29/08/2026
নমস্কাৰ সকলোকে। 🙏
আমাৰ মৰাণ মহাবিদ্যালয়খন কেৱল পঢ়া-শুনাৰ ঠাই নহয়, ই আমাৰ সকলোৰে আপোন ঘৰ। ❤️
এই আপোন ঘৰখন পৰিষ্কাৰ, সুন্দৰ আৰু স্বাস্থ্যকৰ কৰি ৰখাৰ উদ্দেশ্যে আজি মহাবিদ্যালয়ৰ বিভিন্ন বিভাগলৈ ডাষ্টবিন আৰু ঝাড়ু বিতৰণৰ এক সৰু প্ৰয়াস কৰা হৈছে। 🧹♻️
এয়া হয়তো এটা সৰু পদক্ষেপ, কিন্তু আমি সকলোৱে যদি নিজৰ নিজৰ ঠাইখন পৰিষ্কাৰ কৰি ৰখাৰ দায়িত্ব লওঁ, তেন্তে এই সৰু প্ৰয়াসটোৱেই এদিন এটা ডাঙৰ পৰিৱৰ্তন আনিব পাৰে।
আহক, কেৱল পৰিষ্কাৰ মহাবিদ্যালয়ৰ সপোন নেদেখি, আমি নিজেই তাৰ বাবে এটা সৰু পদক্ষেপ লওঁ। ❤️
আহক, নিজৰ মহাবিদ্যালয়খনক নিজৰ ঘৰ বুলি ভাবি পৰিষ্কাৰ কৰি ৰাখোঁ। 🤝
— প্ৰৱাল প্ৰতিম গগৈ
সমাজ সেৱা সম্পাদক, মৰাণ মহাবিদ্যালয়