Inspector of schools NDC Nagaon

Inspector of schools NDC Nagaon promotion of government schemes such as New India Literacy Program NILP

নগাঁও জিলাত উল্লাসৰ পৰীক্ষা সুকলমে সম্পন্ন *কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ জ্যেষ্ঠ প্ৰালোচকৰ পৰিদৰ্শন* নৱ ভাৰত সাক্ষৰতা ...
23/12/2024

নগাঁও জিলাত উল্লাসৰ পৰীক্ষা সুকলমে সম্পন্ন
*কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ৰ জ্যেষ্ঠ প্ৰালোচকৰ পৰিদৰ্শন*
নৱ ভাৰত সাক্ষৰতা অভিযানৰ অধীনত নিৰক্ষৰ ব্যক্তি সকলক সাক্ষৰ কৰি তোলা উল্লাস আঁচনিৰ যোৱা ২২/১২/২০২৪ তাৰিখে অনুষ্ঠিত হোৱা ২য় বুনিয়াদী সাক্ষৰতা আৰু সাংখিকতাৰ অৰ্হতা প্ৰাপ্তিৰ মূল্যায়ন (এফ এল এন এ টি) নগাঁও জিলাত সুকলমে সম্পন্ন হয়। এইবাৰৰ পৰীক্ষাত সৰ্বমুঠ ৬০০০ গৰাকী শিকাৰুৱে ৫২ টা পৰীক্ষা কেন্দ্ৰত অৱতীৰ্ণ হৈছে । উল্লেখ্য যে জিলাখনত যোৱা চেপ্তেম্বৰ মাহৰ ২২ তাৰিখে অনুষ্ঠিত হোৱা প্ৰথম পৰীক্ষাত উত্তীৰ্ণ হৈ ৭৯৬ গৰাকী নিৰক্ষৰ শিকাৰুৱে সাক্ষৰতাৰ প্ৰথম পৰ্যায়ৰ প্ৰমাণ পত্ৰ লাভ কৰিবলৈ সক্ষম হৈছে। উক্ত পৰীক্ষাৰ বুজ লোৱাৰ উদ্দেশ্যে ভাৰত চৰকাৰৰ শিক্ষা মন্ত্ৰণালয়ৰ জ্যেষ্ঠ প্ৰালোচক কুলদীপ কুমাৰ মহোদয়ে নগাঁও জিলাখনৰ ১ নং মোল্লাপট্টী, হোজগাঁও নিম্ন বুনিয়াদী আৰু জুৰিয়া চাতিয়ান পৰীক্ষা কেন্দ্ৰ পৰিদৰ্শন কৰি শিকাৰু সকলৰ উৎসাহ দেখি অভিভূত হোৱাৰ লগতে পৰীক্ষা অনুষ্ঠিত কৰাৰ বাবে লোৱা ব্যৱস্থাপনাক ভূয়সী প্ৰশংসা কৰে। জিলাখনে নিৰক্ষৰ লোক সকলৰ সাক্ষৰতাৰ বাবে উল্লাস আঁচনিৰ জৰিয়তে লোৱা উদ্ভাৱনী মূলক বিশেষ উদ্যোগক এক শ্ৰেষ্ঠ অনুশীলন বুলি অভিহিত কৰি সংশ্লিষ্ট সকলোকে অভিনন্দন জনায় আৰু এই প্ৰচেষ্টাৰ যোগেদি সমাজৰ নিৰক্ষৰতা নিৰ্মূল হৈ সমাজখন আগুৱাই যাব বুলিও তেওঁ আশা ব্যক্ত কৰে । বিষয়া গৰাকীৰ পৰিদৰ্শন কালত নগাঁও জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল কুমাৰ নাথ, উল্লাসৰ ৰাজ্যিক প্ৰকল্প বিষয়া মকিবুৰ ৰহমান, উল্লাসৰ জিলা সমন্বয়ক পদুম ৰাজখোৱা আদিয়ে উপস্থিত থাকে । CMO Assam Himanta Biswa Sarma Directorate of Information and Public Relations, Assam

29/02/2024
29/02/2024
जन जन साक्षर। नव भारत साक्षरता कार्यक्रम।🎨🖌️
29/02/2024

जन जन साक्षर। नव भारत साक्षरता कार्यक्रम।🎨🖌️

Address

Nagaon

Website

Alerts

Be the first to know and let us send you an email when Inspector of schools NDC Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share