31/05/2026
বিশ্ব ধঁপাত বিৰোধী দিৱস উপলক্ষে আজি মৰিগাঁও জিলা ধঁপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত এটা সজাগতা সমদল উলিওৱাৰ লগতে পবিতৰা হাটত এখন সজাগতা সভাৰ আয়োজন কৰা হয়। ধঁপাত সেৱনৰ ক্ষতিকাৰক প্ৰভাৱ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়।
সহকাৰী আয়ুক্ত শ্ৰী সন্তোষ বুঢ়াগোহাঁই আৰু লেখিকা সমাৰোহ সমিতিৰ সাধাৰণ সম্পাদিকা শ্ৰীমতী অৰ্চনা শৰ্মাই জিলা ধঁপাত নিয়ন্ত্ৰণ কাৰ্যসূচীৰ ন'ডেল বিষয়া ডাঃ জয়া প্ৰভা বড়ো, শ্ৰী জ্যোতিষ বৰ্মন তথা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ বিষয়ববীয়া আৰু কৰ্মচাৰীৰ উপস্থিতিত সজাগতা সমদলটোৰ শুভাৰম্ভ কৰে।
সমদলত জিএনএম প্ৰশিক্ষণ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰীসকলে ধঁপাত বিৰোধী বিভিন্ন শ্লোগান আৰু বাৰ্তাসম্বলিত ফলক লৈ জনসাধাৰণৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰে।
ৰেলীৰ অন্তত পবিতৰা হাটত অনুষ্ঠিত সভাত বিভিন্ন সংগঠনৰ সদস্য, অংগনৱাড়ী কৰ্মী, স্থানীয় বাসিন্দা, ছাত্ৰ-ছাত্ৰী আৰু বহু সংখ্যক সাধাৰণ লোক উপস্থিত থাকে।
সভাত বক্তব্য ৰাখি ডাঃ জয়া প্ৰভা বড়োৱে ধঁপাত সেৱনৰ ফলত স্বাস্থ্য আৰু পৰিৱেশৰ ওপৰত পৰা বিৰূপ প্ৰভাৱ সম্পৰ্কে এক বিস্তৃত অডিঅ'-ভিজুৱেল উপস্থাপন কৰে। তেওঁ উল্লেখ কৰে যে ধঁপাত সেৱন বিশ্বজুৰি অসংক্ৰামক ৰোগৰ অন্যতম মুখ্য কাৰণ আৰু ধঁপাতজনিত বিভিন্ন ৰোগত প্ৰতি বছৰে প্ৰায় ৮০ লাখ লোকৰ মৃত্যু হয়।
তেওঁ লগতে কয় যে অসমত প্ৰায় ৪৮.২ শতাংশ প্ৰাপ্তবয়স্ক লোকে কোনো নহয় কোনো ধৰণৰ ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰে, যি এক গুৰুতৰ জনস্বাস্থ্যজনিত সমস্যা। ডাঃ বড়োৱে উপস্থিত সকলোকে ধঁপাতজাতীয় সামগ্ৰী পৰিহাৰ কৰাৰ আহ্বান জনোৱাৰ লগতে পৰিয়াল আৰু সমাজত ধঁপাত বিৰোধী সজাগতা বৃদ্ধি কৰিবলৈ আহ্বান জনায়।
কাৰ্যসূচীৰ অংশৰূপে লেখিকা সমাৰোহ সমিতিৰ সদস্যসকলে "মানুহে মানুহৰ বাবে" শীৰ্ষক গীতটি পৰিৱেশন কৰে।
অনুষ্ঠানৰ সামৰণিত উপস্থিত সকলোৱে ধঁপাত বিৰোধী শপত গ্ৰহণ কৰে। ধঁপাতমুক্ত জীৱন যাপন আৰু এখন সুস্থ, সচেতন তথা ধঁপাতমুক্ত সমাজ গঢ়ি তোলাৰ সংকল্পৰে কাৰ্যসূচীৰ সফল সামৰণি পৰে।...................
As part of the observance of World No To***co Day, the District To***co Control Cell, Morigaon, organized a rally and a public awareness meeting at Pobitora Hut on Saturday with the objective of spreading awareness about the harmful effects of to***co consumption and promoting a to***co-free society.
The awareness rally was flagged off by Shri Santosh Buragohain, Assistant Commissioner, Morigaon, and Smt. Archana Sharma, General Secretary of Lekhika Samaroh Samity, in the presence of District Nodal Officer for To***co Control Dr. Jaya Prabha Bodo, Shri Jyotish Barman, and officials from the Office of the Joint Director of Health Services, Morigaon.
Students of the GNM Training School actively participated in the rally, carrying placards and raising awareness messages against to***co use. The rally passed through important areas around Pobitora Hut, drawing the attention of local residents and visitors towards the importance of leading a to***co-free life.
Following the rally, a public meeting was held at Pobitora Hut, which witnessed participation from members of various organizations, Anganwadi Workers, local residents, students, and members of the general public.
Addressing the gathering, Dr. Jaya Prabha Bodo delivered an elaborate audiovisual presentation highlighting the adverse effects of to***co on human health as well as on the environment. She informed the audience that to***co consumption is one of the leading causes of non-communicable diseases worldwide and is responsible for nearly eight million deaths globally every year due to various to***co-related illnesses.
Dr. Bodo further pointed out that to***co use remains a major public health concern in Assam, where approximately 48.2 percent of the adult population consumes to***co in one form or another. She appealed to all present to refrain from the use of to***co products and encouraged them to spread awareness among their families and communities about its harmful consequences.
The programme also featured a cultural segment wherein members of the Lekhika Samaroh Samity rendered the inspirational song “Manuhe Manuhor Babe,” conveying the message of social responsibility, compassion, and collective well-being.
The programme concluded with all participants taking the No To***co Pledge, reaffirming their commitment to staying away from to***co and working towards building a healthier and to***co-free society.
***coDay ***coControlCell ***coFreeAssam ***co ***coPledge ***coControlAct
CMO Assam Himanta Biswa Sarma Anamika Tewari National Health Mission,Assam National Health Mission,Morigaon