহ্বান
২. সকলো দোকান আৰু পাইকাৰি বিপণীত খুচুৰা আৰু পাইকাৰি মূল্য প্ৰদৰ্শন কৰাটো বাধ্যতামূলক
৩. অস্বাভাৱিক মূল্যৰ ক্ষেত্রত ট্রেড লাইচেঞ্চ বাতিলকে ধৰি কঠোৰ পদক্ষেপ
৪. জিলা আয়ুক্ত, চেম্বাৰ আৰু বাণিজ্যিক সংস্থাবোৰৰ মাজত সাপ্তাহিক পর্যালোচনা বৈঠক
৫. অস্বাভাৱিক মূল্য বৃদ্ধি ধৰা পেলোৱা আৰু প্ৰতিৰোধৰ বাবে তীব্ৰতৰ ক্ষেত্র পর্যায়ৰ নিৰীক্ষণ
৬. এলপিজি চিলিণ্ডাৰ বিতৰণত আসোঁৱাহ দূৰ কৰিবলৈ প্ৰধানমন্ত্ৰী উজ্জ্বলা যোজনাৰ হিতাধিকাৰীসকলৰ দ্ৰুত আধাৰ সংযোজন

মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি চৰকাৰখনে সদায় ৰাইজৰ সমস্যা সমাধানত গুৰুত্ব প্রদান কৰি আহিছে আৰু ইয়াক প্রাধান্য দিয়ে প্রতিটো ক্ষেত্রত দৃঢ়তাৰে কাম কৰি যাব।

Dilip Saikia
Nilima Devi
BJP Assam Pradesh

ঐতিহাসিক বিজয়ৰ মাজেৰে এনডিএ ৩.০ চৰকাৰ গঠন কৰাৰ পাছত আজি মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma   ডাঙৰীয়াই পৱিত্ৰ শ্ৰ...
15/05/2026

ঐতিহাসিক বিজয়ৰ মাজেৰে এনডিএ ৩.০ চৰকাৰ গঠন কৰাৰ পাছত আজি মাননীয় মুখ্যমন্ত্ৰী Himanta Biswa Sarma ডাঙৰীয়াই পৱিত্ৰ শ্ৰীশ্ৰী বটদ্ৰৱা থানত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ-শান্তি, কুশল-মংগল আৰু সমৃদ্ধিৰ কামনাৰে সেৱা আগবঢ়ায়।

জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আৱিৰ্ভাৱে পবিত্ৰতা লাভ কৰা এই ঐতিহ্যমণ্ডিত বটদ্ৰৱা থানৰ সুৰক্ষা, সংৰক্ষণ আৰু সর্বাঙ্গীণ উন্নয়নৰ ক্ষেত্ৰত বিজেপি চৰকাৰ দৃঢ় সংকল্পবদ্ধ।

13/05/2026

📌জার্মানী ধ্বংস নোহোৱালৈকে জনসাধাৰণে হিটলাৰৰ সকলো কামতে দেশপ্রেম দেখিছিল।
📌আজি ভাৰততো একেই অৱস্থা! দেশ ধ্বংসৰ সীমাত থিয় হৈ আছে, তথাপিও...মোডী... মোডী... মোডী

কমল হাছান
অভিনেতা তথা ৰাজ্যসভাৰ সাংসদ

13/05/2026

বিধায়ক হিচাপে গৌৰৱময় ২৫টা বৰ্ষ সম্পূৰ্ণ কৰা আমাৰ সকলোৰে শ্ৰদ্ধাৰ জননেতা তথা নতুন অসমৰ খনিকৰ মাননীয় মুখ্যমন্ত্ৰী ড: Himanta Biswa Sarma ডাঙৰীয়াক আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিলো। এগৰাকী দূৰদৰ্শী নেতা হিচাপে ৰাজনৈতিক জীৱনৰ এই সুৰ্দীঘ পৰিক্ৰমাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ জনকল্যানমূলক কৰ্মৰাজি,নিষ্ঠা আৰু পৰিশ্ৰমৰ জৰিয়তে অসমৰ সৰ্বাংগীন উন্নয়নত এক নতুন অধ্যায়ৰ সূচনা কৰি আহিছে।

আমি দৃঢ় বিশ্বাসী আগন্তুক সময়তো আপোনাৰ নেতৃত্বত আই অসমীয়ে গৌৰৱৰ নতুন শিখৰ স্পৰ্শ কৰিব।

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ...
12/05/2026

আজি দেশৰ যশস্বী প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ উপস্থিতিত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন এনডিএ মিত্ৰজোঁটৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু মন্ত্ৰী সভাই শপতগ্ৰহণ কৰে।

আজিৰ এই শপতগ্ৰহণ অনুষ্ঠানত ভাৰতীয় জনতা পাৰ্টিৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত নীতিন নৱীন ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্ৰীযুত অমিত শ্বাহ ডাঙৰীয়া, মাননীয় কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী শ্ৰীযুত ৰাজনাথ সিং ডাঙৰীয়া, কেন্দ্ৰীয় গৰকাপ্তানী মন্ত্ৰী শ্ৰীযুত নীতিন গাডকাৰী ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, শ্ৰীযুত কিৰেণ ৰিজিজু ডাঙৰীয়া, শ্ৰীযুত ৰাম মোহন নাইডু ডাঙৰীয়া, শ্ৰীযুত চিৰাগ পাছোৱান ডাঙৰীয়া, ২২খন এনডিএ শাসিত ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী , উপ-মুখ্যমন্ত্ৰীসকল, মাননীয় ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক শ্ৰীযুত বি এল সন্তোষ ডাঙৰীয়া, মাননীয় ৰাজ্যিক বিজেপিৰ সভাপতি শ্ৰীযুত দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত থাকে।

আজিৰ ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হোৱা ৰাজ্যৰ লক্ষাধিক জনতা আৰু অসমৰ বিভিন্ন প্ৰান্তৰ পূজ্যপাদ সত্ৰাধিকাৰ প্ৰভুসকল, ধৰ্মগুৰুসকল , সাধু-সন্তসকল উপস্থিত থাকি অসমৰ সুৰক্ষা আৰু বিকাশৰ সংকল্পৰে আগবঢ়া বিজেপি মিত্ৰজোঁটৰ চৰকাৰখনক তথা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আশিস প্ৰদান কৰে ।

Narendra Modi
Himanta Biswa Sarma
BJP Assam Pradesh

11/05/2026

ভাৰতৰ মাননীয় গৃহমন্ত্ৰী শ্ৰীযুত Amit Shah ডাঙৰীয়াক পুণ্যভূমি অসমলৈ উষ্ম আদৰণি জনাইছোঁ।

11/05/2026

অসমত এনডিএ ৩.০ চৰকাৰৰ শপতগ্ৰহণ অনুষ্ঠান উপলক্ষে Bharatiya Janata Party (BJP) ৰ মাননীয় ৰাষ্ট্ৰীয় সভাপতি Nitin Nabin ডাঙৰীয়াক পৱিত্ৰ অসমভূমিলৈ আন্তৰিক স্বাগতম জনাইছোঁ।
শপতগ্ৰহণ অনুষ্ঠানত আপোনাৰ শুভ উপস্থিতিয়ে ঐতিহাসিক অনুষ্ঠানভাগৰ গৌৰৱ বৃদ্ধি কৰাৰ লগতে সকলোকে নতুন উদ্যম,প্ৰেৰণা আৰু শক্তি প্ৰদান কৰিব।

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when BJP Mahila Morcha Batadrava Mandal posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share