04/06/2026
মৰিগাঁও জিলা কৃষি বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজিত "খেত বচাও অভিযান" শীৰ্ষক অনুষ্ঠানৰ অংশ স্বৰূপে বৃহস্পতিবাৰে কেইবাটাও কাৰ্যসূচী ৰুপায়ন কৰা হয়। জিলা খনৰ ১২টা কৃষি উন্নয়ন চক্ৰ সামৰি শিলচাঙ, দন্দুৱা, ধূমকোৰা, বহা বৰঝাৰি, দলৈ গাঁও, ঘগুৱা, মিকিৰ গাঁও, বুৰাবুৰী, মিকিৰ ভেটা, তিনি চুকীয়া-মাহমৰা, এজাৰবৰী আৰু কুশতলী গাঁও পঞ্চায়তত কাৰ্যসূচী ৰুপায়ন কৰা হয়। মাহজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই কাৰ্যসূচীৰ জৰিয়তে কৃষক সকলৰ মাজত সু-স্বাস্থ্য মাটি, শক্তিশালী কৃষক, সমৃদ্ধ ভাৰত এই উদ্দেশ্যে আগত ৰাখি এই অভিযান আৰম্ভ কৰা হৈছে। অনুষ্ঠানত কৃষি ভূমিত সঠিক সাৰ প্ৰয়োগৰ জৰিয়তে মাটিৰ উৰ্বৰতা ৰক্ষা কৰি কিদৰে অধিক শস্য উৎপাদন কৰিব পাৰি সেই সন্দৰ্ভত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। ইয়াৰ উপৰি কৃষি বিভাগৰ দ্বাৰা ৰূপায়িত বিভিন্ন আঁচনি যেনে ফচলবীমা যোজনা, কৃষি মেপাৰ, প্ৰাকৃতিক কৃষি, জৈৱিক কৃষি, কৃষক পঞ্জীয়ন, নূন্যতম সমৰ্থিত মূল্যত ধান ক্ৰয় প্ৰক্ৰিয়া সন্দৰ্ভত বিতংভাৱে আলোকপাত কৰাৰ লগতে আঁচনি সমূহৰ সুবিধা লাভ কৰিবলৈ আহ্বান জনোৱা হয়। আজি আয়োজিত অনুষ্ঠানত কৃষি উন্নয়ন বিষয়া, কৃষি উপ পৰিদৰ্শক,কৃষি সম্প্ৰসাৰণ সহায়ক সকল, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী সকলৰ লগতে সংশ্লিষ্ট বিষয়া কৰ্মচাৰী সকল উপস্থিত থাকে। উল্লেখ্য যে, মৰিগাঁও জিলা কৃষি বিভাগে কৃষক সকলৰ সুবিধাৰ্থে জিলা খনৰ আটাইকেইটা গাঁও পঞ্চায়ত সামৰি ৩০ জুনলৈ "খেত বচাও অভিযান" শীৰ্ষক কাৰ্যসূচী ৰুপায়নৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে।
CMO Assam
Himanta Biswa Sarma
Morigaon District Administration
Department of Agriculture, Assam
Directorate of Information and Public Relations, Assam