District Agriculture Office, Nagaon

District Agriculture Office, Nagaon Official Page of District Agriculture Office, Nagaon

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত নৱ-নিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ সামৰ্থ্য বিকাশৰ বাবে ৬ দিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰ...
16/02/2026

নগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত নৱ-নিযুক্ত কৃষি সম্প্ৰসাৰণ সহায়কসকলৰ সামৰ্থ্য বিকাশৰ বাবে ৬ দিনীয়া প্ৰশিক্ষণৰ আয়োজন কৰা হয়। নগাঁওৰ জিলা পুথিভঁৰালত আয়োজিত এই প্ৰশিক্ষণৰ শুভাৰম্ভণি কৰে জিলা কৃষি বিষয়া শ্ৰী নিখিল নাৰায়ণ বৰুৱাই। তেওঁ নৱ-নিযুক্ত সহায়কসকলক কৃষি খণ্ডৰ লগতে জিলাখনত ৰূপায়িত বিভিন্ন কেন্দ্ৰীয় আৰু ৰাজ্যিক আঁচনিৰ সম্পৰ্কে অৱগত কৰে।

প্ৰথম দিনাৰ প্ৰশিক্ষণৰ সমল ব্যক্তি হিচাপে নগাঁৱৰ সহকাৰী কৃষি সঞ্চালক শ্ৰী দিলীপ শইকীয়া, মহকুমা কৃষি বিষয়া (উদ্যান শস্য) শ্ৰী বুবুল শৰ্মা, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া, নগাঁও, শ্ৰী যুগজ্যোতি চৌধুৰী, পুৰানিগুদামৰ কৃষি উন্নয়ন বিষয়া শ্ৰীমতী প্ৰান্তিকা কাকতিৰ লগতে কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ বিজ্ঞানীদ্বয় ড° জ্যোতিৰেখা হাজৰিকা আৰু ড° নবজ্যোতি ভূঞা উপস্থিত থাকে।

CMO Assam
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

নগাঁও জিলা কৃষি বিভাগ তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (আটমা), নগাঁৱৰ উদ্যোগত যোৱা ইং ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱ...
14/02/2026

নগাঁও জিলা কৃষি বিভাগ তথা কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থা (আটমা), নগাঁৱৰ উদ্যোগত যোৱা ইং ১২ ফেব্ৰুৱাৰীৰ পৰা ১৩ ফেব্ৰুৱাৰী, ২০২৬ তাৰিখে নগাঁও জিলা পুথিভঁৰালৰ প্ৰাংগনত দুদিনীয়া কাৰ্যসূচীৰে "কৃষক মেলা ২০২৬" আয়োজিত কৰা হয়।

জিলা আয়ুক্ত, শ্ৰীযুত দেৱাশীষ শৰ্মা, ভাঃপ্ৰঃসেঃ মহোদয়ে নগাঁও জিলা কৃষি বিষয়া শ্ৰী নিখিল নাৰায়ন বৰুৱা, কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ মুৰব্বী ড৹ ভৱেশ চন্দ্ৰ ডেকা, চিলঙনী মাণ্ডলিক কৃষি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী ড৹ হিৰণ্য কুমাৰ বৰা, কাৰ্যবাহী অভিযন্তা (কৃষি) শ্ৰী মাধৱ দলে আৰু জিলা পশু চিকিৎসা বিভাগৰ ড৹ বিনয় বৰদলৈৰ উপস্থিতিত আনুষ্ঠানিকভাৱে ১২ ফেব্ৰুৱাৰীত দ্বাৰ মুকলি কৰে।

এই "কৃষক মেলা" ত জিলাখনৰ ১৩ সংখ্যক উন্নয়ন খণ্ডৰ পৰা নিৰ্বাচিত অগ্ৰণী খেতিয়কক তেওঁলোকে উৎপাদন কৰা বিবিধ কৃষি সামগ্ৰীৰ এক বিশাল প্ৰদৰ্শনী তথা বিক্ৰী কেন্দ্ৰৰ ব্যৱস্থা কৰা হয়।

এই মেলাৰ সৈতে সংগতি ৰাখি জিলা পুথিভঁৰালৰ প্ৰেক্ষাগৃহত বিশেষজ্ঞসকলৰ দ্বাৰা আধুনিক কৃষি পদ্ধতিৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে ক্ৰেতা আৰু বিক্ৰেতাৰ মাজত এক সন্মিলনৰো আয়োজন কৰা হয়।

CMO Assam
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Department of Agriculture, Assam

অসম উদ্যান সমিতি, নগাঁও জিলা শাখাৰ উদ্যোগত কৃষি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক কৃষি গবেষণা কেন্দ্র, চিল...
07/01/2026

অসম উদ্যান সমিতি, নগাঁও জিলা শাখাৰ উদ্যোগত কৃষি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক কৃষি গবেষণা কেন্দ্র, চিলঙনী আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সহযোগত "২৬ তম্ বার্ষিক উদ্যান শস্যৰ প্ৰদৰ্শনী, মেলা ও প্রতিযোগিতা-২০২৬" অহা ইংৰাজী ২৩, ২৪, ২৫ জানুৱাৰী, ২০২৬ তাৰিখে আয়োজিত কৰা হৈছে।

এই উদ্যান মেলাখন সাফল্যমণ্ডিত কৰিবলৈ আপোনাৰ/আপোনালোকৰ সদয় সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে।

অসম উদ্যান সমিতি, নগাঁও জিলা শাখাৰ উদ্যোগত কৃষি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক কৃষি গবেষণা কেন্দ্র, চিল...
07/01/2026

অসম উদ্যান সমিতি, নগাঁও জিলা শাখাৰ উদ্যোগত কৃষি বিভাগ, অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনস্থ মাণ্ডলিক কৃষি গবেষণা কেন্দ্র, চিলঙনী আৰু কৃষি বিজ্ঞান কেন্দ্ৰ, নগাঁৱৰ সহযোগত "২৬ তম্ বার্ষিক উদ্যান শস্যৰ প্ৰদৰ্শনী, মেলা ও প্রতিযোগিতা-২০২৬" অহা ইংৰাজী ২৩, ২৪, ২৫ জানুৱাৰী, ২০২৬ তাৰিখে আয়োজিত কৰা হৈছে।

এই উদ্যান মেলাখন সাফল্যমণ্ডিত কৰিবলৈ আপোনাৰ/আপোনালোকৰ সদয় সহায়-সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰা হৈছে।

১৪ নৱেম্বৰত কৃষি সঞ্চালকালয়ৰ বিষয়াসকলৰ অতিথি দলে নগাঁৱ জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত কিছু চক্ৰ পৰিদৰ্শন কৰি কৃষ...
15/11/2025

১৪ নৱেম্বৰত কৃষি সঞ্চালকালয়ৰ বিষয়াসকলৰ অতিথি দলে নগাঁৱ জিলাৰ কলিয়াবৰ কৃষি মহকুমাৰ অন্তৰ্গত কিছু চক্ৰ পৰিদৰ্শন কৰি কৃষি বিভাগে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ অধীনত তাত গ্ৰহণ কৰা কাম-কাজসমূহ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰে। সহকাৰী কৃষি সঞ্চালক ৰকিবুল ফাৰুকি নেতৃত্বাধীন দলটোৰ লগত জিলা কৃষি বিষয়া নিখিল নাৰায়ণ বৰুৱাকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে।

CMO Assam
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

১৩ নৱেম্বৰত কৃষি সঞ্চালকালয়ৰ পৰা অহা বিষয়াসকলে জিলা কৃষি কাৰ্যালয় নগাঁৱৰ কেইজনমান বিষয়া-কৰ্মচাৰীৰ সৈতে নগাঁও জিলাৰ ব...
14/11/2025

১৩ নৱেম্বৰত কৃষি সঞ্চালকালয়ৰ পৰা অহা বিষয়াসকলে জিলা কৃষি কাৰ্যালয় নগাঁৱৰ কেইজনমান বিষয়া-কৰ্মচাৰীৰ সৈতে নগাঁও জিলাৰ বিভিন্ন কৃষি চক্ৰ পৰিদৰ্শন কৰি কৃষি বিভাগে ৰূপায়ণ কৰা বিভিন্ন আঁচনিৰ অধীনত তাত গ্ৰহণ কৰা কাম-কাজসমূহ নিৰীক্ষণ আৰু পৰ্যালোচনা কৰে।

CMO Assam
Himanta Biswa Sarma
Atul Bora অতুল বৰা
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

18/10/2025

কৃষি বিভাগৰ তৰফৰ পৰা কৃষিজীৱী ৰাইজৰ মংগল কামনাৰে

16/08/2025
অসম চৰকাৰৰ উদ্যোগত আৰু নগাওঁ জিলা কৃষি বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) ৰ অধীনত, ২০২৫-২৬ বৰ্ষৰ বাবে আজি ন...
02/07/2025

অসম চৰকাৰৰ উদ্যোগত আৰু নগাওঁ জিলা কৃষি বিভাগৰ সহযোগত ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা (RKVY) ৰ অধীনত, ২০২৫-২৬ বৰ্ষৰ বাবে আজি নগাওঁ জিলাৰ দৰংগিয়াল গাঁৱত শালি ধানৰ কঠীয়াৰ সামূহিক নাৰ্চাৰী কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে জিলা উপায়ুক্ত শ্ৰীযুত দেৱাশীষ শৰ্মা মহোদয়ে। অনুষ্ঠানটিত লগতে উপস্থিত থাকে অতিৰিক্ত জিলা উপায়ুক্ত (কৃষি) শ্ৰীমতী মনোৰমা মৰাং, নগাওঁ জিলা কৃষি বিষয়া শ্ৰী নিখিল নাৰায়ণ বৰুৱা, সহকাৰী কৃষি সঞ্চালক ৰকিবুল ফাৰুকী, মহকুমা কৃষি বিষয়া (মুখ্য কাৰ্যালয়) শ্ৰী অসীম পাঠক, জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰী কল্যাণ গোস্বামী, সহকাৰী কৃষি পৰিদৰ্শক শ্ৰী দীপক শইকীয়া, কৃষি সম্প্ৰসাৰণ সহায়ক শ্ৰী জ্যোতি হাজৰিকা, মিডিয়া বিশেষজ্ঞ প্লাবিতা বৰগোহাঁই আৰু স্থানীয় কৃষকসকল।

CMO Assam Himanta Biswa Sarma
Atul Bora অতুল বৰা Department of Agriculture, Assam
Nagaon District Administration Janasanyog Nagaon জনসংযোগ নগাঁও

আজি বিহাৰৰ ভাগলপুৰত অনুষ্ঠিত 'কিষাণ সন্মান সমাৰোহ' অনুষ্ঠানৰ পৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ কল...
24/02/2025

আজি বিহাৰৰ ভাগলপুৰত অনুষ্ঠিত 'কিষাণ সন্মান সমাৰোহ' অনুষ্ঠানৰ পৰা দেশৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষকসকলৰ কল্যাণাৰ্থে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি'ৰ (PM-Kisan) ১৯ সংখ্যক কিস্তিৰ ধনৰাশি‌ মুকলি কৰে। সেই উপলক্ষ্যে আজি নগাওঁ জিলা কৃষি বিভাগৰ সহযোগত নগাওঁ কৃষি বিজ্ঞান কেন্দ্ৰত কৃষকসকলৰ সুবিধাৰ্থে কেন্দ্রীয়ভাৱে এখন সভা তথা অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ আয়োজন কৰা হয়। ইয়াৰ লগতে নগাওঁ কৃষি মহকুমা, ৰহা কৃষি মহকুমা আৰু কলিয়াবৰ কৃষি মহকুমাত এই অনুষ্ঠানৰ পোনপটীয়া সম্প্ৰচাৰৰ ব্যৱস্থা কৰা হয়।



CMO Assam
Atul Bora অতুল বৰা
Department of Agriculture, Assam
Nagaon District Administration
Janasanyog Nagaon জনসংযোগ নগাঁও

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে
23/02/2025

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

কৃষক ৰাইজৰ জ্ঞাতাৰ্থে

সমগ্ৰ দেশৰ লগতে অসমৰো প্ৰতিখন জিলাত প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি (পি এম কিষাণ) আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত যোগ্য হিতাধিকাৰীসকলৰ বাবে ১৯সংখ্যক কিস্তিৰ প্ৰত্যক্ষ লাভালাভ হস্তান্তৰ (DBT) প্ৰক্ৰিয়া অহা ২৪ ফেব্ৰুৱাৰী তাৰিখে মুকলি কৰা হ’ব।

মন কৰিব 👇

মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিহাৰৰ ভাগলপুৰৰ পৰা বিয়লি 🕑 ২ বজাত অনুষ্ঠিতব্য "কিষাণ সন্মান সমাৰোহ" অনুষ্ঠানৰ জৰিয়তে কৃষকসকলৰ কল্যাণাৰ্থে ১৯সংখ্যক কিস্তি মুকলি কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে অসমৰো প্ৰতিখন জিলাত আয়োজন হ'বলগীয়া "Live Telecast"ৰ কাৰ্যসূচীত সংযুক্ত হ'বলৈ কৃষক ৰাইজে তলৰ লিংকৰ জৰিয়তে কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত পঞ্জীয়ন কৰিব পাৰিব 👇

https://pmevents.mygov.in/en/login/


পঞ্জীয়ন প্ৰক্ৰিয়াত অসুবিধাৰ সন্মুখীন হ’লে সংশ্লিষ্ট জিলাৰ কৃষি উন্নয়ন বিষয়া/ কৃষি সম্প্ৰসাৰণ সহায়ক/ মিডিয়া বিশেষজ্ঞ/ এপাৰ্ট-আটমাৰ অধীনৰ এ টি এম আৰু বি টি এম-সকলৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।

Narendra Modi
Himanta Biswa Sarma
Atul Bora অতুল বৰা
CMO Assam
Directorate of Information and Public Relations, Assam

18/12/2024

📢 কৃষক ৰাইজৰ জ্ঞাতাৰ্থে...

প্ৰধানমন্ত্ৰী ফচল বীমা যোজনা (PMFBY)ৰ অধীনত ৰবি ২০২৪-২৫ বৰ্ষৰ বাবে মাকৈ, সৰিয়হ আৰু আলুৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম তাৰিখ : ৩১ ডিচেম্বৰ ২০২৪ আৰু বৰো ধান, কুঁহিয়াৰৰ শস্য বীমা পঞ্জীয়নৰ অন্তিম দিন : ১৫ ফেব্ৰুৱাৰী ২০২৫। 🌽🌾

শস্য বীমাকৰণৰ বাবে ইচ্ছুক কৃষক ৰাইজক বিভাগীয় কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হ'ল।

Himanta Biswa Sarma
CMO Assam
Atul Bora অতুল বৰা
Directorate of Information and Public Relations, Assam

Address

MG Road, Near Government Urban Basic & High Schools, Milanpur, Palashani
Nagaon
782001

Website

Alerts

Be the first to know and let us send you an email when District Agriculture Office, Nagaon posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share