29/04/2024
দ্বাদশ প্ৰতিষ্ঠা দিৱস,
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ।
-----------------------------------------------
সাংগঠনিক অভিন্দন গ্ৰহণ কৰিব।আজি ২৯ এপ্ৰিল, অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ চমুকৈ ASSPৰ প্ৰতিষ্ঠা দিৱস।২০১২চনৰ ২৯ এপ্ৰিল তাৰিখে অসমৰ লাঞ্ছিত বঞ্চিত, নিপীড়িত, নিস্পেক্ষিত, অবহেলিত, নিৰ্যাতিত, জনতাৰ এক অপ্ৰতিৰোধ্য প্ৰতিবাদী কণ্ঠ ৰুপে আত্মপ্ৰকাশ কৰা বিশেষকৈ ধৰ্মীয় আৰু ভাষিক সংখ্যালঘু সকলৰ সামাজিক, ৰাজনৈতিক, আৰ্থিক আৰু সাংস্কৃতিক অধিকাৰৰ ক্ষেত্ৰত সম অধিকাৰ, সমমৰ্যদা, সম বিকাশ প্ৰতিষ্ঠা কৰাৰ অৰ্থে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে জন্ম লাভ কৰে।
এই সুযোগতে যিসকল মনিষীৰ মহান ত্যাগ, চিন্তা আৰু দৰ্শনৰ ফলশ্ৰুতিত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ নামৰ এই অৰাজনৈতিক সংগঠনটিৰ জন্ম হৈছিল, সেই মহান ব্যক্তিসকলক দ্বাদশ প্ৰতিষ্ঠা দিৱসৰ পৱিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সোঁৱৰিছো, কৃতজ্ঞতা জ্ঞাপন কৰিছো।অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি, তথা সংগঠনটিৰ আদৰ্শ মৰহুম নজিৰ উদ্দিন আহমেদ চাহাবৰ নেতৃত্বত গঢ় লৈ উঠা এই অৰাজনৈতিক সংগঠনটিত নিজকে এগৰাকী কৰ্মকৰ্তা হিচাপে সেৱা আগবঢ়াব পাই গৌৰৱ অনুভৱ কৰিছো।
সেয়ে এই শুভ মুহূৰ্তত যাৰ চিন্তা আৰু দৰ্শনত অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ জন্ম, সেই মহান আত্মত্যাগী সংগ্ৰামী সত্তা, আপোচহীন বলিষ্ঠ কণ্ঠ, সংখ্যালঘু সকলৰ হিয়াৰ আমঠু, #সদৌ_অসম #সংখ্যালঘু_ছাত্ৰ_ইউনিয়ন_চমুকৈ_আমছুৰ #প্ৰাক্তন_কেন্দ্ৰীয়_সভাপতি_তথা_অসম_সংখ্যালঘু #সংগ্ৰাম_পৰিষদৰ_প্ৰতিষ্ঠাপক_কেন্দ্ৰীয় #সভাপতি_প্ৰয়াত_নজিৰ_উদ্দিন_আহমেদ চাহাবৰ বিদেহী আত্মাৰ মাগফিৰাত কামনা কৰিলো।
অইন অইন বছৰৰ দৰে এইবেলিও অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ দ্বাদশ প্ৰতিষ্ঠা দিৱসটি দৰং জিলাৰ, দলগাওঁ কল্যাণ পঞ্চায়তৰ সমুহীয়া ভৱনত কেন্দ্ৰীয় ভাৱে পালন কৰা হয়।সেয়ে অসমৰ সকলো স্তৰৰ জনসাধৰনলৈ সংগ্ৰামী অভিনন্দন জনোৱাৰ লগতে অসম সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এগৰাকী সদস্য হিচাপে আকৌ এবাৰ পণ ললো, অসম আৰু অসমীয়াৰ লগতে ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সকলৰ ন্যায্য অধিকাৰ বিচাৰি আপোচহীন সংগ্ৰাম অব্যাহত থাকিব, আমি যুজি যাম, জাতিৰ হকে, দেশ আৰু দশৰ হকে, অসম আৰু অসমীয়াৰ হকে।
জয় আই অসম,
গাধোৱা ও খাৰপুৰি আঞ্চলিক,
অসম সংখ্যালঘু সংগ্ৰাম পৰিষদ জিন্দাবাদ।