27/07/2026
দুখৰ মাজতে কথা এটা কওঁ
আজি উজনিৰ ৩খন জিলাত যি দুৰ্যোগ হৈছে
নামনিৰ মিঞাই যোৱা ৭০ বছৰে দেখি আহিছে
উত্তৰ পাৰৰ মিচিং সকলে যোৱা ৭০ বছৰে দেখি আহিছে
সমস্যা হ’ল মিচিং আৰু মিঞা - দুয়োটাৰেই বৃহৎ সংবাদগোষ্ঠী নাই
এতেকে তেওলোকৰ উচুপনি বোৰ ৰাজহুৱা নহয় !
দেৱানন্দ মেদক (মিৰি)
গুৱাহাটী, জুলাই ২৬, ২০২৬
=================
এই মূহুৰ্তটো উজনিৰ তিনিচুকীয়া জিলাৰ ‘লাইকা আৰু দধীয়া’ বনগাঁৱৰ শতাধিক পৰিয়ালৰ ঘৰ-গোহালি, ভেটি-মাটি সম্পূৰ্ণৰূপে ৮/১০ ফুট পানীৰ তলত আছে । ৰাজ্যখনৰ পৰা সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ আছে । তেওঁলোকৰ কথা আলোচনাও হোৱা নাই, মানুহবোৰ কেনেকৈ জীয়াই আছে তাৰ কোনো ছবি প্ৰচাৰ হোৱা নাই, এতেকে সাহাৰ্য্য প্ৰদানৰ প্ৰসংগও অহা নাই । দুৰ্ভাগ্যৰ কথাটো হ’ল, লাইকা-দধীয়াবাসীয়ে ১৯৫০ৰ পৰাই এনে দুৰ্যোগৰ লগত নিৰৱচ্ছিন্নভাৱে সংগ্ৰাম কৰি আহিছে, সহাৱস্থান কৰি আহিছে, অসহায়ভাৱে বছেৰেকীয়া মহাপ্ৰলয়ৰ পৰা মুক্তি বিচাৰি আহিছে ।
ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ মাজুলী, ঢকুৱাখনা, ধেমাজী, জোনাই আদি অঞ্চলৰ জাতি-জনগোষ্ঠীৰ ক্ষেত্ৰটো কথাটো একেই । সেই অঞ্চল সমূহটো বিশেষভাৱে মিচিং সম্প্ৰদায়ৰ লোক সকলেই শতিকাজোৰা প্ৰাকৃতিক তাণ্ডৱৰ মুল ভুক্তভোগী । বানপানীয়ে ভূমিপুত্ৰ মিচিং সকলক ইমানেই বিধ্বস্ত কৰিছে যে তাক আচলতে ভাষাৰে বুজোৱা সহজ নহয় । যুগ যুগ ধৰি বানত বিধ্বস্ত নোহোৱা হলে, সৰ্বস্বান্ত নোহোৱা হলে মিচিং জাতিৰ আজিৰ প্ৰজন্মৰ শৈক্ষিক, আৰ্থিক, বৌদ্ধিক আৰু সমাজ-সাংস্কৃতিক চেহেৰাই সলনি হলেহেঁতেন । ভৈয়ামৰ অন্যতম আগবঢা জাতি হিচাপে জিলিকি থাকিলেহেঁতেন । কিন্তু বানে মিচিং জাতিক বহু বছৰ পিছুৱালে ।
আজিৰ প্ৰজন্মৰ বহুতেই হয়টো নাজানে । নামনি অসমৰ অভিবাসী মুছলমান সকল, যাক আমি মিঞা বুলি ৰাজনৈতিকভাৱে চিনাকি দি আহিছোঁ, তেওঁলোক দেশে স্বাধীনতা লাভ কৰাৰ দিনৰ পৰাই বানপানী আৰু গৰাখহনীয়াত প্ৰতি বছৰে সৰ্বচ্ছ হেৰুৱাই আহিছে । বিশেষকৈ ধুবুৰী, উত্তৰ কাছাৰ, গোৱালপাৰা, বৰপেটা আদি জিলাৰ মিঞা সকলে বিগয ৭০/৮০ বছৰে বানপানীৰ লগত যুদ্ধ কৰি জীয়াই থকাৰ সংগ্ৰাম কৰোঁতেই গ’ল । সেই বানপানীৰ পৰা বাচিবলৈ যেনিয়ে তেনিয়ে প্ৰব্ৰজন কৰি ফুৰোতেই মিঞা সকলে আগ্ৰাসনকাৰী, মাটি দখলকাৰী, চোৰ-ডকাইত, অপৰাধী ইত্যাদি উপাধি পালে । চিৰ কাললৈ বদনামি হৈ ৰল । সকলো পিনৰ পৰা পিছপৰা জাতি হিচাপে চিহ্নিত হৈ ৰল ।
দুৰ্ভাগ্যৰ কথাটো হ’ল, ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৰে অসমৰ সংবাদগোষ্ঠী সমূহেও ব্ৰাহ্মন্যবাদী চিন্তা-চেতনাত পৰিপুষ্ট । উচ্চ বৰ্ণৰ ভাষিক অসমীয়াৰ ধ্যান-ধাৰণাৰে পৰিপুষ্ট । এতেকে মিঞা-মিচিং জনগোষ্ঠীৰ বান সমস্যাক লৈ কোনো দিনেই সমাধানৰ দৃষ্টিৰে জনমত সৃষ্টিৰ প্ৰয়াস নকৰিলে বুলি বহুতে আজিও ক্ষোভ প্ৰকাশ কৰে । বানত ঘৰ-বাৰী, মাটি-ভেটি, আত্মীয় হেৰুৱা মিঞা-মিচিং সকল ক’ত মৰিল, গ’ল, ক’ত হেৰাল তাক অসমৰ সংবাদ মাধ্যমে কোনো দিনেই আন্তৰিকতাৰে আলোচনা নকৰিলে, চৰকাৰক প্ৰশ্ন নকৰিলে । তাৰ মুল কাৰণ হ’ল - শেহতীয়াকৈ মিঞা সম্প্ৰদায়ৰ দুই এজন ধনৱান ব্যক্তিয়ে নিজাকৈ সংবাদ ক্ষেত্ৰত প্ৰৱেশ কৰিছে যদিও কোনো মিচিঙৰ নামত আজিও কোনো দৈনিক কাকত, চেটেলাইট চেনেল অথবা পৰ্টেল নাই । এতেকে বহু কথা আজিও ৰাইজৰ দৃষ্টিগোচৰ নহয় ।
[ বিদ্ৰ: আমাৰ লেখা সমুহৰ সৈতে যুক্ত হৈ থাকিবলৈ Revolution Assam পেজটো ফল্ / লাইক কৰিবলৈ নাপাহৰিব]